এই দৃশ্যবোৰৰ মাজৰ এটা দৃশ্য ভেনিজুৱেলাৰ নহয়। ২০২৩ৰ ফেব্ৰুৱাৰীত তুৰস্কত হোৱা ভূমিকম্পৰহে দৃশ্য সেইটো। 

Partly-False Social

শেহতীয়াকৈ অসমৰ একাধিক ফেচবুক পেজত যোৱা  এটা ভিডিঅ’ আপলোড কৰি সেয়া ভেনিজুৱেলাত অহা অতি শেহতীয়া ভূমিকম্পৰ বিভিন্ন দৃশ্য বুলি দাবী কৰা হৈছে। তাৰে এটা পেজত ভেনিজুৱেলাৰ ভূমিকম্পৰ অন্য দৃশ্যৰ সৈতে ১১ চেকেণ্ডৰ পৰা ২০ চেকেণ্ডলৈ এটা খণ্ডদৃশ্যও আছে, যিটো ভেনিজুৱেলাৰ বুলি দাবী কৰা হৈছে।

Link Archived Link

আন এটা পেজত ভেনিজুৱেলাৰ ভূমিকম্পৰ অন্য দৃশ্যৰ সৈতে সেই একেটা দৃশ্যকে ১৪ চেকেণ্ডৰ পৰা ২৩চেকেণ্ডলৈ দেখুৱাই একেই দাবী কৰা হৈছে। আমি প্ৰতিটো দৃশ্যৰে সত্যতা নিৰূপণ কৰিলোঁ। কিন্তু সেই বিশেষ দৃশ্যটো ভেনিজুৱেলাৰ শেহতীয়া ভূমিকম্পৰ নহয় বুলি জানিব পাৰিলোঁ। 

Facebook Link Archived Link

সত্যতা নিৰূপণ পদ্ধতি

অনুসন্ধানৰ আৰম্ভনীতে আমি সেই ভিডিঅ’টোৰ প্ৰতিটো দৃশ্যৰ কী-ফ্ৰেম লৈ ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰিলোঁ। তেতিয়া আমি অন্য দৃশ্যসমূহ ভেনিজুৱেলাৰ শেহতীয়া ভূমিকম্পৰ বুলি জানিব পাৰিলোঁ যদিও আমি এই বিশেষ দৃশ্যটো সন্দৰ্ভত কিছু তথ্য লাভ কৰিলোঁ, যিয়ে প্ৰমাণ কৰিলে যে সেই দৃশ্যটো ভেনিজুৱেলাৰ শেহতীয়া ভূমিকম্পৰ নহয়। 

আমাৰ সন্ধানত নিউ য়ৰ্ক পোষ্টত ২০২৩ৰ ৬ ফেব্ৰুৱাৰীত প্ৰকাশিত এটা বাতৰি লাভ কৰা হ’ল। বাতৰিটোৰ শিৰোনাম হৈছে Dramatic video shows building collapse in Turkey during 7.8 quake as death toll rises to 3,400। সেই বাতৰিটোত এই ভিডিঅ”টো সংলগ্ন কৰা হৈছে।

তদুপৰি Guardian Newsত ৬ ফেব্ৰুৱাৰী ২০২৩ত আপলোড হোৱা Building collapses during earthquake aftershock in Turkey শীৰ্ষক বাতৰিতো এই দৃশ্যটো দেখুওৱা হৈছে। বিৱৰণত লিখিছে- At least one building collapsed in the Haliliye district of Şanlıurfa province on Monday during an aftershock of a 7.8-magnitude earthquake, footage released by the local Urfa TV showed. The quake struck central Turkey and north-west Syria, killing at least 641 people and injuring hundreds as buildings collapsed, triggering searches for survivors in the rubble. The quake, which hit in the early darkness of a winter morning, was also felt in Cyprus and Lebanon. (স্থানীয় উৰ্ফা টিভিয়ে প্ৰকাশ কৰা ফুটেজত দেখা গৈছে যে সোমবাৰে শ্বানলিউৰ্ফা প্ৰদেশৰ হালিলিয়ে জিলাত ৭.৮ ৰিখটাৰ স্কেলৰ ভূমিকম্পৰ আফটাৰশ্বকৰ সময়ত কমেও এটা অট্টালিকা ভাঙি পৰে। মধ্য তুৰস্ক আৰু উত্তৰ-পশ্চিম ছিৰিয়াত এই ভূমিকম্পৰ ফলত অট্টালিকা ভাঙি কমেও ৬৪১ জন লোকৰ মৃত্যু হোৱাৰ লগতে শ শ লোক আহত হোৱাৰ ফলত ধ্বংসাৱশেষৰ মাজত জীৱিত লোকৰ সন্ধান আৰম্ভ হয়। শীতকালৰ পুৱাৰ আন্ধাৰত সংঘটিত হোৱা এই ভূমিকম্পটো চাইপ্ৰাছ আৰু লেবাননতো অনুভৱ কৰা হৈছে।)

ইয়াৰ পৰাই প্ৰমাণ হয় যে এই ভাইৰেল দাবীটো আংশিকভাৱে মিছা।  ফেচবুক পেজকেইটাত দেখুওৱা দৃশ্যবোৰৰ মাজৰ এটা দৃশ্য ভেনিজুৱেলাৰ নহয়। ২০২৩ৰ ফেব্ৰুৱাৰীত তুৰস্কত হোৱা ভূমিকম্পৰহে দৃশ্য সেইটো।  

 যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে,সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

 যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Result Stamp

Title: এই দৃশ্যবোৰৰ মাজৰ এটা দৃশ্য ভেনিজুৱেলাৰ নহয়। ২০২৩ৰ ফেব্ৰুৱাৰীত তুৰস্কত হোৱা ভূমিকম্পৰহে দৃশ্য সেইটো।

Fact Check By: Pranjal Sharma

Result: Partly False

Leave a Reply

Your email address will not be published. Required fields are marked *