১৯৬৭ চনৰ ৬ জুনৰ দ্য হিন্দু কাকতৰ প্ৰথম পৃষ্ঠাৰ ভাইৰেল ফটোখন সম্পাদিত।

Altered Political

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৬ চনৰ ১০ মে’ত তেলেংগানাৰ ছিকন্দৰাবাদত এক সমাৱেশত দিয়া ভাষণত বিশ্বব্যাপী খাৰুৱা তেলৰ মূল্য বৃদ্ধি আৰু পশ্চিম এছিয়াত চলি থকা উত্তেজনাৰ মাজতে নাগৰিকসকলক অপ্ৰয়োজনীয় খৰচ হ্ৰাস কৰিবলৈ আহ্বান জনায়। ভাৰতৰ বৈদেশিক মুদ্ৰাৰ মজুতৰ ওপৰত হেঁচা কমোৱাত সহায়ক হোৱাকৈ বিয়া সংক্ৰান্তীয় ক্ৰয়কে ধৰি অপ্ৰয়োজনীয় সোণ ক্ৰয় কৰাটোও এবছৰৰ বাবে পিছুৱাই দিবলৈও অনুৰোধ জনায়। এই পৰিপ্ৰেক্ষিতত ১৯৬৭ চনৰ ৭ জুন তাৰিখৰ “দ্য হিন্দু” কাকতৰ প্ৰথম পৃষ্ঠা বুলি দাবী কৰি এখন ফটো শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছে। কাকতখনত লিখা আছে যে প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়েও সেই সময়ত বৈদেশিক মুদ্ৰাৰ সংকটৰ বাবে নাগৰিকসকলক সোণ ক্ৰয় কৰা বন্ধ কৰিবলৈ আহ্বান জনাইছিল লগতে ইয়াক “ৰাষ্ট্ৰীয় অনুশাসন” বুলি অভিহিত কৰিছিল।

Facebook Link | Archived Link.

আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ।

সত্যতা নিৰূপণ পদ্ধতি 

আমি প্ৰথমে ভাইৰেল ফটোখনৰ ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰাৰ লগতে প্ৰাসংগিক কী-ৱ’ৰ্ড ছাৰ্চ কৰিলোঁ। কিন্তু ভাইৰেল ফটোখনৰ সৈতে মিল থকা কোনো ধৰণৰ বিশ্বাসযোগ্য তথ্য নাপালোঁ। 

এইবাৰ আমি দ্য হিন্দু কাকতৰ অফিচিয়েল এক্স হেণ্ডলত ২০২৬ চনৰ ১২ মে’ৰ এটা স্পষ্টীকৰণ টুইট পালোঁ। টুইটটোত উল্লেখ কৰা হৈছে যে ১৯৬৭ চনৰ জুন মাহৰ ৬ তাৰিখৰ দ্য হিন্দু কাকতৰ প্ৰথম পৃষ্ঠাৰ ফটো বুলি দাবী কৰা ফটোখন প্ৰকৃত ফটো নহয়।

X Link 

আমি সাংবাদিক বি.কোলাপ্পন (B. Kolappan)ৰ এক্স হেণ্ডলত এটা টুইট পালোঁ য’ত ভাইৰেল ফটোখন আৰু দ্য হিন্দু কাকতৰ ১৯৬৭ চনৰ ৬ জুনৰ প্ৰকৃত প্ৰথম পৃষ্ঠাৰ ফটো সংলগ্ন কৰা হৈছিল। 

X Link

দ্য হিন্দু কাকতৰ সম্পাদক সুৰেশ নাম্বাথেও নিজৰ এক্স হেণ্ডেলত ভাইৰেল ফটোখন মিছা বুলি উল্লেখ কৰি এটা টুইট কৰিছিল।

X Link 

তদুপৰি ভাইৰেল ফটোখন আৰু প্ৰকৃত ফটোখনৰ ল’গ’, টেগলাইন আৰু ভলিউম নম্বৰ আদিৰ মাজতো আমি অমিল লক্ষ্য কৰিলোঁ।

ইন্দিৰা গান্ধীয়ে সোণ ক্ৰয়ৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰিছিল নেকি?

দ্য হিন্দু কাকতৰ ভাইৰেল ফটোখন যদিও ভুৱা, ইন্দিৰা গান্ধী চৰকাৰে সেই সময়ত কিন্তু সোণৰ মালিকীস্বত্বৰ ক্ষেত্ৰত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছিল। ১৯৬৮ চনত ইন্দিৰা গান্ধী চৰকাৰে তেতিয়াৰ বিত্তমন্ত্ৰী মোৰাৰজী দেশাইৰ অধীনত সোণ নিয়ন্ত্ৰণ আইন প্ৰৱৰ্তন কৰে। এই আইনখনে নাগৰিকসকলক সোণৰ দণ্ড আৰু মুদ্ৰা ৰখাত নিষেধাজ্ঞা আৰোপ কৰিছিল আৰু চীনৰ সৈতে সংঘাতৰ পাছত আৰ্থিক চাপৰ সময়ছোৱাত সোণৰ ব্যৱহাৰ হ্ৰাস কৰা, চোৰাং সৰবৰাহ ৰোধ কৰা আৰু ভাৰতৰ অৰ্থনীতি সুস্থিৰ কৰাত গুৰুত্ব আৰোপ কৰিছিল।

ফলাফল 

আমাৰ অনুসন্ধানৰ পৰা আমি ক’ব পাৰোঁ যে ১৯৬৭ চনত ইন্দিৰা গান্ধীয়ে নাগৰিকক সোণ ক্ৰয় নকৰিবলৈ আহ্বান জনোৱা কাকতৰ প্ৰথম পৃষ্ঠাৰ ভাইৰেল ফটোখন ডিজিটেলভাৱে পৰিৱৰ্তিত আৰু ভুৱা। দ্য হিন্দু কাকতে এই দাবী খণ্ডন কৰিছে আৰু আৰ্কাইভতো ফটোখনৰ সৈতে মিল থকা কোনো তথ্য নাই। যদিও পাছত ইন্দিৰা গান্ধী চৰকাৰে ১৯৬৮ চনৰ গোল্ড কণ্ট্ৰল এক্টৰ জৰিয়তে সোণৰ মালিকীস্বত্বৰ ওপৰত আইনী বাধা আৰোপ কৰিছিল, তথাপিও ১৯৬৭ চনৰ ৬ জুনত দ্য হিন্দু‌ কাকতত এনে আবেদন প্ৰকাশ পোৱাৰ কোনো প্ৰমাণ পোৱা নাযায়।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Result Stamp

Title: ১৯৬৭ চনৰ ৬ জুনৰ দ্য হিন্দু কাকতৰ প্ৰথম পৃষ্ঠাৰ ভাইৰেল ফটোখন সম্পাদিত।

Fact Check By: Fact Crescendo Team

Result: Altered

Leave a Reply

Your email address will not be published. Required fields are marked *