বাৰানসীৰ সম্পত্তিকেন্দ্ৰীক বিবাদৰ দৃশ্যকে বিভ্ৰান্তিকৰভাৱে মৌলবীৰ ওপৰত আক্ৰমণ বুলি প্ৰচাৰ। 

Misleading Social

শেহতীয়াকৈ অসমৰ এটা ফেচবুক একাউণ্টত যোৱা  ২৪ জুন ২০২৬ত এটা ভিডিঅ’ আপলোড কৰি দাবী কৰিছে যে সেয়া এখন মাদ্ৰাছাৰ এগৰাকী মৌলবীয়ে বিৰিয়ানীত মাংস নথকাৰ বাবে ওভটাই পঠিওৱাৰ কাৰণে স্থানীয় লোকে মৌলবীগৰাকীক প্ৰহাৰ কৰা দৃশ্য। দৃশ্যটোত ঘটনাৰ স্থান উল্লেখ কৰা নাই যদিও দুটা ফৈদৰ মাজত লাঠি, ইটা আদিৰে মাৰপিট লগা দৃশ্যটোৰ কাৰণ হিচাপে মৌলবীয়ে মাংস নথকা বিৰিয়ানী খাবলৈ অস্বীকাৰ কৰাটোৱে দাবী কৰিছে। পোষ্টটোত লিখিছে-  এখন মাদ্ৰাছাত #মৌলৱী চাহাবলৈ #বিৰিয়ানী পঠিওৱা হৈছিল…কিন্তু বিৰিয়ানীত #মাংসৰ টুকুৰা নথকাৰ বাবে মৌলৱী চাহাবে খং কৰি বিৰিয়ানী খিনি ঘুৰাই পঠাইছিল…তাৰ পিছত স্থানীয় মুমিন বোৰে মৌলৱী চাহাবক পেট ভৰাই বিৰিয়ানী খুৱাই দিলে..

Facebook Link Archived Link

কিন্তু দাবীটো সত্য হয়নে?

আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।

সত্যতা নিৰূপণ পদ্ধতি

অনুসন্ধানৰ আৰম্ভনীতে আমি সেই ভিডিঅ’টোৰ কেইটামান কী-ফ্ৰেমৰ ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰিলোঁ। তেতিয়া আমি ফেচবুকত সেই ভিডিঅ’টো যোৱা ২৩ জুন ২০২৬ত एडवोकेट आलोक तिवारी নামৰ এটা ফেচবুক একাউণ্টত আপলোড কৰি থোৱা দেখিলোঁ। তাত লিখা হৈছিল এইদৰে- Bhaijaan started playing stick before Muharram in Varanasi. Brick-stone runs fierce in land dispute. The viral video of Kutchibagh being told. বাৰানসী জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতৰ অভিবক্তা আলোক তিৱাৰীৰ এই পোষ্টটোতেই আমি ঘটনাৰ স্থান হিচাপে বাৰানসী আৰু কাৰণ হিচাপে ভূমি বিবাদ বুলি ইংগিত লাভ কৰিলোঁ।

ইয়াৰ পাছত আমি সেই একেটা ভিডিঅ’কে Treeni ৰ ভেৰিফাইড এক্স হেণ্ডেলটোত ২২ জুনত আপলোড কৰা দেখিলোঁ। তাত লিখা হৈছে এইদৰে- The Battle Of Banaras: 2026 AD. Salwar-Kameez fought fiercely with each other over a land dispute. Two factions of the same family clashed with bricks, stones, wooden planks, and also used abusive language. ইয়াৰ পৰাও আমি সেয়া বাৰানসীৰ এক ভূমি বিবাদৰ সংঘাট বুলি জানিব পাৰিলোঁ। 

