ইথানল মিহলি পেট্ৰ’ল ভৰোৱা বাইকৰ টেংকত মৌ-মাখি পৰা দৃশ্যটো AI Generated.   

False Social

শেহতীয়াকৈ অসমৰ কেইবাটাও ফেচবুক পেজত এটা বিশেষ ভিডিঅ’ আপলোড কৰি দাবী কৰিছে যে শেহতীয়াকৈ ইথানল মিহলি কৰা পেট্ৰ’ল ভৰাওতে বাইক এখনৰ টেংকটোত মৌ-মাখিয়ে ভিৰ কৰিছিল।  প্ৰথমটো পোষ্টত লিখিছে-ইথানল মিহলি তেলৰ গোন্ধত আকৃষ্ট হৈ মটৰচাইকেলৰ টেংকত সোমাল মৌ-মাখি! বাকী পোষ্টত লিখিছে-কুহিয়াৰৰ ৰসৰ পৰা বনোৱা ইথানল মিহলি তেল ভৰাওতে মৌ মাখি আহি গল মটৰ বাইকৰ তেলৰ টেংকত ।

Facebook Link Archived Link

Facebook Link Archived Link

Facebook Link Archived Link

কিন্তু দাবীটো সত্য হয়নে?

আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।

সত্যতা নিৰূপণ পদ্ধতি

অনুসন্ধানৰ আৰম্ভনীতে আমি সেই  ভিডিঅ’টোৰ কী-ফ্ৰেম লৈ ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰিলোঁ। তেতিয়া আমি প্ৰথমে এক্সত এই ভিডিঅ’টোৰ সংবৰ্ধিত সংস্কৰণ এটা পালোঁ। তাতো আৱশ্যে একেই দাবী উত্থাপন কৰিছে। আমি সেই মূল ভিডিঅ’টোত গুগল জেমিনাইৰ ল’গোটো দেখিলোঁ। অৰ্থাত এইটো জেমিনাইৰ দ্বাৰা AI Generated বুলি আমি অনুমান কৰিলোঁ।   

ইনষ্টাগ্ৰামতো আমি সেই পূৰ্ণাংগ ভিডিঅ’টো পালোঁ। তাতো আমি গুগুল জেমিনাইৰ ল’গোটো পালোঁ।

ইয়াৰ আঁত ধৰি আমি AI content detection tools কিছুমান ব্যৱহাৰ কৰি আমি লাভ কৰা সেই দৃশ্যটোৰ সত্যতা জানিবলৈ চেষ্টা কৰিলোঁ। প্ৰথমে গুগল SynthIDত পৰীক্ষা কৰোতে এইটো AI Generated বুলি আমি জানিব পাৰিলোঁ।

অধিক সত্যতাৰ বাবে আমি HIVE Moderationতো ভিডিঅ’টো পৰীক্ষা কৰিলোঁ। তেতিয়াও আমি সেয়া ৯৯.৯ শতাংশয়ে AI Generated বুলি জানিব পাৰিলোঁ।

আন এটা AI content detection toolতো এই দৃশ্য ৯৪ শতাংশ AI Generated বুলি জানিব পাৰিলোঁ।

ইথানল মিহলি পেট্ৰ’লত মৌ-মাখি পৰা সন্দৰ্ভত আমি অধিক তথ্যৰ সন্ধান কৰিলোঁ, যদিও কোনো ধৰণৰ বিশ্বসযোগ্য তথা নিৰ্ভৰশীল তথ্য আমি লাভ নকৰিলোঁ। কোনো সংবাদ বা আনুষ্ঠানিক ঘোষণাও আমি লাভ নকৰিলোঁ। আমাৰ সন্ধানত অন্য এটা দাবীহে পোহৰলৈ আহিল। এটা ইনষ্টাগ্ৰাম হেণ্ডেলত এখন বাহনৰ টেংকত মৌ-মাখিয়ে ভিৰ কৰা দৃশ্য আমি দেখিলোঁ।

