Archives

বাংলাদেশৰ পুৰণি ভিডিঅ’ জবলপুৰৰ ক্ৰুজ দুৰ্ঘটনাৰ দৃশ্য বুলি ভাইৰেল।

শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ ভাইৰেল হৈছে যিটো অলপতে মধ্য প্ৰদেশৰ জবলপুৰৰ বৰ্গী বান্ধৰ ওচৰত হোৱা ক্ৰুজ দুৰ্ঘটনাৰ দৃশ্য বুলি দাবী কৰা হৈছে। Facebook Link | Archived Link  আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ। সত্যতা নিৰূপণ পদ্ধতি  আমি প্ৰথমে ভাইৰেল ভিডিঅ’টোৰ স্ক্ৰীনশ্বটৰ ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰিলোঁ। তেতিয়া ২০২৫ চনৰ ২৬ ডিচেম্বৰৰ‌এটা […]

Continue Reading

ইৰাণৰ শেহতীয়া ১৪ দফীয়া প্ৰস্তাৱঃ এক সংক্ষিপ্ত ব্যাখ্যা। 

File Photo:- AP  পাতনিঃ আমেৰিকা-ইজৰাইলৰ যৌথ আক্ৰমণৰ পাছত ২০২৬ চনৰ ফেব্ৰুৱাৰী মাহৰ শেষৰ ফালে আৰম্ভ হোৱা যুদ্ধৰ অন্ত পেলোৱাৰ লক্ষ্যৰে ২০২৬ চনৰ মে’ মাহৰ আৰম্ভণীতে ইৰাণে পাকিস্তানী মধ্যস্থতাকাৰীৰ জৰিয়তে আমেৰিকালৈ ১৪টা দফাৰ নতুন প্ৰস্তাৱ দাখিল কৰিছে। এই প্ৰস্তাৱত বৰ্তমানৰ ভংগুৰ যুদ্ধবিৰতিক ৩০ দিনৰ ভিতৰত স্থায়ী শান্তি নিষ্পত্তিলৈ ৰূপান্তৰিত কৰিব বিচৰা হৈছে। কিন্তু আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড […]

Continue Reading

জবলপুৰৰ নৰ্মদা নদীৰ বৰ্গী বান্ধৰ ওচৰত হোৱা ক্ৰুজ দুৰ্ঘটনাত নিহত মাতৃ-পুত্ৰৰ এই ভাইৰেল ফটোখন কৃত্ৰিম বুদ্ধিমত্তাৰে সৃষ্ট।

শেহতীয়াকৈ মধ্যপ্ৰদেশৰ জবলপুৰৰ নৰ্মদা নদীৰ বৰ্গী বান্ধৰ ওচৰত এখন ক্ৰুজ বাগৰি পৰে আৰু কমেও ৯ জন লোকৰ মৃত্যু হয়। এই মৰ্মান্তিক ঘটনাৰ পাছত উদ্ধাৰ হয় এগৰাকী মাতৃ আৰু তেওঁৰ চাৰি বছৰীয়া শিশুটিৰ মৃতদেহ। খবৰ অনুসৰি মাতৃ আৰু পুত্ৰই একেটা লাইফ জেকেট পিন্ধি আছিল আৰু মাতৃয়ে তেতিয়াও নিজৰ সন্তানক বুকুত আঁকোৱালি লৈ আছিল। এই পটভূমিত ছ’চিয়েল […]

Continue Reading

এগৰাকী যুৱতীয়ে এজন পুৰুষক চেণ্ডেলেৰে প্ৰহাৰ কৰাৰ এই ভিডিঅ’টো দিল্লী বিশ্ববিদ্যালয়ৰ নহয়।

শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ ভাইৰেল হৈছে য’ত দেখা গৈছে যে এদল লোকৰ মাজত এগৰাকী যুৱতীয়ে গাড়ী এখনৰ ভিতৰত বহি থকা এজন পুৰুষক চেণ্ডেলেৰে মৰিয়াইছে। দাবী কৰা হৈছে যে দিল্লী বিশ্ববিদ্যালয়ৰ এই ছাত্ৰীগৰাকীয়ে ‘বাংলাদেশী জেহাদীক’ এইদৰে মৰিয়াইছে। ভিডিঅ’টো ফেচবুকত শ্বেয়াৰ কৰি ব্যৱহাৰকাৰীয়ে লিখিছে এইদৰে, ‘দিল্লী বিশ্ববিদ্যালয়ত হিন্দু ছোৱালীক প্ৰেম জেহাদত প্ৰলোভিত কৰিবলৈ মিছা পৰামৰ্শ দি […]

Continue Reading

গ্ৰেট নিকোবৰ দ্বীপ উন্নয়ন প্ৰকল্পঃ এক আলোচনা। 

পাতনিঃ গ্ৰেট নিকোবৰ দ্বীপ উন্নয়ন প্ৰকল্প হৈছে আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ গ্ৰেট নিকোবৰ দ্বীপৰ বাবে ভাৰত চৰকাৰে প্ৰস্তাৱ কৰা এক বৃহৎ আন্তঃগাঁথনিমূলক পদক্ষেপ। আন্দামান আৰু নিকোবাৰ দ্বীপপুঞ্জ সংহত উন্নয়ন নিগমৰ নেতৃত্বত চলিবলগীয়া এই প্ৰকল্পৰ লক্ষ্য হৈছে আন্তঃৰাষ্ট্ৰীয় কণ্টেইনাৰ ট্ৰেন্সশ্বিপমেণ্ট টাৰ্মিনেল, দ্বৈত ব্যৱহাৰৰ বাবে অসামৰিক আৰু সামৰিক বিমানবন্দৰ, বিদ্যুৎ কেন্দ্ৰ আৰু এখন চহৰ নিৰ্মাণ কৰা। এই […]

Continue Reading

এয়া বাংলাদেশৰ বন বিভাগৰ শেহতীয়াকৈ প্ৰৱৰ্তন কৰা নতুন ইউনিফৰ্ম নহয়।     

শেহতীয়াকৈ অসমৰ এটা ফেচবুক একাউণ্টত ২৬ এপ্ৰিল ২০২৬ত এখন ফটো আপলোড কৰি সেয়া বাংলাদেশৰ বন বিভাগৰ নতুন পোচাক বুলি দাবী কৰিছে। ফটোখনত দুগৰাকী ব্যক্তিয়ে জন্তুৰ চালৰ পোচাক পিন্ধি থকা দেখা গৈছে। লিখিছে- বাংলাদেশ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ নতুন পোচাক,,,চিকাৰী দেখিলেই এক মিনিটত খাটনা কৰি দিয়া হ’ব।। Facebook Link Archived Link কিন্তু দাবীটো সত্য হয়নে? আমি ফেক্ট ক্ৰেছেণ্ডো […]

Continue Reading

ভাইৰেল ভিডিঅ’টোৰ পথ দুৰ্ঘটনাত নিহত নাগাৰা নামৰ শিল্পী নিশামণি হালৈৰ নহয়।

যোৱা ২৪ এপ্ৰিলৰ পুৱতি নিশা এক পথ দুৰ্ঘটনাত “ভাস্কৰজ্যোতি বিহু হুঁচৰি দল” নামৰ বিহু হুঁচৰি দলটিৰ এগৰাকী বিহুৱতী তথা নাগাৰা নামৰ পাঠিকা নিশামণি হালৈৰ মৃত্যু হয় আৰু আন কেইগৰাকী সদস্য আঘাতপ্ৰাপ্ত হয়। এই পৰিপ্ৰেক্ষিতত নাগাৰা নাম পৰিৱেশন কৰি থকা পাঠিকা এগৰাকীৰ ভিডিঅ’ ভাইৰেল হৈছে ছ’চিয়েল মিডিয়াত। দাবী কৰা হৈছে যে সেয়া পথ দুৰ্ঘটনাত মৃত্যু হোৱা […]