২২ জুন ২০২৬তে ইনষ্টাগ্ৰামত yogeshchaudhary_1 নামৰ হেণ্ডেলটোত এই একেটা ভিডিঅ’ আপলোড কৰি লিখিছিল- वाराणसी के जैतपुरा थाना क्षेत्र में मकान को लेकर दो पक्षों के बीच विवाद ने उग्र रूप ले लिया। मामला इतना बढ़ गया कि दोनों पक्ष आमने-सामने आ गए और स्थिति झड़प तक पहुंच गई। सामने आए वीडियो और तस्वीरों में देखा जा सकता है कि संकरी गली में बड़ी संख्या में लोग इकट्ठा हो गए, जहां दोनों पक्षों के बीच तीखी नोकझोंक और हाथापाई की स्थिति बन गई। इस दौरान ईंट-पत्थर और लाठी-डंडों के इस्तेमाल की भी बात सामने आई है।(বাৰাণসীৰ জৈতপুৰা থানা এলেকাত দুটা গোটৰ মাজত এটা ঘৰক লৈ হোৱা বিবাদ তীব্ৰতৰ হৈ পৰে আৰু হিংসাত্মক সংঘৰ্ষত পৰিণত হয়। পৰিস্থিতি ইমানেই তীব্ৰতৰ হৈ পৰে যে দুয়োপক্ষৰ মাজত পোনপটীয়াকৈ সংঘৰ্ষ হয়। ভিডিঅ’ আৰু ফটোত দেখা গৈছে যে এটা সৰু লেনত বৃহৎ ভিৰ গোট খাইছিল, য’ত গোটসমূহৰ মাজত উত্তপ্ত কাজিয়াৰ সৃষ্টি হৈছিল। বাতৰি অনুসৰি এই কাজিয়াৰ সময়ত ইটা, শিল, লাঠি আদি ব্যৱহাৰ কৰা হৈছিল।) 

অৰ্থাত ইয়াতো সেয়া বাৰাসনীৰ এক সম্পত্তিকেন্দ্ৰীক বিবাদৰ ফলত সৃষ্টি হোৱা মাৰপিটৰ দৃশ্য বুলি কোৱা হৈছে।

ইয়াৰে সূত্ৰ ধৰি আমি কিছুমান প্ৰাসংগিক শব্দেৰে কী-ৱৰ্ড ছাৰ্চ কৰিলোঁ। তেতিয়া আমি ভিন্ন প্ৰান্তৰ একাধিক সংবাদ প্ৰতিষ্ঠানৰ সামাজিক মাধ্যমত এই ভিডিঅ’টো ২২ আৰু ২৩জুন ২০২৬ত আপলোড কৰা দেখিলোঁ। damdaar24news এ ভিডিঅ’টো আপলোড কৰি লিখিছে- *वाराणसी: जैतपुरा थाने क्षेत्र में मकान विवाद पर दो पक्षों में झड़प का दावा* उत्तर प्रदेश के वाराणसी जिले से संपत्ति विवाद को लेकर एक घटना वायरल हो रही है। *वायरल पोस्ट में क्या कहा गया* 

1. *घटना का विवरण*: पोस्ट के मुताबिक वाराणसी के जैतपुरा थाने क्षेत्र में मकान को लेकर दो पक्षों में जमकर बवाल हो गया।

2. *झड़प की स्थिति*: दावा है कि मकान विवाद इतना बढ़ गया कि मामला मारपीट तक पहुंच गया। दोनों पक्षों के बीच ईंट-पत्थर और लाठी-डंडे चले।

3. *चोट की सूचना*: पोस्ट में कहा गया है कि इस झड़प में कई लोगों के सिर फूटने की सूचना है। मौके पर अफरा-तफरी का माहौल बन गया। 

(বৰাণসীঃ জৈতপুৰা থানা এলেকাত ঘৰৰ বিবাদক লৈ দুটা গোটৰ মাজত সংঘৰ্ষ* ভাইৰেল হৈ পৰিছে উত্তৰ প্ৰদেশৰ বাৰাণসী জিলাত সম্পত্তিৰ বিবাদ। 

*ভাইৰেল পোষ্টটোৰ সবিশেষ* 

১.*ঘটনাৰ আভাস*: পোষ্টটোৰ মতে, বাৰাণসীৰ জৈতপুৰা থানা এলেকাত এটা ঘৰক লৈ দুটা গোটৰ মাজত বৃহৎ কাজিয়া সংঘটিত হয়।

২/ *সংঘৰ্ষৰ প্ৰকৃতি*: দাবী কৰা হয় যে বিবাদ শাৰীৰিক হিংসাৰ পৰ্যায়লৈকে বৃদ্ধি পাইছিল, দুয়োপক্ষই ইটা, শিল, লাঠি ব্যৱহাৰ কৰিছিল।

