
শেহতীয়াকৈ অসমৰ এটা ফেচবুক একাউণ্টত অসমৰ এক সংবাদ প্ৰতিষ্ঠান প্ৰাগ নিউজৰ ল’গো ব্যৱহাৰ ব্যৱহাৰ কৰি অসমৰ বিশিষ্ট সাংবাদিক,সাহিত্যিক তথা ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ অজিত কুমাৰ ভূঞাৰ ফটোত লিখা হৈছে – ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ অজিত কুমাৰ ভূঞাৰ মৃত্যু। GMCHৰ ICUত চিকিত্সাধীন আছিল সাংবাদিকগাৰকী। এইদৰে প্ৰাক্তন সাংসদগৰাকীৰ মৃত্যু ঘটা বুলি দাবী কৰা হৈছে।

কিন্তু দাবীটো সত্য হয়নে?
আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।
সত্যতা নিৰূপণ পদ্ধতি
অনুসন্ধানৰ আৰম্ভণিতে আমি সেই সেই ফটোখন ভালকৈ পৰ্যবেক্ষণ কৰি দেখিলোঁ যে তাত ব্যৱহাৰ কৰা আখৰবোৰৰ ফণ্টৰ তাৰতম্য আছে। ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ অজিত কুমাৰ আৰু GMCHৰ ICUত চিকিত্সাধীন শব্দকেইটাৰ ফণ্টৰ লগত ভূঞাৰ মৃত্যু আৰু আছিল শব্দকেইটাৰ ফন্টৰ মিল নাই।

ফটোখনত প্ৰাগ নিউজৰ ল’গো থকা বাবে আমি প্ৰাগ নিউজৰ সামাজিক মাধ্যমত সেই বাতৰিৰ সন্ধান কিৰিলোঁ। তেতিয়া আমি দেখিলোঁ যে প্ৰাগ নিউজে এয়া ভূৱা বাতৰি বুলি প্ৰকাশ কৰি স্পষ্টীকৰণ এটা দেখিলোঁ। তাত কোৱা হৈছে যে প্ৰাগ নিউজৰ ল’গো ব্যৱহাৰ কৰি অজিত ভূঞাৰ মৃত্যুৰ মিছা বাতৰি প্ৰতাৰ কৰা হৈছে।

সেই পোষ্টটোতেই আমি দেখিলোঁ যে তেওঁলোকে অজিত কুমাৰ ভূঞা জিএমচিএইচত ভৰ্তি হোৱা বাতৰিটোও সংলগ্ন কৰি দিয়া দেখিলোঁ।

আমি আনকি প্ৰাক্তন সাংসদগৰাকী জিএমচিএইচত চিকিত্সাধীন হৈ থকা আৰু বৰ্তমান স্বাস্থ্য সুস্থিৰ হোৱা বাতৰিটোও পালোঁ। বাতৰিটোত আমি জানিব পাৰিলোঁ যে ভূঞা হাইপাৰটেনছন, গেষ্ট্র’এনট্ৰ’ল’জী ৰোগত আক্ৰান্ত হোৱাৰ লগতে মধুমেহ আৰু অন্য একাধিক ৰোগত আক্ৰান্ত হৈছিল। বাতৰিটোত জিএমচিএইচৰ অধীক্ষক ডাঃ দেৱজিত চৌধুৰীয়ে উল্লেখ কৰিছে যে ইতিমধ্যেই তেখেতৰ এটা সৰু অস্ত্ৰোপচাৰ সম্পন্ন কৰা হৈছে আৰু বৰ্তমান তেখেতৰ স্বাস্থ্য সুস্থিৰ।

এই সম্পৰ্কত আমি প্ৰাগ নিউজৰ কাৰ্যবাহী সম্পাদক দেৱজিত ভূঞাৰ সৈতেও কথা পাতিলোঁ। তেখেতে আমাক কয় যে প্ৰাগ নিউজে প্ৰকাশ কৰা অজিত কুমাৰ ভূঞাৰ অসুস্থতাৰ বাতৰিটোকে সম্পাদনা কৰি তেখেতৰ বিয়োগ ঘটা বুলি মিছাকৈ প্ৰকাশ কৰা হৈছে। মূল বাতৰিটো আৰু ভাইৰেল হোৱা মিছা বাতৰিটোৰ তুলনা তলত দিয়া হৈছে।

ইয়াৰ পাছত আমি জিএমচিএইচৰ অধীক্ষক ডাঃ দেৱজিত চৌধুৰীৰ সৈতেও যোগাযোগ কৰি জানিব পাৰিলোঁ যে অজিত কুমাৰ ভূঞাৰ স্বাস্থ্য বৰ্তমান উন্নত আৰু শীঘ্ৰেই হয়তো তেখেতক হাস্পতালৰ পৰা ঘৰলৈ যাবলৈ দিয়া হ’ব।
ইয়াৰ পৰাই প্ৰমাণ হয় যে অজিত কুমাৰ ভূঞাৰ বিয়োগ ঘটা বুলি প্ৰচাৰ কৰা তথ্যটো মিছা। প্ৰকৃততে ভূঞাক জিএমচিএইচত ভৰ্তি কৰোৱা প্ৰাগ নিউজৰ বাতৰিটোকে সম্পাদনা কৰি তেখেতৰ বিয়োগ ঘটা বুলি মিছাকৈ প্ৰচাৰ কৰা হৈছে।
যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে,সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।
যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:
ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ


