ভাইৰেল ফটোখনত যশোদাবেন মোদীয়ে নৰেন্দ্ৰ মোদীক ঠাট্টা কৰা পোষ্টাৰ লৈ থকা নাই।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পত্নী যশোদাবেনৰ এখন ছবি ছ’চিয়েল মিডিয়াত শ্বেয়াৰ হৈছে। এই ছবিখনত আমি যশোদাবেনক হাতত কাগজ এখন লৈ থিয় হৈ থকা দেখিবলৈ পাওঁ। তাত লিখা আছে যে “যেতিয়া মোৰ স্বামী মোৰ হ’ব নোৱাৰে, তেতিয়া আপোনাৰ বা দেশবাসীৰ বাবে কেনেকৈ হ’ব পাৰিব? এয়া নাৰী সবলীকৰণ নেকি? – যশোদাবেন মোদী” এই ছবিখনৰ সৈতে দাবী কৰা হৈছে […]

Continue Reading

হৰিদ্বাৰৰ অনাথ আশ্ৰমত এটি শিশুক নিৰ্মম প্ৰহাৰ কৰা বুলি দুমাহ পূৰ্বৰ উত্তৰ প্ৰদেশৰ সীতাপুৰৰ ভিডিঅ’ ভাইৰেল কৰা হৈছে।  

শেহতীয়াভাৱে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে এটি শিশুক নিৰ্মমভাৱে প্ৰহাৰ কৰা এটি ভিডিঅ’। ভিডিঅ’টোত এজন যুৱকে এটি শিশুক প্ৰহাৰ কৰা দেখা গৈছে। তাৰে চাৰিওফালে আন কেইটিমান শিশু-কিশোৰ থিয় হৈ থকা দেখা গৈছে। ভিডিঅ’টো শ্বেয়াৰ কৰি এগৰাকী ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীয়ে দাবী কৰিছে যে ভাইৰেল ভিডিঅ’টো হৰিদ্বাৰৰ এখন অনাথ আশ্ৰমৰ। ফেচবুকত সেই ভিডিঅ’টো আপলোড কৰি ব্যৱহাৰকাৰীগৰাকীয়ে লিখিছে- […]

Continue Reading

পুৰণি ভিডিঅ’কে চেন্নাইৰ শেহতীয়া বান পৰিস্থিতিৰ ভিডিঅ’ বুলি শ্বেয়াৰ কৰা হৈছে। 

শেহতীয়াভাৱে চেন্নাইত মিছং নামৰ প্ৰচণ্ড ঘুৰ্ণীবতাহ আৰু ধুমুহাৰ লগতে অহা মুষলধাৰ বৰষুণৰ প্ৰকোপত ভয়ংকৰ বান পৰিস্থিতিৰ উদ্ভৱ হৈছে। চেন্নাইৰ এই পৰিস্থিতিয়ে বৰ্তমান সমগ্ৰ বিশ্বৰে সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰিছে। সমান্তৰালভাৱে কিছু ভুল তথ্য আৰু বিভ্ৰান্তিকৰ তথ্যও সামাজিক মাধ্যমত বিয়পি পৰিছে। অসমৰ ফেচবুকতো তেনেকুৱা কিছুমান ভিডিঅ’ বিয়পি পৰিছে। এটা ফেচবুক পেজে তেনেকুৱা এটা ভিডিঅ’ শ্বেয়াৰ কৰি […]

Continue Reading

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেজছ যুদ্ধ বিমানেৰে ভ্ৰমণ কৰাৰ সময়ত কাক উদ্দেশ্যি হাত জোকাৰিছিল?

যোৱা ২৫ নৱেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেজছ যুদ্ধ বিমানেৰে ৩০মিনিট সময় আকাশমাৰ্গত ভ্ৰমণ কৰিছিল। এনেদৰে ভ্ৰমণ কৰা তেওঁ ভাৰতৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী। এই সন্দৰ্ভত এটা ভিডিঅ’ ভাইৰেল হৈছে চ’চিয়েল মেডিয়াত। ভিডিঅ’টোত প্ৰধানমন্ত্ৰী মোদীয়ে তেজছ যুদ্ধ বিমানেৰে আকাশত ভ্ৰমণ কৰাৰ সময়ত বাহিৰলৈ চাই হাত জোকাৰি থকা দেখা গৈছে। চ’চিয়েল মেডিয়া ব্যৱহাৰকাৰীয়ে দাবী কৰিছে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে […]

Continue Reading

ৰাজস্থানৰ বিজেপি নেত্ৰী তথা প্ৰাক্তন মুখ্যমন্ত্ৰী বসুন্ধৰা ৰাজে সিন্ধিয়াই নিৰ্বাচনৰ ফলাফলৰ পূৰ্বেই ৰবীন্দ্ৰ সি ভাটিক বিজয় অভিনন্দন জনোৱাটো সত্যনে? জানক। 

আমাৰ 24*7 ফেক্টলাইন নম্বৰ 9049053770লৈ এগৰাকী ব্যৱহাৰকাৰীয়ে এটি ফেচবুক পোষ্টৰ স্ক্ৰিণশ্বট প্ৰেৰণ কৰি পোষ্টটোত কৰা দাবীৰ সত্যাসত্য জনাৰ আগ্ৰহ প্ৰকাশ কৰিছিল। পোষ্টটোৰ স্ক্ৰীণশ্বটত দেখা গৈছিল যে ৰাজস্থানৰ দুবাৰৰ মুখ্যমন্ত্ৰী বসুন্ধৰা ৰাজে সিন্ধিয়াই ফোনত কথা পাতি আছে আৰু পোষ্টটোৰ কেপছনত লিখা হৈছে –নিৰ্বাচনৰ আনুষ্ঠানিক ঘোষণা নহওঁতেই ৰবীন্দ্ৰ সিং ভাটিক আগতীয়া অভিনন্দন জনালো বসুন্ধৰা ৰাজে সিন্ধিয়াই।…  আমি […]

