অলপতে আমাৰ হোৱাটচ‌এপ নম্বৰলৈ এটা বিশেষ মেচেজ ফ'ৰৱাৰ্ড কৰা হৈছিল। মেচেজটো আছিল এনেধৰণৰ -"কলেজ বা অফিচলৈ যোৱা প্ৰতিগৰাকী ছোৱালীৰ বাবে বাৰ্তা।যদি আপুনি ৰাস্তাত কোনো শিশুৱে ঠিকনা দেখুৱাই কান্দি থকা দেখিছে আৰু আপোনাক সেই ঠাইলৈ লৈ যাবলৈ কয়, তেন্তে সেই শিশুটিক পোনে পোনে থানালৈ লৈ যাওক আৰু অনুগ্ৰহ কৰি তেওঁলোকক সেই ঠিকনালৈ নিনিব। ছোৱালীক চুৰি, ৰেপ আৰু অপহৰণ কৰিবৰ বাবে, এটা গেঙৰ এক নতুন প্ৰক্ৰিয়া। অনুগ্ৰহ কৰি এই বাৰ্তাটো সকলো ছোৱালী আৰু ল'ৰালৈ আগবঢ়াওক। যিসকলৰ ভনীয়েক আৰু বন্ধু আছে।" মেচেজটো অসম পুলিচৰ পৰা ফ'ৰৱাৰ্ড কৰা হোৱা বুলি কোৱা হৈছিল। Archived Link

আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ল'লোঁ।

সত্যতা নিৰূপণ পদ্ধতি

প্ৰথমে আমি কীৱ'ৰ্ড চাৰ্চ কৰিলোঁ। তেতিয়া আমি অসম পুলিচৰ অফিচিয়েল টুইটাৰ একাউণ্টৰ পৰা যোৱা ২২ চেপ্তেম্বৰত কৰা এটা টুইট পালোঁ। তাত উল্লেখ কৰা হৈছিল যে কোনো দুষ্ট চক্ৰ‌ই এনেধৰণৰ মিছা স্ক্ৰীনশ্বট শ্বেয়াৰ কৰি সন্ত্ৰাস সৃষ্টি কৰিবলৈ চেষ্টা কৰিছে। এনেধৰণৰ ভুল তথ্য ফ'ৰৱাৰ্ড নকৰিবলৈ নাগৰিকসকলক অনুৰোধ জনোৱা হৈছে। এনেধৰণৰ মেচেজ ফ'ৰৱাৰ্ড কৰা সকলৰ প্ৰতি কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলিও অসম পুলিচৰ টুইটটোত উল্লেখ কৰা হৈছিল।

Archived Link

অসম পুলিচৰ অফিচিয়েল ফেচবুক পেজতো এই একেটা সতৰ্কবাণী পোষ্ট কৰা দেখা গ'ল।

Facebook Link | Archived Link

ইয়াৰ দ্বাৰা বুজিব পাৰি যে ছোৱালী অপহৰণ, ৰেপ গেঙৰ বিষয়ে বিয়পা বাতৰি সমূহ উৰাবাতৰিহে মাথোঁ। এনে ধৰণৰ বাতৰিৰ বাবেই সমাজত ত্ৰাস আৰু বিশৃংখলতাৰ সৃষ্টি হয়। গতিকে আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াইও আপোনালোকক অনুৰোধ জনালোঁ যাতে উৰাবাতৰিত ভোল নাযায়।

ফলাফল

আমাৰ অনুসন্ধানৰ পৰা আমি ক'ব পাৰোঁ যে অসম পুলিচৰ সতৰ্কবাণী বুলি ভাইৰেল হোৱা মেচেজটো আচলতে ভুৱা আৰু কোনো দুষ্ট চক্ৰৰ অভিসন্ধিহে।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ প্ৰাপ্ত কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:ছোৱালী অপহৰণ, ৰেপ গেঙ সক্ৰিয় হৈ থকা বুলি অসম পুলিচে কোনো সতৰ্কবাণী দিয়া নাই

Fact Check By: Debanjana Baishya

Result: False