

চীন দেশৰ ৱুহান নামৰ ঠাইখনৰ পৰা সংক্ৰমিত হোৱা ক’ৰনা ভাইৰাছ ৰোগে ধীৰে ধীৰে বিশ্বৰ বিভিন্ন দেশলৈ বিয়পি পৰিছে । এই বীজাণুৰ আক্ৰমণৰ ফলত চীনত তিনিহেজাৰতকৈ অধিকৰ মৃত্যু হৈছে আৰু হাজাৰ হাজাৰ মানুহ আক্ৰান্ত হৈছে । সমগ্ৰ বিশ্বতে এতিয়ালৈকে মুঠ এক লাখতকৈও অধিক মানুহৰ এই ভাইৰাছৰ আক্ৰমণৰ ফলত মৃত্যু হৈছে আৰু প্রায় ১৯ লাখ মানুহ আক্রান্ত হৈ আছে ।
বিশ্বৰ আন দেশৰ লগতে ভাৰতলৈও ক’ৰনা ভাইৰাছ ধীৰে ধীৰে বিয়পিব ধৰিছে আৰু ভাৰতত এতিয়ালৈকে দহ হেজাৰতকৈ অধিক ৰোগী চিনাক্ত হৈছে আৰু ৩৩৯ জনৰ মৃত্যু হৈছে । অসমতো ৩১জন ৰোগী ইতিমধ্যে চিনাক্ত হৈছে আৰু এজনৰ মৃত্যু হৈছে ।
এই সময়তে হোৱাটচ এপ্প আৰু ফেচবুকত ক’ৰনা ভাইৰাছ সম্পৰ্কীয় বিভিন্ন মেছেজ/ফটো/ভিডিঅ’ আদি বহুল ভাৱে শ্বেয়াৰ হৈছে আৰু অসমো এই ক্ষেত্ৰত পিছ পৰি থকা নাই । এনে এক ভিডিঅ’ ফেচবুকৰ যোগেদি অসমত আৰু সমগ্ৰ উত্তৰ-পূৱত ভাইৰেল হৈ পৰিছে য’ত দাবী কৰা হৈছে যে এইয়া উত্তৰ-পূৱ আৰু মণিপুৰৰ প্ৰথম ক’ৰনা ভাইৰাছ ৰোগীৰ ভিডিঅ’ হয় । ভিডিঅ’টোত এজন ৰোগীক হস্পিটেলৰ বিচনাত শুই থকা দেখা গৈছে আৰু শ্বাস-প্ৰশ্বাসত ভীষণ কষ্ট পাই থকা দেখা গৈছে ।
উক্ত ভিডিঅ’টো চাইদুৰ আছলাম নামৰ এটা ফেচবুক প্ৰফাইলৰ পৰা ২৪ মাৰ্চ, ২০২০ তাৰিখে দিনৰ ২:০৮ বজাত আপলোড কৰা হৈছে । উক্ত ভিডিঅ’টো ২৯৩ বাৰ শ্বেয়াৰ কৰা হৈছে আৰু ১৩ হাজাৰ বাৰ দৰ্শন কৰা হৈছে । ভিডিঅ’টো শ্বেয়াৰ হোৱা পোষ্টটোত দাবী কৰা হৈছে যে উক্ত ভিডিঅ’টো উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো ক’ৰনা ভাইৰাছ আক্রান্তৰ হয় আৰু এই যুৱতী গৰাকী মণিপুৰৰ হয় আৰু শেহতীয়াকৈ লণ্ডনৰ পৰা আহিছিল । এই একেটা ভিডিঅ’ শ্বেয়াৰ কৰি আৰু বহুতো এনে ধৰণৰ পোষ্ট ফেচবুকত ভাইৰেল হৈ পৰিছে । এই পোষ্টবোৰ চাওঁক ইয়াত ( সংৰক্ষিত পোষ্ট ), ইয়াত ( সংৰক্ষিত পোষ্ট ), ইয়াত ( সংৰক্ষিত পোষ্ট ), ইয়াত ( সংৰক্ষিত পোষ্ট ) আৰু ইয়াত ( সংৰক্ষিত পোষ্ট ) ।
সঁচাকৈ এই ভাইৰেল ভিডিঅ’টো মণিপুৰৰ আৰু উত্তৰ-পূবৰ প্ৰথম ক’ৰনা ভাইৰাছ আক্রান্তৰ নেকি? সত্য কি? জানোঁ আহক ।
প্ৰণালী
প্ৰথমে আমি উক্ত ভিডিঅ’টো মণিপুৰৰ হয় নে নহয় সেই বিষয়ে নিশ্চিত হবলৈ মণিপুৰৰ ইম্ফলস্থিত জৱাহৰলাল নেহৰু ইনষ্টিটিউট অফ মেডিকেল চাইন্সৰ মেডিকেল চুপাৰিন্টেণ্ডৰ প্ৰফেছৰ ৰাজেন টি’ৰ সৈতে যোগাযোগ কৰিলোঁ আৰু তেওঁ নিশ্চিত কৰিলে যে উক্ত ভিডিঅ’টো মণিপুৰৰ নহয় আৰু ভাইৰেল হোৱাৰ দৰে মণিপুৰৰ প্ৰথম ক’ৰনা ভাইৰাছ ৰোগীৰ লগত কোনো সম্পৰ্ক নাই ।
আমি ভাইৰেল ভিডিঅ’টো বিশেষ ছফ্টৱেৰৰ সহায়ত কীফ্ৰেমছত বিভক্ত কৰিলোঁ আৰু গুগলত ৰিভাৰ্ছ ইমেজ চাৰ্ছ কৰিলোঁ । আমি দেখিলোঁ যে ভিডিঅ’টো যোৱা মাৰ্চ ১৮, ২০২০ তাৰিখে ইকুয়েডৰৰ এক ইউজাৰে টুইটাৰত আপলোড কৰিছিল ।

