মধ্য প্ৰদেশৰ ইকৰেলাত ২০২৩চনত এটা ৰোগাক্ৰান্ত দুৰ্বল বাঘে মানুহৰ মাজলৈ ওলাই অহা দৃশ্যকে ৰাজস্থানৰ আজমেৰত চুলাই মদ খোৱা বাঘৰ দৃশ্য বুলি মিছাকৈ প্ৰচাৰ।  

শেহতীয়াকৈ অসমৰ এটা ফেচবুক একাউণ্টত এটা দৃশ্য আপলোড কৰি দাবী কৰা হৈছে যে সেয়া ৰাজস্থানৰ আজমেৰৰ শেহতীয়া এক ঘটনা, য’ত এটি বাঘে চুলাই মদ খোৱাৰ ফলত নিচাগ্ৰস্থ হৈ ধলং পলঙকৈ খোজ কাঢ়ি আহি আছিল আৰু ওচৰৰ মানুহবোৰে এইদৰে বাঘটোৰ সৈতে ধেমালি কৰিছে।  Facebook Link Archived Link কিন্তু দাবীটো সত্য হয়নে? আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ […]

Continue Reading

প্ৰাগ নিউজৰ ল’গো ব্যৱহাৰ কৰি ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ, সাংবাদিক অজিত কুমাৰ ভূঞাৰ মৃত্যু হোৱা বুলি মিছাকৈ প্ৰচাৰ।

শেহতীয়াকৈ অসমৰ এটা ফেচবুক একাউণ্টত অসমৰ এক সংবাদ প্ৰতিষ্ঠান প্ৰাগ নিউজৰ ল’গো ব্যৱহাৰ ব্যৱহাৰ কৰি অসমৰ বিশিষ্ট সাংবাদিক,সাহিত্যিক তথা ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ অজিত কুমাৰ ভূঞাৰ ফটোত লিখা হৈছে – ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ অজিত কুমাৰ ভূঞাৰ মৃত্যু। GMCHৰ ICUত চিকিত্সাধীন আছিল সাংবাদিকগাৰকী। এইদৰে প্ৰাক্তন সাংসদগৰাকীৰ মৃত্যু ঘটা বুলি দাবী কৰা হৈছে। Facebook LinkArchived Link কিন্তু দাবীটো […]

Continue Reading

জৰ্জিয়াৰ সংসদৰ পুৰণি ঘটনা ইজৰাইলৰ সংসদৰ শেহতীয়া ঘটনা বুলি ভাইৰেল।

শেহতীয়াকৈ কোনো সংসদত ভাষণৰত অৱস্থাত এগৰাকী ব্যক্তিক আন এগৰাকী ব্যক্তিয়ে শাৰিৰীক আক্ৰমণ কৰাৰ এক ভিডিঅ’ ভাইৰেল হৈছে ছ’চিয়েল মিডিয়াত। ভিডিঅ’টো শ্বেয়াৰ কৰি ব্যৱহাৰকাৰীয়ে দাবী কৰিছে যে সেয়া ইজৰাইলৰ সংসদ “নেছেট”ত (Knesset) হোৱা মাৰপিটৰ দৃশ্য। Facebook Link | Archived Link  আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ। সত্যতা নিৰূপণ পদ্ধতি  আমি প্ৰথমে ভাইৰেল […]

Continue Reading

অখিল গগৈৰ ১৩ বছৰ পুৰণি মন্তব্যকে বিভ্ৰান্তিকৰভাৱে শেহতীয়া বুলি প্ৰচাৰ কৰা হৈছে। 

শেহতীয়াকৈ অসমৰ এটা ফেচবুক পেজত এটা পোষ্ট কৰা হৈছে। পোষ্টটোত এটা ভিডিঅ’ আপলোড কৰা হৈছে। অসমৰ শিৱসাগৰ বিধানসভা সমষ্টিৰ বিধায়ক তথা ৰাইজৰ দল নামৰ ৰাজনৈতিক দলটোৰ শীৰ্ষ নেতা অখিল গগৈয়ে অসমৰ লোকসভাৰ সাংসদ গৌৰৱ গগৈক অপদাৰ্থ বুলি কোৱা দেখা গৈছে। পোষ্টটোত লিখা হৈছে এইদৰে- ‘গৌৰৱ গগৈ এজন অপদাৰ্থ মানুহ’ ।সাংসদ গৌৰৱ গগৈৰ সংবাদমেলৰ পিছতে অখিল […]