যদিও আমি ইতিমধ্যেই প্ৰথম দৃশ্যটো AI Generated বুলি প্ৰাথমিকভাৱে ইংগিত লাভ কৰিলোঁ, তথাপিও সামগ্ৰিকভাৱে এই দুয়োটা দৃশ্যৰ ভিত্তিত অনুসন্ধান কৰোতে PIB Fact Checkৰ এটা টুইট লাভ কৰিলোঁ। তাত কোৱা হৈছে- Several social media posts circulating online claim that ants are congesting their E20 petrol-fueled vehicle fuel filler caps. Beware! These claims are #Fake. A link between E20 fuel and ant attraction has no scientific basis.  There is no identifiable attractant associated with E20 fuel that would cause ants or other insects to congregate around vehicle fuel caps.( অনলাইনত প্ৰচাৰিত কেইবাটাও ছ’চিয়েল মিডিয়া পোষ্টত দাবী কৰা হৈছে যে পৰুৱাবোৰে তেওঁলোকৰ ই-২০ পেট্ৰ’ল ইন্ধন চালিত বাহনৰ ইন্ধন ভৰোৱা কেপত ভিৰ কৰিছে। সাৱধান! এই দাবীবোৰ মিছা। ই-২০ ইন্ধন আৰু পৰুৱাৰ আকৰ্ষণৰ মাজৰ যোগসূত্ৰৰ কোনো বৈজ্ঞানিক ভিত্তি নাই।) সেই টুইটটোত আমি লাভ কৰা দ্বিতীয় দৃশ্যটোৰ খণ্ডচিত্ৰ সংলগ্ন কৰি সেয়া মিছা বুলি প্ৰকাশ কৰা হৈছে। 

ইয়াৰ লগতে আমি ভাৰত পেট্ৰ’লিয়ামৰ তৰফৰ পৰা কৰা এটা টুইট পালোঁ। তাত উল্লেখ কৰা হৈছে- বাহনৰ ইন্ধন ভৰোৱা কেপৰ চাৰিওফালে পৰুৱা জমা হোৱা আৰু ই-২০ পেট্ৰ’লৰ সৈতে ইয়াৰ তথাকথিত সম্পৰ্কৰ বিষয়ে ছ’চিয়েল মিডিয়াত প্ৰচাৰিত দাবীসমূহ বিপিচিএলে পৰীক্ষা কৰিছে। পেট্ৰ’ল মিশ্ৰণৰ বাবে ব্যৱহাৰ কৰা ইন্ধন গ্ৰেডৰ ইথানল কিম্বন আৰু ডিষ্টিলেচন প্ৰক্ৰিয়াৰ জৰিয়তে উৎপাদন কৰা হয় যিয়ে চূড়ান্ত সামগ্ৰীৰ পৰা অৱশিষ্ট চেনি আঁতৰাই পেলায়। তদুপৰি ইথানল ইন্ধনত বিকৃতিকাৰী পদাৰ্থ থাকে, যিবোৰ পোক-পৰুৱাক আঁতৰত কৰে। মিশ্ৰণৰ সময়ত পেট্ৰ’লৰ বৈশিষ্ট্যপূৰ্ণ হাইড্ৰ’কাৰ্বনৰ গোন্ধ যিকোনো অন্তৰ্নিহিত ইথানলৰ গোন্ধতকৈ অধিক থাকে। ইয়াৰ উপৰিও ইথানল মিশ্ৰিত পেট্ৰ’লে প্ৰচলিত পেট্ৰ’লৰ তুলনাত কম ইন্ধনৰ বাষ্প গঠন প্ৰদৰ্শন কৰে। ফলত ই-২০ ইন্ধনৰ সৈতে জড়িত কোনো চিনাক্তকৰণযোগ্য আকৰ্ষণ নাই যিয়ে বাহনৰ ইন্ধনৰ টুপিৰ চাৰিওফালে পৰুৱা বা অন্যান্য পোকক জমা হ’বলৈ দিব। গতিকে ই-২০ ইন্ধন আৰু পৰুৱাৰ আকৰ্ষণৰ মাজত সম্পৰ্ক থকাৰ কথা কোৱা দাবীৰ কোনো বৈজ্ঞানিক ভিত্তি নাই। ছ’চিয়েল মিডিয়াত প্ৰচাৰিত হোৱা দাবীসমূহ ভিত্তিহীন আৰু বৈজ্ঞানিক প্ৰমাণৰ দ্বাৰাও সমৰ্থন কৰা হোৱা নাই।

 ইয়াৰ পৰাই প্ৰমাণ হয় যে যিটো ভিডিঅ’ ইথানল মিহলি পেট্ৰ’ল ভৰোৱা বাইকৰ টেংকত মৌ-মাখি পৰা বুলি দাবী কৰা হৈছে, সেই দৃশ্যটো আচলতে AI Generated.     

 যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে,সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

 যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Result Stamp

Title: ইথানল মিহলি পেট্ৰ’ল ভৰোৱা বাইকৰ টেংকত মৌ-মাখি পৰা দৃশ্যটো AI Generated.

Fact Check By: Pranjal Sharma

Result: False

Leave a Reply

Your email address will not be published. Required fields are marked *