অলপতে আমাৰ হোৱাটচ‌এপ নম্বৰলৈ এখন বিশেষ ফটো আহিছিল। ফটোখন আছিল এক হালধীয়া ৰঙৰ কাছৰ। দাবী কৰা হৈছে যে এই কাছটো উদ্ধাৰ হৈছে নেপালৰ মিথিলাত। Archived Link

আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ল'লোঁ।

সত্যতা নিৰূপণ পদ্ধতি

প্ৰথমে আমি ৰিভাৰ্ছ ইমেজ চাৰ্চ কৰি কিছু তথ্য পালোঁ।

আমি ২০২০ চনৰ অক্টোবৰ মাহৰ ৩০ তাৰিখে টাইমছ অফ ইণ্ডিয়াত প্ৰকাশিত এটা নিউজ ৰিপ'ৰ্ট পালোঁ। সেই নিউজ ৰিপ'ৰ্টটোৰ শিৰোনাম আছিল এনেধৰণৰ, "পশ্চিম বংগৰ বুৰদ্বানত মাছমৰীয়াৰ জালত উদ্ধাৰ হৈছে বিৰল হালধীয়া কাছ" (Rare yellow turtle saved from fisherman's net in West Bengal's Burdwan)। নিউজ ৰিপ'ৰ্টত সংলগ্ন ফটোখন আছিল আমালৈ অহা ফটোখনৰ সৈতে সাইলাখ একেই।

অনুগ্ৰহ কৰি ইয়াত পঢ়ক। Archived Link

আমি পুনৰ কীৱ'ৰ্ড চাৰ্চ কৰি দেবাশীষ শৰ্মা, আই এফ এচ (Debashish Sharma, IFS) নামৰ টুইটাৰ একাউণ্টৰ পৰা ২০২০ চনৰ অক্টোবৰ মাহৰ ২৭ তাৰিখে কৰা টুইট এটা পালোঁ। টুইটটোত কোৱা হৈছিল যে পশ্চিম বংগৰ বুৰদ্বানৰ এটা পুখুৰীৰ পৰা আজি এটা হালধীয়া কাছ উদ্ধাৰ কৰা হৈছে। এয়া এক বিৰল প্ৰজাতিৰ ফ্লেপশ্বেল টাৰ্টল (Today a yellow Turtle was rescued from a Pond in Burdwan, WB. It's one kind of a rarely occuring Flapshell Turtle)। টুইটটোত সংলগ্ন ফটোখন আছিল আমালৈ অহা ফটোখনৰ সৈতে সাইলাখ একেই।

Archived Link

উদ্ধাৰ হোৱা হালধীয়া কাছটোৰ বিষয়ে প্ৰকাশিত বাতৰি অনুগ্ৰহ কৰি ইয়াত, ইয়াত আৰু ইয়াত পঢ়ক।

ফলাফল

আমাৰ অনুসন্ধানৰ পৰা আমি জানিব পাৰিলোঁ যে হালধীয়া কাছটো উদ্ধাৰ হৈছিল পশ্চিম বংগৰ বুৰদ্বানৰ এটা পুখুৰীৰ পৰা ২০২০ চনৰ অক্টোবৰ মাহত, দাবী কৰা ধৰণে নেপালৰ মিথিলাত নহয়।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ প্ৰাপ্ত কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:হালধীয়া ৰঙৰ কাছটো নেপালৰ মিথিলাত উদ্ধাৰ হোৱা নাই

Fact Check By: Debanjana Baishya

Result: False