
বিহাৰৰ ভোজপুৰ জিলাৰ বাসিন্দা ২৮ বছৰীয়া ভৰত ভূষণ তিৱাৰীৰ যোৱা ১৭ জুনত আৰক্ষীৰ এনকাউণ্টাৰত মৃত্যু হয়। ইয়াৰ পাছতে বিহাৰত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। বিহাৰ চৰকাৰে এই সন্দৰ্ভত ন্যায়িক তদন্তৰ নিৰ্দেশ দিছে, আনহাতে আৰক্ষীয়ে এই এনকাউণ্টাৰৰ পক্ষ লৈ দাবী কৰিছে যে আত্মৰক্ষাৰ বাবেহে আৰক্ষীয়ে ভৰত তিৱাৰীৰ এনকাউণ্টাৰ কৰিবলগীয়া হৈছিল। এই পটভূমিত এক বৃহৎ জনসমাগমৰ দৃশ্য ভাইৰেল হৈছে ছ’চিয়েল মিডিয়াত য’ত দাবী কৰা হৈছে যে সেয়া ভৰত তিৱাৰীৰ এনকাউণ্টাৰৰ পাছত গাঁওবাসী সমবেত হোৱা দৃশ্য।
Facebook Link | Archived Link.
আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ।
সত্যতা নিৰূপণ পদ্ধতি
আমি প্ৰথমে ভাইৰেল ভিডিঅ’টোৰ স্ক্ৰীনশ্বটৰ ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰিলোঁ আৰু তেতিয়া এটা ইনষ্টাগ্ৰাম হেণ্ডলত এই ভিডিঅ’টো ২০২৬ চনৰ ৪ জুনত আপলোড হোৱা দেখিলোঁ। ইয়াৰদ্বাৰা স্পষ্ট হৈ পৰিল যে ভাইৰেল ভিডিঅ’টো ভৰত তিৱাৰীৰ এনকাউণ্টাৰৰ আগৰেই।

অধিক তথ্যৰ বাবে আমি ব্যৱহাৰকাৰীজনৰ সৈতে যোগাযোগ কৰিলোঁ। তেওঁ আমাক জনায় যে এই ঘটনাটো ঝাৰখণ্ডৰ পালামু জিলাৰ জাপলাৰ, য’ত এক খনন দুৰ্ঘটনাত এজন যুৱকৰ মৃত্যুৰ পাছত এইদৰে ওচৰৰ বাসিন্দাসকল গোট খাইছিল।
ইয়াকে সমল হিচাপে লৈ আমি প্ৰাসংগিক কী-ৱ’ৰ্ড ছাৰ্চ কৰিলোঁ আৰু তেতিয়া এই ঘটনা সন্দৰ্ভত আমি কেইবাটাও প্ৰতিবেদন পালোঁ। প্ৰতিবেদন অনুসৰি হুছেইনাবাদ আৰক্ষী থানাৰ অধীনস্থ দমদামী খনন এলেকাত অৱস্থিত গভীৰ পানীৰে ভৰা খনন গাঁতত (mining pit) ডুব যায় ২৪ বছৰীয়া লৱকুছ কুমাৰ। তদন্তৰ অন্তত আৰক্ষীয়ে খনি পৰিচালককে ধৰি তিনিজন ব্যক্তিৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে।
চলি থকা অনুসন্ধান আৰু উদ্ধাৰ অভিযানৰ বিষয়ে জানিবলৈ উদ্বিগ্নতাৰে অপেক্ষা কৰি বৃহৎ সংখ্যক বাসিন্দা সেই স্থানত সমবেত হয়।

পুনৰ অনুসন্ধান কৰি আমি News11 Bharat নামৰ ইউটিউব চেনেলত ২০২৬ চনৰ ৩ জুনৰ এক ভিডিঅ’ প্ৰতিবেদন পালোঁ। বিৱৰণ অনুসৰি খনিৰ গাঁতত এজন যুৱক ডুব যোৱাৰ পাছত আৰক্ষী আৰু এন ডি আৰ এফৰ দলে উদ্ধাৰ অভিযান আৰম্ভ কৰে।
ইয়াৰদ্বাৰা স্পষ্ট হৈ পৰিল যে ভাইৰেল ভিডিঅ’টো পুৰণি আৰু ভৰত তিৱাৰীৰ এনকাউণ্টাৰৰ সৈতে সম্পৰ্কিত নহয়।
ফলাফল
আমাৰ অনুসন্ধানৰ পৰা আমি ক’ব পাৰোঁ যে ভাইৰেল দাবীটো বিভ্ৰান্তিকৰ। ভাইৰেল ভিডিঅ’টো ভৰত তিৱাৰীৰ এনকাউণ্টাৰৰ সৈতে সম্পৰ্কিত নহয়। ভিডিঅ’টো ঝাৰখণ্ডৰ এক খনিত হোৱা দুৰ্ঘটনাৰ পাছতৰহে।
যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।
যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:
ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ


