শেহতীয়াকৈ অসমৰ বিভিন্ন চ'চিয়েল মেডিয়াত এক বিশেষ বাতৰি বিয়পি পৰিছে। অসমৰ বিভিন্ন প্ৰান্তত "সোপাধৰা" / শিশু অপহৰণকাৰী চক্ৰ সক্ৰিয় হৈ থকা বুলি বিভিন্নজনে চ'চিয়েল মেডিয়াত পোষ্ট শ্বেয়াৰ কৰা দেখা গৈছে।

Facebook Link | Archived Link

এনেধৰণৰ পোষ্ট ইয়াত আৰু, ইয়াতো দেখিবলৈ পাব।

তদুপৰি সোপাধৰা সন্দেহত অসমৰ বিভিন্ন ঠাইত বিভিন্ন বিক্ষিপ্ত ঘটনাৰ বাতৰিও দেখিবলৈ পোৱা গ'ল।

Facebook Link | Archived Link

কেৱল সোপাধৰাই নহয় কিছুমান ঠাইত মূৰ কটা মানুহ, পিছল মানুহ ইত্যাদি ওলোৱা বুলিও কিছুমান পোষ্ট শ্বেয়াৰ হোৱা দেখা গৈছে।

Facebook Link | Archived Link

আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ল'লোঁ।

সত্যতা নিৰূপণ পদ্ধতি

প্ৰথমে আমি কীৱ'ৰ্ড চাৰ্চ কৰিলোঁ। তেতিয়া আমি অসম পুলিচৰ অফিচিয়েল টুইটাৰ একাউণ্টৰ পৰা যোৱা ১৬ চেপ্তেম্বৰত কৰা এটা টুইট পালোঁ। তাত উল্লেখ কৰা হৈছিল এইদৰে - "বিভিন্ন ঠাইত পুনৰ সোপাধৰাৰ বিষয়ে কিছু উৰাবাতৰি বিয়পা পৰিলক্ষিত হৈছে, যাৰ ফলত গণহত্যাৰ ঘটনাৰ পুনৰাবৃত্তিৰ আশঙ্কা সৃষ্টি হৈছে । শিশু অপহৰণকাৰীৰ বিষয়ে অপ্ৰমাণিত উৰাবাতৰি ফৰৱাৰ্ড বা শ্বেয়াৰ কৰাৰ পৰা বিৰত থাকিবলৈ নাগৰিকসকলক অনুৰোধ জনোৱা হ'ল ।"

Archived Link

অসম পুলিচৰ অফিচিয়েল ফেচবুক পেজটো এই একেটা সতৰ্কবাণী পোষ্ট কৰা দেখা গ'ল।

Facebook Link | Archived Link

ইয়াৰ দ্বাৰা বুজিব পাৰি যে সোপাধৰা সম্পৰ্কে বিয়পা বাতৰি সমূহ উৰাবাতৰিহে মাথোঁ। সময়ে সময়ে এনেধৰণৰ উৰাবাতৰিয়ে আমাৰ সমাজত এক বিশৃংখলতা তথা ত্ৰাসৰ সৃষ্টি কৰি বিভিন্নজনৰ প্ৰাণহানিও কৰি আহিছে। গতিকে আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াইও আপোনালোকক অনুৰোধ জনালোঁ যাতে উৰাবাতৰিত ভোল নাযায়।

ফলাফল

আমাৰ অনুসন্ধানৰ পৰা আমি ক'ব পাৰোঁ যে অসমৰ বিভিন্ন প্ৰান্তত সোপাধৰা ওলোৱা বুলি প্ৰচাৰিত বাতৰি ভুৱা আৰু ই এক উৰাবাতৰিহে মাথোঁ।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ প্ৰাপ্ত কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:অসমত কোনো সোপাধৰা ওলোৱা নাই

Fact Check By: Debanjana Baishya

Result: False