
যোৱা ২৪ জুনত ভেনিজুৱেলাত ৭.২ আৰু ৭.৫ প্ৰাবল্যৰ দুটা ভূমিকম্পই বিস্তৰ ক্ষতিসাধন কৰে য’ত কমেও ২৩৫ জনৰ মৃত্যু হয় আৰু ৪,৩০০ জনতকৈও অধিক লোক আঘাতপ্ৰাপ্ত হয়। এই পটভূমিত ভূমিকম্পৰ ফলত এটা বিল্ডিং ভাঙি পৰাৰ এক দৃশ্য ভাইৰেল হৈছে ছ’চিয়েল মিডিয়াত। দাবী কৰা হৈছে যে সেয়া সেয়া ভেনিজুৱেলাৰ শেহতীয়া ভূমিকম্পৰ দৃশ্য।
আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ।
সত্যতা নিৰূপণ পদ্ধতি
আমি প্ৰথমে ভাইৰেল ভিডিঅ’টোৰ স্ক্ৰীনশ্বটৰ ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰিলোঁ। তেতিয়া ৰয়টাৰছৰ অফিচিয়েল ইউটিউব চেনেলত এই ভিডিঅ’টো ২০২৬ চনৰ ৯ জুনত আপলোড হোৱা দেখিলোঁ।

প্ৰতিবেদন অনুসৰি সেয়া ফিলিপাইনছৰ ভূমিকম্পৰ সময়ত Jollibee নামৰ ৰেষ্টুৰেণ্টখন ভাঙি পৰাৰ দৃশ্য।
বিবিচি নিউজৰ অফিচিয়েল ইউটিউব চেনেলতো এই ভিডিঅ’টো ২০২৬ চনৰ ৮ জুনত আপলোড কৰা হৈছিল। প্ৰতিবেদন অনুসৰি সেয়া ফিলিপাইনছত অলপতে হোৱা ৭.৮ প্ৰাবল্যৰ ভূমিকম্পৰ ফলত Jollibee নামৰ ৰেষ্টুৰেণ্টখন ভাঙি পৰাৰ দৃশ্য।
চিবিএছ নিউজৰ ফেচবুক পেজত আমি এক প্ৰতিবেদন পালোঁ য’ত লিখা কেপশ্বনৰ অসমীয়া অনুবাদ এনেধৰণৰ, “ফিলিপাইনছৰ মিন্দানাও অঞ্চলত ৮ জুন সোমবাৰে ৭.৮ ৰিখটাৰ স্কেলৰ শক্তিশালী ভূমিকম্পৰ পিছত ফাষ্ট ফুড ৰেষ্টুৰেণ্ট Jollibeeৰ বিল্ডিং ভাঙি পৰে। ভিডিঅ’টোত দেখা গৈছে যে তিনিমহলীয়া অট্টালিকাটো ভাঙি পৰাৰ মাত্ৰ কেইমুহূৰ্তমান আগতেই ইউনিফৰ্ম পিন্ধা দুজন জলিবীৰ কৰ্মচাৰীকে ধৰি তিনিজন লোক ওলাই আহে। স্থানীয় প্ৰতিবেদন অনুসৰি জলিবীয়ে এক বিবৃতিত কয় যে তেওঁলোকৰ সকলো কৰ্মচাৰীৰ “হিচাপ দিয়া হৈছে আৰু তেওঁলোক নিৰাপদ”।
গতিকে ভিডিঅ’টো ভেনিজুৱেলাৰ শেহতীয়া ভূমিকম্পৰ নহয় বুলি আমি নিশ্চিত হ’লোঁ।
ফলাফল
আমাৰ অনুসন্ধানৰ পৰা আমি ক’ব পাৰোঁ যে ভাইৰেল দাবীটো বিভ্ৰান্তিকৰ। ভিডিঅ’টো ভেনিজুৱেলাৰ শেহতীয়া ভূমিকম্পৰ নহয় বৰং ফিলিপাইনছত যোৱা ৮ জুনত হোৱা ভূমিকম্পৰহে।
যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।
যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:
ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ


