ৰিপাব্লিক অৱ পালাউৰ স্কাইলাইট নামৰ জাহাজৰ ওপৰত তিনিমাহ পূৰ্বেই ইৰাণে কৰা আক্ৰমণৰ দৃশ্যকে আমেৰিকাই ভাৰতৰ জাহাজৰ ওপৰত কৰা আক্ৰমণ বুলি প্ৰচাৰ। 

False Social

শেহতীয়াকৈ অসমৰ এটা ফেচবুক একাউণ্টত যোৱা ১১ জুন ২০২৬ত এটা ভিডিঅ’ আপলোড কৰি দাবী কৰা হৈছে যে ভিডিঅ’টোত দেখা দৃশ্যটো আমেৰিকাই ওমানৰ সাগৰত ভাৰতীয় জাহাজৰ ওপৰত আক্ৰমণ কৰা সময়ৰ। লিখিছে- গাল্ফৰ বাঘ ইৰাণৰ মাংসৰ লোভত শিয়াল আমেৰিকা- ইজৰাইলৰ ধুৰ্তালিত ভাৰতৰ টেংকাৰ জাহাজ আক্ৰান্ত। ওমান সাগৰ অঞ্চলত ভাৰতীয় টেংকাৰত আমেৰিকাৰ আক্ৰমণত মুখ্য অভিযন্ত্ৰা নিৰুদ্দেশ আৰু তিনি নাৱিক নিহত হোৱাৰ পাছত MV জলবীৰ আৰু ৩য় আন এখন জাহাজত আক্ৰমণৰ ঘটনা ২৪ঘন্টাৰ ভিতৰত। ওমানৰ নৌ সেনাৰ সহায়। মোডী চৰকাৰ মৌন-নিৰুপায়।   

Facebook Link Archived Link

কিন্তু দাবীটো সত্য হয়নে?

আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।

সত্যতা নিৰূপণ পদ্ধতি

অনুসন্ধানৰ আৰম্ভনীতে আমি সেই ভিডিঅ’টোৰ কী-ফ্ৰেম লৈ ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰিলোঁ। তেতিয়া আমি WHAS11 নামৰ ইউটিউব চেনেলটোত যোৱা ৩ মাৰ্চ ২০২৬ত আপলোড কৰা Drone attack on major refinery, Strait of Hormuz disruption fuel oil price spike শীৰ্ষক এটা বাতৰিত এই দৃশ্যটো দেখিলোঁ। তেতিয়া আমি নিশ্চিত হ’লোঁ যে সেই দৃশ্য়টো শেহতীয়া নহয়, পুৰণি। 

ইয়াৰ পাছত আমি The Chosun Daily নামৰ নিউজ ৱেবছাইটটোত Three Tankers Attacked Near Hormuz Strait Amid Iran Retaliation শীৰ্ষক বাতৰিটো পালোঁ। সেই বাতৰিটো প্ৰকাশ কৰা হৈছিল ২ মাৰ্চ ২০২৬ত। বাতৰি অনুসৰি ওমান আৰু ইউ এ ইৰ সংযুক্ত আৰব আমিৰশ্বাহীৰ ওচৰৰ হৰমুজ জলদ্বীপ আৰু সমীপৰ জলসীমাত কমেও তিনিখন জাহাজ আক্ৰমণ কৰা হয়। প্ৰথমটো ঘটনাত ৰিপাব্লিক অৱ পালাউৰ পতাকা থকা তেল টেংকাৰ স্কাইলাইটত আক্ৰমণ চলে। ওমানৰ মুছাণ্ডাম উপদ্বীপৰ ওচৰত অচিনাক্ত প্ৰজেক্টাইলৰ দ্বাৰা আঘাতপ্ৰাপ্ত হৈছিল টেংকাৰখন।

ইয়াৰ পাছতেই The Times Of Indiaত ২ মাৰ্চ ২০২৬ত প্ৰকাশিত এক বাতৰিত এই দৃশ্যটোৰ খণ্ডচিত্ৰ দেখিলোঁ। সেই বাতৰি মতেও ওমানত পালাউৰ পতাকা থকা টেংকাৰত কৰা আক্ৰমণ কৰা হয়। সেই টেংকাৰখনত ১৫গৰাকী ভাৰতীয়ও আছিল আৰু ৫ গৰাকী ক্ৰু মেম্বাৰ আহত হৈছিল বুলি বাতৰিত প্ৰকাশ কৰা হৈছে। 

তদুপৰি Mint ৰ ইউটিউব চেনেলত ১ মাৰ্চ ২০২৬ত আপলোড কৰা Iran Attacks Oil Tanker Off Oman’s Coast In Strait Of Hormuz, 15 Indian Sailors Onboard শীৰ্ষক বাতৰিটোত এই দৃশ্যটো দেখিলোঁ। বাতৰিটোৰ বৰ্ণনাত উল্লেখ কৰা হৈছে- A fresh escalation in the Middle East has raised concerns for global shipping after Iran struck an oil tanker in the Strait of Hormuz near the coast of Oman. The vessel, identified as Skylight and sailing under the flag of Palau, was attacked close to Khasab Port in Oman’s Musandam Governorate amid rising tensions following the reported killing of Iran’s Supreme Leader Ali Khamenei. Watch. (ওমানৰ উপকূলৰ ওচৰৰ হৰমুজ জলদ্বীপত ইৰাণে এখন তেল টেংকাৰত খুন্দা মৰাৰ পাছত মধ্যপ্ৰাচ্যত নতুনকৈ উত্থানে বিশ্বজুৰি জাহাজ চলোৱাৰ বাবে উদ্বেগ প্ৰকাশ কৰিছে। ইৰাণৰ উচ্চতম নেতা আলী খামেনেইৰ হত্যাৰ বাতৰি পোৱাৰ পাছতে ক্ৰমাৎ উত্তেজনা বৃদ্ধি পোৱাৰ মাজতে ওমানৰ মুছাণ্ডাম গভৰ্ণৰেটৰ খাছাব বন্দৰৰ ওচৰত আক্ৰমণ কৰা হয় স্কাইলাইট নামৰ পালাউৰ পতাকাযুক্ত জাহাজখন।)

একেটা খবৰ ১ মাৰ্চ ২০২৬ত ৰায়টাৰে প্ৰকাশ কৰা এক প্ৰতিবেদনতো আমি পালোঁ। ইয়াত পঢ়িব পাৰিব। 

 ইয়াৰ পৰাই প্ৰমাণ হয় যে যিটো ভিডিঅ’ আমেৰিকাই ভাৰতীয় জাহাজৰ ওপৰত অতি শেহতীয়াকৈ কৰা আক্ৰমণৰ বুলি দাবী কৰা হৈছে, সেইটো আচলতে তিনি মাহ পূৰ্বে অৰ্থাত ২০২৬ৰ মাৰ্চৰ ১ তাৰিখে ৰিপাব্লিক অৱ পালাউৰ স্কাইলাইট নামৰ জাহাজখনৰ ওপৰত ইৰাণে কৰা আক্ৰমণৰ দৃশ্যহে। 

 যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে,সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

 যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Result Stamp

Title: ৰিপাব্লিক অৱ পালাউৰ স্কাইলাইট নামৰ জাহাজৰ ওপৰত তিনিমাহ পূৰ্বেই ইৰাণে কৰা আক্ৰমণৰ দৃশ্যকে আমেৰিকাই ভাৰতৰ জাহাজৰ ওপৰত কৰা আক্ৰমণ বুলি প্ৰচাৰ।

Fact Check By: Pranjal Sharma

Result: False

Leave a Reply

Your email address will not be published. Required fields are marked *