উক্ত টুইটাৰ হেণ্ডেলটোৰ পৰা এই একেজন ৰোগীৰ কেইবাটাও ভিডিঅ‘ আপলোড কৰা হৈছিল য’ত লিখা আছিল যে উক্ত ৰোগীজন শ্বাস-প্ৰশ্বাসজনিত ৰোগত আক্ৰান্ত হৈছে আৰু এই ভিডিঅ’টো ইকুয়েডৰৰ ভেলেন্সিয়া চহৰৰ এক হস্পিটেলৰ হয় ।

ইয়াৰ উপৰিয়ো ভিডিঅ‘বোৰত স্পেনিছ ভাষাত কথা পতা আমি স্পষ্টকৈ শুনিবলৈ পাওঁ ।

ইয়াৰ পাছত আমি বিশেষ কিছুমান কীৱৰ্ডছ ব্যRৱহাৰ কৰি আৰু অনলাইন চাৰ্ছ কৰিলোঁ । আমি দেখিলোঁ যে একেজন ৰোগীৰে এক ভিডিঅ‘ ইকুয়েডৰৰ C6 Television Babahoyo নামৰ এক নিউজ চেনেলৰ ফেচবুক পেজৰ পৰা আপলোড কৰা হৈছে য’ত তেওঁলোকে স্পষ্ট কৰিছে যে উক্ত ৰোগীজন আচলতে শ্বাস-প্ৰশ্বাসজনিত ৰোগতহে আক্ৰান্ত হৈছে, ক’ৰনা ভাইৰাছ ৰোগত আক্ৰান্ত হোৱা নাই ।

ফলাফল
ভাইৰেল ভিডিঅ’টো মণিপুৰৰ বা উত্তৰ-পূৱৰ কোনো ক’ৰনা ভাইৰাছ ৰোগীৰ নহয় । এইটো মণিপুৰৰ প্ৰথম ক’ৰনা ভাইৰাছ ৰোগত আক্ৰান্ত হোৱা যুৱতী গৰাকীৰ ভিডিঅ’ বুলি প্ৰচাৰ কৰি জনসাধাৰণৰ মাজত অনাহকত আতংকৰ সৃষ্টি কৰা হৈছে ।

Title:এইটো মণিপুৰৰ প্ৰথম ক’ৰনা ভাইৰাছ ৰোগত আক্ৰান্ত হোৱা যুৱতী গৰাকীৰ ভিডিঅ’ নহয়!
Fact Check By: Manjori BorkotokyResult: False