Continue Reading

এই বৃদ্ধ শ্ৰমিকজন উত্তৰকাশীৰ সুৰংগত আৱদ্ধ হৈ থকা এজন শ্ৰমিক হয় নে নহয়, জানক।

শেহতীয়াভাৱে উত্তৰকাশীৰ সুৰংগত আৱদ্ধ হৈ থকা আৰু পাছত উদ্ধাৰ হোৱা শ্ৰমিকসকলক লৈ বিভিন্ন ভুল তথ্য, ফটো, ভিডিঅ’ আদি ছোচিয়েল মিডিয়াত ভাইৰেল হৈ পৰা আমাৰ দৃষ্টিগোচৰ হৈছে। ফেক্ট ক্ৰেছেণ্ডোৱে এই ধৰণৰ বিভিন্ন ভুল তথ্যৰ সত্যতা নিৰূপণ কৰিছে। অসমৰ হোৱাটছএপত এটা ফেচবুক পোষ্টৰ স্ক্ৰীণশ্বট ভাইৰেল হৈ পৰিছে। এগৰাকী অশীতিপৰ শ্ৰমিকৰ ফটো এখন ব্যৱহাৰ কৰি নিৰ্দিষ্ট সেই ফেচবুক […]

Continue Reading

এই ভিডিঅ’টো উত্তৰকাশীৰ সুৰংগত আবদ্ধ শ্ৰমিকক উলিয়াই অনাৰ দৃশ্যৰ নহয়।

১৭ দিন পিছত উত্তৰকাশী সুৰংগ দুৰ্ঘটনাত এক বৃহৎ সফলতা লাভ কৰা হৈছে । অৱশেষত সুৰংগটোত আবদ্ধ হৈ থকা ৪১ জন শ্ৰমিকক নিৰাপদে উলিয়াই অনাৰ কাম সম্পূৰ্ণ হৈছে। আনহাতে, এই প্ৰেক্ষাপটত ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ শ্বেয়াৰ কৰা হৈছে, য’ত হেলমেট পিন্ধা একাংশ লোকে বহল পাইপত পৰি থকা ৰছী টানি থকা দেখা গৈছে। কিছু সময়ৰ পাছত পাইপৰ […]

Continue Reading

সঁচাকৈয়ে ষ্টেডিয়ামৰ দৰ্শকে হনুমান চালিচা পাঠ কৰিছিলনে?

শেহতীয়াকৈ চ’চিয়েল মেডিয়াত এটা বিশেষ ভিডিঅ’ ভাইৰেল হোৱা দেখা গৈছে। ভিডিঅ’টোত এখন ষ্টেডিয়ামৰ দৃশ্য দেখুওৱা হৈছে আৰু তাত হনুমান চালিচা পাঠ কৰা শুনা গৈছে। ফেচবুকত এই ভিডিঅ’টো শ্বেয়াৰ কৰি ১.৫ লাখ লোকে হনুমান চালিচা জপ কৰা বুলি দাবী কৰা হৈছে।  Facebook Link | Archived Link আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ। […]

Continue Reading

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অষ্ট্ৰেলিয়াৰ অধিনায়কক দুৰ্ব্যৱহাৰ কৰিছিল নেকি?

১৯ নৱেম্বৰত আহমেদাবাদৰ নৰেন্দ্ৰ মোডী ষ্টেডিয়ামত ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত বিশ্বকাপ ক্ৰিকেট ২০২৩ ৰ ফাইনেল খেল অনুষ্ঠিত হয়। অষ্ট্ৰেলিয়াই ভাৰতক পৰাস্ত কৰি বিশ্বকাপৰ ট্ৰফী লাভ কৰে। খেলৰ শেষত পুৰস্কাৰ প্ৰদান অনুষ্ঠানৰ এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। এই ভিডিঅ’টোত অষ্ট্ৰেলিয়াৰ অধিনায়ক পেট কামিন্সক ট্ৰফী হাতত লৈ থকা দেখা গৈছে। পি এম মোদীক পেট কামিন্সৰ […]

Continue Reading

পুৰণি ভিডিঅ’কে গাজাৰ আল শ্বিফা হাস্পতালত হোৱা গুলীবৰ্ষণৰ দৃশ্য বুলি ভাইৰেল কৰা হৈছে? সত্যটো জানক।     

ইজৰাইল-পেলেষ্টাইনৰ সংঘাত এতিয়াও শান্ত হোৱা নাই। নিতৌ নতুন ভুল তথ্য সামাজিক মাধ্যমত ভাইৰেল হৈ আছে। শেহতীয়াকৈ এটা ভিডিঅ’ ভাইৰেল হৈছে অসমৰ হোৱাটছএপত। দাবী কৰা হৈছে যে সেই দৃশ্যটো গাজাৰ আল শ্বিফা হাস্পতালত ইজৰাইলীয়ে কৰা গুলীবৰ্ষণৰ দৃশ্য। আমাৰ 24*7 ফেক্টলাইন নম্বৰলৈ সেই ভিডিঅ’টো প্ৰেৰণ কৰি এগৰাকী ব্যৱহাৰকাৰীয়ে সেই দৃশ্যটো সত্য হয়নে নহয় জনাৰ আগ্ৰহ প্ৰকাশ কৰিছিল।  […]

Continue Reading