৩/ *আঘাতৰ তথ্য*: পোষ্টটোত উল্লেখ কৰা হৈছে যে সংঘৰ্ষৰ সময়ত কেইবাজনো লোকৰ মূৰত আঘাত পোৱাৰ ফলত সেই স্থানত এক বিশৃংখল দৃশ্যৰ সৃষ্টি হয়।)

jharkhand times reports ৰ পোষ্টত ভিডিঅ’টো আপলোড কৰি লিখা হৈছে- A case of violent clashes between two parties over land dispute in Kachchi Bagh area of Varanasi has come to light. The viral video shows large numbers of people attacking one side with sticks. During the incident, there was an environment of chaos in the area. Police have investigated the case after receiving information and the concerned people are being identified based on video. (বাৰাণসীৰ কাচ্চী বাগ অঞ্চলত ভূমি বিবাদক লৈ দুটা পক্ষৰ মাজত হিংসাত্মক সংঘৰ্ষৰ ঘটনা পোহৰলৈ আহিছে। ভাইৰেল ভিডিঅ’টোত দেখা গৈছে যে বৃহৎ সংখ্যক লোকে এফালে লাঠিৰে আক্ৰমণ কৰিছে। ঘটনাৰ সময়ত অঞ্চলটোত বিশৃংখল পৰিৱেশৰ সৃষ্টি হৈছিল। তথ্য লাভ কৰি আৰক্ষীয়ে গোচৰটোৰ তদন্ত কৰি ভিডিঅ’ৰ ভিত্তিত সংশ্লিষ্ট লোকসকলক চিনাক্ত কৰা হৈছে।)

@tejbharatnetwork ৰ বাতৰিত এই ভিডিঅ’টো আপলো়ড কৰি বিৱৰণত লিখিছে-वाराणसी | जैतपुरा थाना क्षेत्र! मकान विवाद में दो पक्षों के बीच हिंसक झड़प, ईंट-पत्थर और लाठी-डंडों से कई घायल?” वाराणसी के जैतपुरा थाना क्षेत्र से एक गंभीर घटना सामने आई है, जहां मकान को लेकर दो पक्षों के बीच विवाद ने हिंसक रूप ले लिया। विवाद इतना बढ़ गया कि मामला मारपीट तक पहुंच गया और दोनों पक्षों के बीच ईंट-पत्थर और लाठी-डंडों से जमकर झड़प हुई। स्थानीय जानकारी के अनुसार, झगड़े के दौरान मौके पर अफरा-तफरी का माहौल बन गया। इस घटना में कई लोगों के घायल होने और कुछ के सिर फूटने की सूचना है। घटना के बाद आसपास के लोगों ने मामले की जानकारी पुलिस को दी। सूचना मिलते ही पुलिस मौके पर पहुंची और स्थिति को नियंत्रित किया। फिलहाल पुलिस ने मामले की जांच शुरू कर दी है और दोनों पक्षों से पूछताछ की जा रही है। शुरुआती जानकारी के आधार पर आगे की कानूनी कार्रवाई की जा रही है । (বাৰাণসী | জৈতপুৰা থানা এলেকাঃ সম্পত্তিৰ বিবাদক লৈ দুটা গোটৰ মাজত হিংসাত্মক সংঘৰ্ষ; ইটা, শিল, লাঠিৰে আঘাতপ্ৰাপ্ত কেইবাজনো। বাৰাণসীৰ জৈতপুৰা থানা এলেকাৰ পৰা এক ভয়াৱহ ঘটনাৰ খবৰ পোৱা গৈছে, য’ত এটা ঘৰক লৈ হোৱা বিবাদ হিংসাত্মক ৰূপত পৰিণত হৈছে। সংঘাত শাৰীৰিক আক্ৰমণৰ পৰ্যন্ত তীব্ৰতৰ হৈ পৰে আৰু ফলত দুয়োপক্ষই ইটা, শিল, লাঠি আদি ব্যৱহাৰ কৰি তীব্ৰ সংঘৰ্ষৰ সৃষ্টি হয়। স্থানীয় খবৰ অনুসৰি এই কাজিয়াৰ ফলত সেই স্থানত এক বিশৃংখল দৃশ্যৰ সৃষ্টি হয়। এই ঘটনাত কেইবাজনো লোক আহত হোৱাৰ লগতে একাংশ লোকৰ মূৰত আঘাত পোৱা বুলি জানিব পৰা গৈছে। ঘটনাৰ পাছতে স্থানীয় ৰাইজে আৰক্ষীক খবৰ দিয়ে। তথ্য লাভ কৰাৰ লগে লগে আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। আৰক্ষীয়ে তদন্ত আৰম্ভ কৰি দুয়োপক্ষকে জেৰা কৰি আছে; প্ৰাথমিক তথ্যৰ ভিত্তিত অধিক আইনী ব্যৱস্থা গ্ৰহণ কৰা হৈছে।)

বাৰানসীৰ স্থানীয় সংবাদ প্ৰতিষ্ঠান Dalimss News ৰ ভেৰিফাইড এক্স হেণ্ডেলতো এই ভিডিঅ’টোৰে সৈতে কৰা টুইটটোত লিখা হৈছে- A major clash broke out in Varanasi’s Jaitpura area after a dispute over a house escalated into violence between two groups. According to local reports, tensions over the property issue intensified, leading to a heated confrontation that soon turned into a physical altercation. Members of both sides allegedly pelted bricks and stones and used sticks during the clash, creating panic in the locality. Several people are reported to have sustained injuries, with some suffering head wounds during the violence. The incident triggered chaos in the area as residents gathered at the scene and attempts were made to bring the situation under control. Police and local authorities are expected to investigate the matter and take appropriate action against those found responsible. The exact cause of the dispute and the extent of injuries are being verified. The incident highlights how long-standing property disputes can quickly spiral into serious law-and-order situations if not resolved through legal channels. (বাৰাণসীৰ জৈতপুৰা অঞ্চলত এটা ঘৰক লৈ হোৱা বিবাদ দুটা গোটৰ মাজত হিংসাত্মক ৰূপ ধাৰণ কৰাৰ পিছতে এক বৃহৎ সংঘৰ্ষৰ সৃষ্টি হয়। স্থানীয় বাতৰি অনুসৰি সম্পত্তিৰ বিষয়টোক লৈ উত্তেজনা তীব্ৰতৰ হৈ পৰে, যাৰ ফলত তীব্ৰ সংঘাতৰ সৃষ্টি হয় আৰু অতি সোনকালেই শাৰীৰিক কাজিয়াত পৰিণত হয়। সংঘৰ্ষৰ সময়ত দুয়োপক্ষৰ সদস্যই ইটা-শিল নিক্ষেপ কৰাৰ লগতে লাঠি ব্যৱহাৰ কৰি স্থানীয় অঞ্চলটোত আতংকৰ সৃষ্টি কৰা বুলি অভিযোগ উঠিছে। কেইবাজনো লোক আহত হোৱাৰ খবৰ পোৱা গৈছে, হিংসাত্মক পৰিস্থিতিৰ সময়ত কিছুমানে মূৰত আঘাত পাইছে। ঘটনাস্থলীত বাসিন্দা সমবেত হোৱাৰ লগতে পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা চলোৱাত এই ঘটনাই অঞ্চলটোত বিশৃংখলতাৰ সৃষ্টি কৰে। আৰক্ষী আৰু স্থানীয় কৰ্তৃপক্ষই বিষয়টোৰ তদন্ত কৰি দায়ী বুলি ধৰা পৰাসকলৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ সম্ভাৱনা আছে। বিবাদৰ সঠিক কাৰণ আৰু আঘাতৰ পৰিসৰ পৰীক্ষা কৰা হৈছে। এই কাণ্ডই স্পষ্ট কৰি তুলিছে যে দীৰ্ঘদিনীয়া সম্পত্তিৰ বিবাদসমূহ আইনী মাধ্যমেৰে সমাধান নকৰিলে কেনেকৈ দ্ৰুতভাৱে গুৰুতৰ আইন-শৃংখলাজনিত পৰিস্থিতিলৈ পৰ্যবসিত হ’ব পাৰে।

অমৰ উজালাৰ বাতৰিটো এই ভিডিঅ’টো বাৰানসীত হোৱা সম্পত্তিকেন্দ্ৰীক বিবাদৰ বুলি উল্লেখ কৰা হৈছে।

ইয়াৰ পৰাই প্ৰমাণ হয় যে এই ভাইৰেল দাবী বিভ্ৰান্তিকৰ। আমি লাভ কৰা প্ৰতিটো তথ্য প্ৰমাণৰ পৰা নিশ্চিত হয় যে সেয়া বাৰানসীৰ জৈতপুৰা থানাৰ অন্তৰ্গত এক অঞ্চলত দুটা ফৈদৰ মাজত এক সম্পত্তিকেন্দ্ৰীক বিবাদৰ ভিডিঅ’কে মৌলবীয়ে মাংস নথকা বিৰিয়ানী খাবলৈ অমান্তি হোৱাৰ বাবে স্থানীয় লোকে প্ৰহাৰ কৰা বুলি প্ৰচাৰ কৰা হৈছে। 

 যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে,সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

 যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Result Stamp

Title: বাৰানসীৰ সম্পত্তিকেন্দ্ৰীক বিবাদৰ দৃশ্যকে বিভ্ৰান্তিকৰভাৱে মৌলবীৰ ওপৰত আক্ৰমণ বুলি প্ৰচাৰ।

Fact Check By: Pranjal Sharma

Result: Misleading

Leave a Reply

Your email address will not be published. Required fields are marked *