ভাৰত-পাকিস্তানৰ মাজত মিঠাই বিনিময়ৰ ভাইৰেল ভিডিঅ'টো ২০১৫ চনৰ হয়!
ফেচবুক পোষ্টৰ | সংৰক্ষিত পোষ্ট
দেৱালীৰ ঠিক পাছতেই এটা বিশেষ ভিডিঅ'
ছচিয়েল মিডিয়াৰ দ্বাৰা সমগ্ৰ দেশতে ভাইৰেল হৈ পৰিছে । ফেচবুক আৰু হোৱাটচ এপ্পত বিশেষকৈ বহুল ভাৱে প্ৰচাৰ হোৱা এই ভিডিঅ'টোত ভাৰত আৰু পাকিস্তানৰ সৈন্যক মিঠাই আৰু নানা উপহাৰ বিনিময় কৰা দেখা গৈছে । ভিডিঅ'টো শ্বেয়াৰ কৰোঁতে দাবী কৰা হৈছে যে এই ভিডিঅ'টো শেহতীয়াকৈ হৈ যোৱা দেৱালীৰ সময়ৰ হয় আৰু দেৱালী উপলক্ষে চিৰ বৈৰী ৰাষ্ট্ৰ দুখনে মিঠাই আৰু উপহাৰ বিনিময় কৰিছে ।
অসমতো এটা ফেচবুক পোষ্টৰ জৰিয়তে উপৰোক্ত ভিডিঅ'টো প্ৰচাৰ কৰা হৈছে । অগ্নি নামৰ এটা ফেচবুক পে'জৰ পৰা শ্বেয়াৰ কৰা এই পোষ্টটোত ইতিমধ্যে ২৬ হাজাৰতকৈ অধিক বাৰ দৰ্শন কৰা হৈছে আৰু ৭৭ বাৰ শ্বেয়াৰ কৰা হৈছে । ২৮ অক্টোবৰ, ২০১৯ তাৰিখে দিনৰ ১১:৪৯ বজাত আপলোড কৰা এই পোষ্টটোৰ শিৰোনামা দিয়া হৈছে যে "দিপাৱালীৰ শুভক্ষণত ভাৰত-পাকিস্তান সীমান্তত পাকিস্তান সেনাই ভাৰতীয় সেনাক দিলে উপহাৰ । কি উপহাৰ দিলে জানিবলৈ চাওঁক ভিডিঅ'টো #Share কৰিব।"
শেহতীয়াকৈ ভাৰত পাকিস্তানৰ মাজৰ সম্পৰ্ক বৰ ভাল নহয় আমি সকলোৱে জানোঁ । বিশেষকৈ পুলৱামা ঘটনাটোৰ পাছৰ পৰা যথেষ্ট বেয়াৰ ফালে ঢাল লৈছে । এনেকুৱা পৰিস্থিতিত ভাৰত-পকিস্তানে দেৱালীৰ সময়ত উপহাৰ বিনিময় কৰিছিল নেকি? সত্যতা কি? জানোঁ আহক ।
প্ৰণালী
আমি বিশেষ ছফ্টৱেৰৰ সহায়ত ভিডিঅ'টো কীফ্ৰেমছত বিভক্ত কৰিলোঁ আৰু গুগলত ৰিভাৰছ ইমেজ ছাৰ্চ কৰিলোঁ ফলত আমি দেখিলোঁ যে ভিডিঅ'টো আচলতে চাৰি বছৰ পুৰণি আৰু ভাৰত-পকিস্তানে ৬৬তম গণতন্ত্ৰ দিৱস উপলক্ষে ২০১৫ চনতে উৰি নামৰ ঠাইখনত উপহাৰ বিনিময় কৰা সময়ৰ হয় ।
আৰু অনুসন্ধান কৰাৰ পাছত আমি নিউজ এজেঞ্চি ANIয়ে টুইটাৰত এই বিষয়ে নিউজ ৰিপৰ্ট প্ৰকাশ কৰা দেখা পালোঁ য'ত স্পষ্টকৈ লিখা আছে যে কমন সেঁতু, উৰিত ৬৬তম গণতন্ত্ৰ দিৱস উপলক্ষে ভাৰত আৰু পাকিস্তানৰ সৈন্যই মিঠাই আদান প্ৰদান কৰিলে ।
একেটা ভিডিঅ'ৰ পৰা লোৱা ফটো আৰু একাংশ ভিডিঅ'ও ANIয়ে আপলোড কৰা দেখা গৈছে ।
ইয়াৰ উপৰিও নিউজ এজেঞ্চি PTIৰ ২৭ অক্টোবৰ, ২০১৯ তাৰিখৰ এটা নিউজ ৰিপৰ্টৰ মতে এইবাৰ মানে ২০১৯ চনত দেৱালীৰ সময়ত আন বছৰৰ নিচিনাকৈ ভাৰত আৰু পাকিস্তানৰ সৈন্যৰ মাজত কোনো মিঠাইৰ আদান-প্ৰদান হোৱা নাই ।
ফলাফল
এইবাৰ ভাৰত আৰু পাকিস্তানৰ মাজত দেৱালীৰ সময়ত কোনো মিঠাইৰ আদান-প্ৰদান হোৱা নাই গতিকে ভাইৰেল পোষ্টবোৰত দাবী কৰাৰ দৰে এই পোষ্টটো ২০১৯ চনৰ নহয় বৰঞ্চ চাৰি বছৰ পুৰণি হয় আৰু ২০১৫ চনৰ হয় । মিছা শিৰোনামা দি শ্বেয়াৰ কৰা পোষ্টবোৰে জনসাধাৰণক বিপথে পৰিচালিত কৰিছে ।
Title:ভাৰত-পাকিস্তানৰ মাজত মিঠাই বিনিময়ৰ ভাইৰেল ভিডিঅ'টো ২০১৫ চনৰ হয়!
Fact Check By: Manjori BorkotokyResult: False