Continue Reading

তৃণমূল কংগ্ৰেছে প্ৰথম পৰ্যায়ত ১৫,১৬খনো আসন নাপায় বুলি নেতা অনুব্ৰত মণ্ডলে কোৱা নাই।  

শেহতীয়াকৈ অসমৰ কেইটামান ফেচবুক একাউণ্টত ২৪ এপ্ৰিল ২০২৬ত পশ্চিমবংগৰ তৃণমূল কংগ্ৰেছৰ এগৰাকী জ্যেষ্ঠ নেতা অনুব্ৰত মণ্ডলে সংবাদ মাধ্যমৰ আগত দিয়া এটা মন্তব্য আপলোড কৰি দাবী কৰিছে যে শেহতীয়া পশ্চিমবংগ বিধানসভা নিৰ্বাচনৰ প্ৰসংগত তেওঁ কৈছে যে এই ভোটগ্ৰহণত তৃণমূল কংগ্ৰেছে প্ৰথম পৰ্যায়ত ১৫-১৬খন আসনো লাভ নকৰে। তেওঁৰ মণ্ডব্যত শুনা গৈছে যে – “প্ৰথম পৰ্যায়ত ১৫-১৬খন আসনও […]

Continue Reading

পুৰণি ভিডিঅ’ পশ্চিমবংগৰ শেহতীয়া বিধানসভা নিৰ্বাচনৰ সময়ৰ বুলি ভাইৰেল।

শেহতীয়াকৈ পশ্চিমবংগৰ বিধানসভা নিৰ্বাচনৰ সময়ত ভোটগ্ৰহণ কেন্দ্ৰৰ সমীপত তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলোৱাৰ বাবে দুগৰাকী ব্যক্তিক আৰক্ষীয়ে লাঠীৰে প্ৰহাৰ কৰা বুলি দাবী কৰা এটা ভিডিঅ’ ভাইৰেল হৈছে ছ’চিয়েল মিডিয়াত।  Facebook Link  Facebook Link  Archived Link. আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ। সত্যতা নিৰূপণ পদ্ধতি  আমি প্ৰথমে ভাইৰেল ভিডিঅ’টোৰ স্ক্ৰীনশ্বটৰ ৰিভাৰ্ছ […]

Continue Reading

২০২৪ৰ জানুৱাৰীত জাপানত অহা ভূমিকম্পৰ দৃশ্যকে বিভ্ৰান্তিকৰভাৱে ২০২৬ৰ ২১ এপ্ৰিলত জাপানত অহা ভূমিকম্পৰ দৃশ্য বুলি প্ৰচাৰ। 

শেহতীয়াকৈ অসমৰ এটা ফেচবুক একাউণ্টত ২১ এপ্ৰিল ২০২৬ত এটা ভিডিঅ’ আপলোড কৰি সেয়া ২০ এপ্ৰিল ২০২৬ত জাপানত ৭.৪ ৰিখটাৰ প্ৰাবল্যৰ ভূমিকম্পৰ দৃশ্য বুলি দাবী কৰিছে। দৃশ্যটোত লিখিছে–  কালি জাপানত 7’4ৰিখটাৰ স্কেলত বিধ্বংসী ভুমিকম্প। আজি পুৱা বৰষুণৰ মাজতে অসমত 5’2 ৰিঃ ভুমিকম্প। ৰাজনীতিৰ নেতাৰ ঘৃণা ভৰা ভাষণৰ বিশৃংখলতা সৃষ্টিত। মানুহে মনৰ পৰা পৃথিবীখনৰ অৱস্হিতিকেই হেৰাইছে। জাপানত […]

Continue Reading