দুখন পুৰণি ফটোকে ১৫জুন,২০২৫ৰ কেদাৰনাথ হেলিকপ্তাৰ দুৰ্ঘটনাৰ ফটো বুলি মিছাকৈ  প্ৰচাৰ।

শেহতীয়াভাৱে যোৱা ১৫ জুন, ২০২৫ত কেদাৰনাথত হোৱা হেলিকপ্তাৰ দুৰ্ঘটনাত এটি ২৩মহীয়া শিশুৰ সৈতে মুঠ ৭জন লোকৰ দেহাৱসান ঘটিছিল। সেই সময়ত হেলিকপ্তাৰ দুৰ্ঘটনাৰ দৃশ্য বুলি কিছুমান আলোকচিত্ৰ সামাজিক মাধ্যমত প্ৰচাৰ কৰা হৈছিল। অসমৰ এটা সংবাদ প্ৰতিষ্ঠানে পৰিবেশন কৰা এটা বাতৰিত এখন বগা আৰু নীলা ৰঙৰ দুৰ্ঘটনাগ্ৰস্ত হেলিকপ্তাৰৰ ফটো দেখুওৱা হৈছে। দাবী কৰিছে যে সেয়া ১৫জুনত হোৱা […]

Continue Reading

লেবাননৰ পুৰণি ভিডিঅ’ আহমেদাবাদৰ বিমান দুৰ্ঘটনাৰ বুলি ভাইৰেল।

শেহতীয়াকৈ এয়াৰ ইণ্ডিয়াৰ বিমান দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ সময়ত আহমেদাবাদৰ চিকিৎসালয়খনৰ চিচিটিভি ফুটেজ বুলি এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছে।ভিডিঅ’টোত দেখা গৈছে পাৰ্কিং এলেকাত বিস্ফোৰণ আৰু এটা অট্টালিকাৰ চিলিং আৰু অন্যান্য অংশৰ ক্ষতি হোৱাৰ চিচিটিভি ফুটেজ। Facebook Link | Archived Link. আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ। সত্যতা নিৰূপণ পদ্ধতি  আমি প্ৰথমে ভাইৰেল […]

Continue Reading

অভিনেতা যতীন বৰাই মাটিত পদুম ফুল ৰোপন কৰা বুলি সম্পাদিত ফটো ভাইৰেল।

শেহতীয়াকৈ বিশ্ব পৰিবেশ দিৱসৰ পৰিপ্ৰেক্ষিতত অভিনেতা যতীন বৰাৰ এখন ফটো ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা দেখা গৈছে। ফটোখনত যতীন বৰাক মাটিত পদুম ফুল ৰোপন কৰি থকা দেখা গৈছে। ফটোখন শ্বেয়াৰ কৰি ব্যৱহাৰকাৰীয়ে লিখিছে এইদৰে, “কি বুলি কব কওঁচোন আপোনালোকে 😁 মই আজিলৈ পদুম পুখুৰীত হে দেখিছিলোঁ 😝 আজি Fast time দেখিছো দেই😁” Facebook Link | Archived […]

Continue Reading

আইছিছৰ শিবিৰৰ পৰা ছিৰিয়াৰ ৱাইপিজেয়ে কৰা উদ্ধাৰ অভিযান আমেৰিকাৰ সৈন্যবাহিনীৰ অভিযান বুলি ভাইৰেল।

শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা এটা ভিডিঅ’ত‌ দেখা গৈছে যে কোনো এক শিবিৰত কেইগৰাকীমান মহিলাক শিকলিৰে বান্ধি থোৱা হৈছে আৰু সৈন্যবাহিনীৰ লোকে তেওঁলোকক উদ্ধাৰ কৰিছে। ভিডিঅ’টোত মহিলা আৰু পুৰুষ সৈন্যক দেখা গৈছে। দাবী কৰা হৈছে যে আইচিচ (ISIS)ৰ শিবিৰত এইদৰে ৩৮ গৰাকী ছোৱালীক যৌনদাসী হিচাপে বন্দী কৰি ৰখা হৈছিল আৰু আমেৰিকাৰ সৈন্যবাহিনীয়ে তেওঁলোকক উদ্ধাৰ কৰে। […]

Continue Reading

২০০৯ চনৰ তামিলনাডুৰ এক পুৰণি ভিডিঅ’ অসমত সেনাৰ কনভয়ৰ ওপৰত আক্ৰমণ বুলি ভাইৰেল।

অলপতে Islamabad Insider নামৰ এক্স হেণ্ডল এটাত এটা বিশেষ ভিডিঅ’ আপলোড কৰি দাবী কৰা হৈছিল যে অসমৰ স্থানীয় লোকে সেনাৰ কনভয় এটাত গুৱাহাটীত আক্ৰমণ কৰিছে। ২৫ আৰু ৭ অসম ইউনিটৰ পৰা ৰেইনফ’ৰ্চমেণ্ট ট্ৰুপ নাগালেণ্ডৰ পৰা কাশ্মীৰলৈ যোৱাৰ পথত গুৱাহাটীৰ কামাখ্যা মন্দিৰৰ ওচৰত আক্ৰমণৰ সন্মুখীন হয়। X Link | Archived Link  এই সম্পৰ্কে জানিবলৈ আমি প্ৰাসংগিক […]

Continue Reading

জিঅ’ৰ ইলেক্ট্ৰিক চাইকেল মুকলি হ’ব বুলি চৰ্চাহে লাভ কৰিছে, কিন্তু আনুষ্ঠানিকভাৱে ঘোষণা কৰা হোৱা নাই।  

