ৰাহুল গান্ধীয়ে মমবাতি নথকা কেকত ফু মাৰি জন্মদিন পালন কৰা দাবীটো সত্য নহয়।  

False Social

শেহতীয়াকৈ অসমৰ এটা ফেচবুক পেজত যোৱা ২০ জুন ২০২৬ত এখন ফটো আপলোড কৰি দাবী কৰিছে যে যোৱা শুকুৰবাৰ ১৯ জুন ২০২৬ত কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে নিজৰ জন্মদিনত মমবাতি নথকা কেকত ফু মাৰিছিল আৰু ৰাহুল গান্ধীয়ে কেক কাটিবলৈ নৌপাওতেই মল্লিকাৰ্জুন খাৰ্গেই কেক কাটিছিল। পোষ্টটোত লিখিছে- ৰাহুল গান্ধীৰ জন্মদিনক লৈ সামাজিক মাধ্যমত বিতৰ্ক। মমবাতি অবিহনে কেকত ফু মাৰিলে ৰাহুল গান্ধীয়ে। কেক কাটিবলৈ ৰাহুলে সোঁ হাতত ছুৰী লৈ থাকোতেই মল্লিকাৰ্জুন খাৰ্গে কেক কাটি দিলে। শুকুৰবাৰে ৰাহুলৰ জন্মদিন উদযাপন। 

Facebook Link Archived Link

কিন্তু দাবীটো সত্য হয়নে?

আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।

সত্যতা নিৰূপণ পদ্ধতি

অনুসন্ধানৰ আৰম্ভনীতে আমি সেই ভাইৰেল ফটোখন ভালদৰে পৰীক্ষা কৰিলোঁ। কেকটোৰ ফটোখন জুম ইন কৰিলে মমবাতি দুডাল দেখা যায় যদিও কোণ আৰু ছবিৰ মানদণ্ডৰ বাবে আঁতৰৰ পৰা সেয়া স্পষ্টকৈ দেখা পোৱা নাযায়।

ভাইৰেল ফটোখনৰ ৰিভাৰ্ছ ইমেজ চাৰ্চ কৰোতো যোৱা ১৯ জুন ২০২৬ তাৰিখে হিন্দুস্তান টাইমছৰ ইনষ্টাগ্ৰাম পোষ্ট এটা পালোঁ।পোষ্টটোত কংগ্ৰেছ দলৰ কাৰ্যালয়ত অনুষ্ঠিত হোৱা ৰাহুল গান্ধীৰ জন্মদিন উদযাপনৰ একাধিক ফটো প্ৰকাশ পাইছিল। একেটা উদযাপনৰ পৰা শ্বেয়াৰ কৰা ফটোসমূহৰ ভিতৰত এখন ফটোত জন্মদিনৰ কেকটোৰ ওপৰত জ্বলাই ৰখা মমবাতি দুডাল স্পষ্টকৈ দেখা গৈছে।

কংগ্ৰেছে নিজৰ ৱেবছাইটতো উদযাপনৰ ফটো শ্বেয়াৰ কৰিছে। এই ফটোবোৰতো কেকটোৰ ওপৰত দুডাল মমবাতি জ্বলাই থোৱাতো স্পষ্টকৈ দেখা গৈছে। আনকি কংগ্ৰেছে ৰাহুল গান্ধীৰ জন্মদিন উদযাপনৰ এটা ভিডিঅ’ও শ্বেয়াৰ কৰে। সেই ফুটেজত দেখা গৈছে যে ৰাহুল গান্ধীয়ে মমবাতি নুমুৱাইছে, তাৰ পাছত মমৰ শিখা নুমাই যায়। তদুপৰি ৰাহুল গান্ধীয়ে খাৰ্গেৰ লগতেই কেকটো কাটিছিল। ভিডিঅ’টোৰ ১৯ চেকেণ্ডত সেই দৃশ্য দেখা যায়।

ইয়াৰ পৰাই প্ৰমাণ হয় যে এই ভাইৰেল দাবী মিছা। বহুলভাৱে প্ৰচাৰিত ফটোখনত মমবাতিবোৰ বিশেষভাৱে দেখা নাযায় যদিও জন্মদিন উদযাপনৰ আন ফটো আৰু ভিডিঅ’ ফুটেজত স্পষ্টকৈ দেখা গৈছে যে ৰাহুল গান্ধীয়ে ফুৱাই দিয়াৰ আগতেই কেকটোৰ ওপৰত দুটা মমবাতি জ্বলাই ৰখা হৈছিল। 

 যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে,সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

 যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Result Stamp

Title: ৰাহুল গান্ধীয়ে মমবাতি নথকা কেকত ফু মাৰি জন্মদিন পালন কৰা দাবীটো সত্য নহয়।

Fact Check By: Fact Crescendo Team

Result: False

Leave a Reply

Your email address will not be published. Required fields are marked *