২০২২ চনতে বাবা ৰামদেৱে ৰাহুল গান্ধী সম্পৰ্কত কোৱা কথা শেহতীয়া বুলি দাবী কৰি প্ৰচাৰ কৰা হৈছে। 

False Social

শেহতীয়াকৈ অসমৰ ফেচবুকত এটা বিশেষ ভিডিঅ’ৰ প্ৰচলন ঘটা দেখা গৈছে। সেই ভিডিঅ’টোত যোগগুৰু বাব ৰামদেৱে নেহৰু, ইন্দিৰা গান্ধী,ছোনীয়া গান্ধী আৰু ৰাহুল গান্ধীয়ে যোগ সাধনা কৰাৰ কথা কৈছে। লগতে কৈছে যে যোগ সাধনা কৰি ৰাহুল গান্ধীয়ে যঠেষ্ট সুফল পাইছে আৰু বৰ্তমান তেখেতে যিকোনো বস্ত্ৰ পৰিধান কৰি বৰ অনায়াসে বিভিন্ন অনুষ্ঠান তথা ৰেলীত ভাগ লৈছে। সেই ভিডিঅ’টো ফেচবুকত আপলোড কৰি ব্যৱহাৰকাৰীয়ে দাবী কৰিছে যে ৰামদেৱৰ সেই মন্তব্য শেহতীয়া। বৰ্তমানৰ লোকসভা নিৰ্বাচনত কংগ্ৰেছে জয়লাভ কৰিব বুলি জানি ৰামদেৱে বৰ্তমান ৰাহুল গান্ধীৰ প্ৰশংসা কৰিবলৈ আৰম্ভ কৰিছে। পোষ্টটোৰ কেপছনত লিখিছে- এইবাৰ কংগ্ৰেছ চৰকাৰ আহিব বুলি গম পাইছে বাবা ৰামদেৱে। সেই কাৰণে এতিয়া ৰাহুল গান্ধীৰ প্ৰশংসা কৰিছে। কেনে দুই নম্বৰী মানুহ এইবোৰ। এ

Facebook Link Archived Link

কিন্তু এই দাবী সত্য হয়নে?  

আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।  

সত্যতা নিৰূপণ পদ্ধতি

অনুসন্ধানৰ আৰম্ভনীতে আমি সেই ভিডিঅ’টো কাৰিকৰিভাৱে বিভিন্ন কী-ফ্ৰেমত ভাগ কৰি লৈ ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰিলোঁ। তেতিয়া আমি প্ৰথমে উত্তৰ প্ৰদেশ কংগ্ৰেছ কমিটিৰ আনুষ্ঠানিক ইউটিউৱ চেনেলত ২০২২ চনৰ ২৮ চেপ্তেম্বৰত সেই ভিডিঅটো আপলোড কৰা ৰূপত পালোঁ। তাৰ পৰা আমি নিশ্চিত হৈছোঁ যে ভিডিঅ’টো এতিয়াৰ নহয়।

সেই ভিডিঅ’টোৰ সম্পূৰ্ণ সংস্কৰণটো তলত সংলগ্ন কৰা হৈছে। 

অধিক অনুসন্ধানত আমি Live Hindustan নামৰ ইউটিউৱ চেনেলত সেই ভিডিঅ’টো সম্পৰ্কত এক প্ৰতিবেদন লাভ কৰিলোঁ। সেই প্ৰতিবেদন আপলোড কৰা হৈছিল ২০২২ চনৰ ১৭চেপ্তেম্বৰত।

তদুপৰি অমৰ উজালাৰ ৱেবছাইটতো সেই ভিডিঅ’টোৰ প্ৰসংগত এক বাতৰি প্ৰকাশ কৰা হৈছিল ২০২২ চনৰ ১৭ চেপ্তেম্বৰত।

এইখিনিতে উল্লেখ কৰিব বিচাৰিছোঁ যে এই বৰ্ষত হোৱা লোকসভা নিৰ্বাচনৰ বাবে বাবা ৰামদেৱে হৰিদ্বাৰত ভোট প্ৰদান কৰি কয় যে তেওঁ এই দেশৰ বাবে ভোট দিছে। ৰোগমুক্ত আৰু নিচামুক্ত ভাৰতৰ বাবে তেওঁ ভোট দিছে।

এইখিনি তথ্যৰ পৰা এটা সিদ্ধান্তত উপনিত হৈছোঁ যে বৰ্তমান ফেচবুকত আপলোড কৰা ভিডিঅ’টো এতিয়াৰ নহয়, সেয়া ২০২২ চনৰে ভিডিঅ’। বৰ্তমানৰ লোকসভা নিৰ্বাচনৰ সৈতে সেই ভিডিঅ’টোৰ কোনো সম্পৰ্ক নাই। 

ফলাফল

ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অনুসন্ধানত স্পষ্ট হৈ পৰিছে যে দাবীটো মিছা। সেই ভিডিঅ’টো বৰ্তমানৰ নহয়, ২০২২ চনৰে হয়। এতিয়াৰ লোকসভা নিৰ্বাচনৰ সৈতে সেই ভিডিঅ’টোৰ কোনো সম্পৰ্ক নাই।  

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:২০২২ চনতে বাবা ৰামদেৱে ৰাহুল গান্ধী সম্পৰ্কত কোৱা কথা শেহতীয়া বুলি দাবী কৰি প্ৰচাৰ কৰা হৈছে।

Fact Check By: Pranjal Sharma 

Result: False

Leave a Reply

Your email address will not be published. Required fields are marked *