শেহতীয়াভাবে অসমৰ এটা ফেচবুক পেজৰ পৰা এখন ফটো আপলোড কৰি দাবী কৰা হৈছে যে ৰিলায়েন্স জিঅ’ই ইতিমধ্যেই জিঅ’ ইলেক্ট্ৰিক চাইকেল বজাৰত মুকলি কৰি দিছে। মুকেশ আম্বানী আৰু এখন ইলেক্ট্ৰিক চাইকেলৰ ফটো সংলগ্ন কৰি আপলোড কৰা ফটোখনত লিখা হৈছে এইদৰেঃ  JIOই মুকলি কৰিলে JIO ELECTRIC CYCLE। মাত্ৰ ২৯,৯৯৯ টকাৰ পৰা ক্ৰয় কৰিব পাৰিব ইলেক্ট্ৰিক চাইকেলখন। এবাৰ […]

Continue Reading

প্ৰিয়ংকা গান্ধীয়ে মনোনয়ন দাখিল কৰা সময়ত মল্লিকাৰ্জুন খৰ্গেক বাহিৰতে ৰৈ থাকিবলৈ কোৱা হৈছিল নেকি? পঢ়ক আমাৰ এই ফেক্ট চেক।

যোৱা ২৩ অক্টোবৰত প্ৰিয়ংকা গান্ধীয়ে ৱায়ানাড লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ বাবে নিজৰ মনোনয়ন দাখিল কৰে। এই পৰিপ্ৰেক্ষিতত কংগ্ৰেছ দলৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খৰ্গেৰ এটা ভিডিঅ’ ভাইৰেল হৈছে ছ’চিয়েল মিডিয়াত য’ত তেওঁক দুৱাৰৰ বাহিৰত ৰৈ থকা দেখা গৈছে। দাবী কৰা হৈছে যে প্ৰিয়ংকা গান্ধীয়ে মনোনয়ন দাখিল কৰা সময়ত মল্লিকাৰ্জুন খৰ্গেক এইদৰে বাহিৰতে অপেক্ষা কৰিবলৈ দিয়া হৈছিল। ফেচবুকত […]

Continue Reading

বাংলাদেশত ভাৰতীয় মূলৰ হিন্দু ছাত্ৰীক অত্যাচাৰ কৰা বুলি প্ৰতিবাদী ছাত্ৰীৰ বাটৰ নাটৰ ভিডিঅ’ ভাইৰেল কৰা হৈছে।

শেহতীয়াভাবে বাংলাদেশত সৃষ্টি হোৱা আশান্তিকৰ পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত অসমতো বিভিন্ন ধৰণৰ ফটো আৰু ভিডিঅ’ ভাইৰেল হৈ পৰিছে। তেনেকুৱা একাধিক ফেচবুক পোষ্ট আমি লাভ কৰিছোঁ, যিবোৰত দাবী কৰা হৈছে যে সেই ফটো আৰু ভিডিঅ’সমুহ বাংলাদেশৰ শেহতীয়া পৰিস্থিতিৰ। এজন ফেচবুক ব্যৱহাৰকাৰীয়ে এটা ভিডিঅ’ আপলোড কৰি দাবী কৰিছে যে ভিডিঅ’টোত দেখা যুৱতীগৰাকী ভাৰতীয় মূলৰ হিন্দু যুৱতী আৰু তেওঁ বাংলাদেশলৈ […]

Continue Reading

সংখ্যালঘু বৃত্তি কাৰ্যসূচীৰ ১৪৪.৮৩ কোটি টকাৰ কেলেংকাৰী সম্পৰ্কে বিভ্ৰান্তিকৰ তথ্য ভাইৰেল।

শেহতীয়াকৈ সংখ্যালঘু বৃত্তি আঁচনিৰ এক কেলেংকাৰী সম্পৰ্কে এক খবৰ ভাইৰেল হোৱা দেখা গৈছে। ফেচবুকত শ্বেয়াৰ হোৱা এক স্ক্ৰীণশ্বটত লিখা আছে এইদৰে, “১৪৪.৮৩ কোটিৰ কেলেংকাৰীত প্ৰাক্তন মন্ত্ৰী স্মৃতি ইৰাণী! সংখ্যালঘু বিভাগত ৮৩০ জনক ভুৱা নিযুক্তি, ৫৩% ভুৱা শিক্ষাৰ্থীৰ নামত সৰকাইছিল ধন”। এই স্ক্ৰীণশ্বট শ্বেয়াৰ কৰি ব্যৱহাৰকাৰীয়ে লিখিছে “শেহতীয়া আপডেট” বুলি। Facebook Link | Archived Link. আমি […]

Continue Reading

ভিডিঅ’টোৰ আটাইবোৰ দৃশ্যাংশ চীনৰ শেহতীয়া বানপানীৰ নহয়।

শেহতীয়াকৈ প্ৰচণ্ড ধুমুহা বৰষুণৰ পাছত দক্ষিণ চীনৰ ঘন জনবসতিপূৰ্ণ পাৰ্ল ৰিভাৰ ডেল্টাত চহৰসমূহ বানপানীয়ে বুৰাই পেলাইছে। সোমবাৰলৈকে সমগ্ৰ প্ৰদেশখনতে প্ৰায় ১ লাখ ১০ হাজাৰ লোকক খালী কৰা হৈছে, আনহাতে ২৫ হাজাৰ ৮০০ লোক জৰুৰীকালীন আশ্ৰয় শিবিৰত আছে বুলি ছিনহুয়াই প্ৰকাশ কৰিছে। এনে সময়তে চীনত হোৱা বানপানীৰ দৃশ্য বুলি চ’ছিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে বিভিন্ন ফটো […]

Continue Reading