
শেহতীয়াকৈ অসমৰ একাধিক ফেচবুক পেজত এটা ভিডিঅ’ আপলোড কৰি সেয়া ভেনিজুৱেলা আৰু জাপানত অহা অতি শেহতীয়া ভূমিকম্পৰ দৃশ্য বুলি দাবী কৰা হৈছে। এটা পোষ্টত লিখিছে- জাপান ভয়ংকৰ ভূমিকম্প। ইৱাটে প্ৰদেশৰ উপকূলীয় অঞ্চলত জোকাৰণি অনুভূত। আওমোৰী প্ৰিফেকচাৰত অধিক আছিল ভূমিকম্পটোৰ তীব্ৰতা

একেটা ভিডিঅ’ ভেনিজুৱেলাত অহা ভূমিকম্পৰ বুলি দাবী কৰি আন এটা পোষ্টত এইবুলি লিখিছে- ভেনিজুৱেলাৰ ভূমিকম্পৰ ভয়াবহতা ধৰা পৰিল চিচিটিভি কেমেৰাত।

কিন্তু দাবীটো সত্য হয়নে?
আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।
সত্যতা নিৰূপণ পদ্ধতি
অনুসন্ধানৰ আৰম্ভনীতে আমি সেই ভিডিঅ’টোৰ কী-ফ্ৰেম লৈ ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰিলোঁ। তেতিয়া আমি ২০২৫ৰ ২৪ মে’ত ৰেডিটত এই ভিডিঅ’টোৰ বহল আৰু দীঘল সংস্কৰণ এটা পালোঁ। তাত লিখা আছিল এইদৰে- CCTV footage captures 7.7 magnitude earthquake in Mandalay, Myanmar. 28 March 2025 (ম্যানমাৰৰ মাণ্ডালায়ত অহা ৭.৭ প্ৰাবল্যৰ ভূমিকম্পৰ দৃশ্য চিচিটিভিত বন্দী, ২৮ মাৰ্চ ২০২৫)

TRT HABER ৰ নামৰ ভেৰিফাইড এক্স হেণ্ডেলটোতো আমি সত্যতা নিৰূপণ কৰি থকা ভিডিঅ’টো ২০২৫ৰ ১৫ মে’ত New footage has emerged from the moment of the 7.7 magnitude earthquake that struck Myanmar. বুলি লিখি আপলোড কৰা হৈছিল।

এই ভিডিঅ’টোত আমি এটা নাম মন কৰিলোঁ। যিটো ব্যৱসায়িক প্ৰতিষ্ঠানৰ সেই দৃশ্য, সেইটোৰ নাম Lady Bug বুলি আমি জানিব পাৰিলোঁ আৰু সেই নামটোৰে কী-ৱৰ্ড ছাৰ্চ কৰিলোঁ। তেতিয়া Ladybug nail academy & accessories supply নামৰ সেই প্ৰতিষ্ঠানটোৰ ফেচবুক পেজটো আমি লাভ কৰিলোঁ। ৰূপচৰ্চা প্ৰশিক্ষন আৰু প্ৰসাধন সামগ্ৰীৰ বিক্ৰেতা প্ৰতিষ্ঠানটোৰ সেই পেজটোত এই ভিডিঅ’টো আপলোড কৰা হৈছিল। তাত বাৰ্মীজ ভাষাত উল্লেখ কৰা অনুসৰি যোৱা ২৮ মাৰ্চ ২০২৫ত ম্যানমাৰত অহা ভূমিকম্পৰ ফলত তেওঁলোকৰ এখন দোকান ধ্বংস হয়। অতি শীঘ্ৰেই তেওঁলোকে পুনৰ তেওঁলোকৰ কামকাজ আৰম্ভ কৰি বুলি তাত উল্লেখ কৰা হৈছিল। মূল এই ভিডিঅ’টোত চিচি কেমেৰাত ঘটনাৰ তাৰিখ আৰু সময় ২৮ মাৰ্চ, ২০২৫ৰ ১০ বাজি ৫৬ মিনিট হৈ যোৱা দেখা গৈছে।

2025 Sagaing Earthquake Archive ৰ ইউটিউব চেনেলতো এই ভিডিঅ’টো M7.7-7.9 Earthquake Destroys Convenience Store, Mandalay, Myanmar নামেৰে আপলোড কৰা হৈছিল।

ইয়াৰ পৰাই প্ৰমাণ হয় যে এই ভাইৰেল দাবীটো মিছা। এই দৃশ্যটো জাপান বা ভেনিজুৱেলাৰ শেহতীয়া ভূমিকম্পৰ নহয়। এয়া ২০২৫ৰ ২৮ মাৰ্চত ম্যানমাৰৰ মাণ্ডালাই অঞ্চলত অহা ভূমিকম্পৰ দৃশ্যহে।
যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে,সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।
যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:
ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ


