
ছচিয়েল নেটৱৰ্ক ছাইট টুইটাৰত ভাইৰেল হৈ পৰিছে দুখন বিশেষ ফটো। কংগ্ৰেছ মুক্ত ভাৰত (@sagenaradmuni) নামৰ টুইটাৰ হেণ্ডেল এটাৰ পৰা আপলোড হোৱা ফটো দুখন হৈছে অসমৰ প্ৰাক্তন বিতৰ্কিত কংগ্ৰেছ বিধায়িকা ৰুমী নাথ আৰু তেওঁৰ দ্বিতীয় স্বামী জেকী জাকিৰ হুছেইনৰ। ৪ অক্টোবৰ, ২০১৯, পুৱতি নিশা ২:২৩ বজাত পোষ্ট কৰা আপডেটটোত লিখা হৈছে যে “এগৰাকী হিন্দু নাৰীয়ে নিজৰ স্বামী আৰু ল’ৰা-ছোৱালীক এৰি এজন জাকিৰ হুছেইনক বিয়া পাতিলে আৰু নাম সলাই ৰুবিয়া হৈ পৰিল… জাকিৰ হুছেইনে বিয়াৰ পাছত তাইৰ লগত যি কৰিলে সেয়া প্ৰত্যাশিত আছিল।”
টুইটাৰত (Twitter) পোষ্টটো পঢ়ক ইয়াত
সংৰক্ষিত (Archived) পোষ্টটো পঢ়ক ইয়াত
এই পোষ্টটো খন্তেকতে সমগ্ৰ টুইটাৰতে ভাইৰেল হৈ পৰিল, বিশেষকৈ #Assam-ত আজিৰ দিনটোত শীৰ্ষত দেখা গ’ল। বহুতো লোকে মন্তব্য দিয়া দেখা গ’ল যে মুছলমান লোকৰ লগত হিন্দু ছোৱালীয়ে বিয়া পাতিলে এনেকুৱা অৱস্থাই হয়।
প্ৰণালী
উক্ত পোষ্টটোৰ সত্যতা জানিবলৈ আমি উপৰোক্ত ফটোখন (ৰুমী নাথৰ মুখত আঘাত থকা ফটোখন) গুগলত ৰিভাৰছ ইমেজ ছাৰ্চ কৰিলোঁ আৰু দেখা পালোঁ যে বহুতো সৰ্বভাৰতীয় পৰ্য্যায়ৰ নিউজ হাউচ যেনে ইণ্ডিয়া টুডে-ত জুন ৩০, ২০১২ চনতেই এই বিষয়ে সবিস্তাৰে এইখন ফটোকে ব্যৱহাৰ কৰি বহুতো নিউজ ইতিমধ্যেই প্ৰকাশিত হৈছে। ইণ্ডিয়া টুডে-ত তেতিয়াৰ মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে এই আক্ৰমণক গৰিহণা দিয়া বাতৰিও আমি দেখিবলৈ পালোঁ। এই বাতৰিসমূহ পঢ়িলেই গম পোৱা যায় যে ফটোখনত প্ৰাক্তন বিধায়িকা ৰুমী নাথ আৰু তেওঁৰ দ্বিতীয় স্বামীক অসমৰ কৰিমগঞ্জ চহৰত এদল মানুহে আক্ৰমণ কৰিছিল আৰু এই ফটোখন সেইটো ঘটনাৰ সময়ৰ ফটো হয়।
ইয়াৰ পাছত আমি এইটো বাতৰিৰ লগত জড়িত কিছুমান কীৱৰ্ডছ ব্যৱহাৰ কৰি গুগলত চাৰ্চ কৰিলোঁ। ফলত আমি ৰাষ্ট্ৰীয় নিউজ চেনেল NDTV-টো এই বিষয়ে ওলোৱা বাতৰিৰ ভিডিঅ’ দেখা পালোঁ য’ত তেতিয়াৰ বিধায়িকা গৰাকীয়ে তেওঁ আৰু তেওঁৰ স্বামী জাকিৰ হুছেইনৰ ওপৰত হোৱা আক্ৰমণৰ বিষয়ে সংবাদ মাধ্যমৰ আগত বিস্তাৰিতভাৱে প্ৰকাশ কৰিছে।
ফলাফল
উপৰোক্ত টুইটাৰ পোষ্টটো ভুৱা হয়। আমি জানিব পাৰিলোঁ যে ৰুমী নাথৰ ফটোত থকা আঘাতবোৰ তেওঁৰ স্বামীৰ আক্ৰমণত ফলত হোৱা নাছিল বৰঞ্চ সেইয়া এদল মানুহৰ আক্ৰমণৰ ফলত হৈছিল ।

Title:প্ৰাক্তন বিধায়িকাৰ ওপৰত হোৱা আক্ৰমণৰ পুৰণা ফটো ব্যৱহাৰ কৰি টুইটাৰত ভাইৰেল ভুৱা পোষ্ট
Fact Check By: Manjori BorkotokyResult: False