Continue Reading

এই মন্তব্য ত্ৰিদিব ভাগৱতীয়ে কৰা নাই। দাবীটো মিছা। 

শেহতীয়াকৈ অসমৰ এটা ফেচবুক পেজত এটা পোষ্ট কৰা হৈছে। পোষ্টটোত যুৱ বক্তা ত্ৰিদিব ভাগৱতীৰ ফটো ব্যৱহাৰ কৰি কিছু মন্তব্য লিখা হৈছে। দাবী কৰা হৈছে সাংসদ গৌৰৱ গগৈ সন্দৰ্ভত ত্ৰিদিব ভাগৱতীয়ে সেই মন্তব্য কৰিছে। কেপছনত লিখিছে- এগৰাকী সাংসদৰ এনে দেশদ্ৰোহী কৰ্ম সঁচাকৈয়ে লজ্জাজনক’। যুৱ লেখক ত্ৰিদিপ ভাগৱতীৰ মন্তব্য। ফটোখনত টেক্সট ওভাৰলে’ কৰি লিখা হৈছে- কথাবোৰ মিছা […]

Continue Reading

হিমাংশু প্ৰদাস দাসে এই মন্তব্য কৰা নাই। দাবীটো মিছা। 

শেহতীয়াকৈ অসমৰ এটা ফেচবুক পেজত অসমৰ নাট্যকাৰ, পৰিচালক,অভিনেতা হিমাংশু প্ৰসাদ দাসৰ এখন ফটো আপলোড কৰি টেক্সট ওভাৰলে’ কৰি লিখা হৈছে- এগৰাকী সাংসদৰ এনে দেশদ্ৰোহীতা হত্যাতকৈয়ো ডাঙৰ অপৰাধ-হিমাংশু প্ৰসাদ দাস। অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সাংসদ গৌৰৱ গগৈৰ পাকিস্তানৰ সৈতে সম্পৰ্ক থকা বুলি সংবাদ মেলত ঘোষণা কৰাৰ পাছতে এই পেজটোত অসমৰ বিভিন্ন খ্যাতিমান লোকে কৰা […]

Continue Reading

আমাৰ দেশৰ সংসদ আৰু সাংসদৰ নিৰাপত্তা ব্যৱস্থা আৰু অসমৰ সাংসদ ৰকিবুল হুছেইনৰ ওপৰত চলা আক্ৰমণ প্ৰসংগত কিছু আলোচনা।

প্ৰস্তাৱনা শেহতীয়াকৈ যোৱা ২০ ফেব্ৰুৱাৰী ২০২৫ত অসমৰ ৰূপহী নামৰ ঠাইটুকুৰাত সংঘটিত এটা ঘটনাই সমগ্ৰ অসমতেই চৰ্চা আৰু সমালোচনাৰ কাৰক হোৱাৰ সমান্তৰালকৈ ৰাজ্য আৰু দেশৰ সংবাদ মাধ্যমৰো মুখ্য বাতৰি হিচাপে পৰিগণিত হৈছে। সেয়া হৈছে ধুবুৰী লোকসভা সমষ্টিৰ কংগ্ৰেছ সাংসদ, অসমৰ প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনৰ ওপৰত হোৱা শাৰীৰিক আক্ৰমণ। নিজ পুত্ৰ তথা ৰাজনীতিক তাঞ্জিল হুছেইন তথা অন্য […]

Continue Reading