
শেহতীয়াভাৱে বলীউডৰ প্ৰবীন অভিনেত্ৰী বৈজয়ন্তীমালা বুলি এগৰাকী বৃদ্ধাই দ্ৰুত তালত নৃত্য কৰা ভিডিঅ’ এটা ভাইৰেল হৈ পৰিছিল । ভিডিঅ’টোত বৃদ্ধাগৰাকীক আন কেইগৰাকীমান মহিলাই পিছফালৰ পৰা চম্ভালি থকাও দেখা গৈছে।
৯৯ বছৰ বয়সত অভিনেত্ৰী বৈজয়ন্তীমালাই নৃত্য কৰা বুলি দাবী কৰি সেই ভিডিঅ’টো শ্বেয়াৰ কৰা হৈছে।
আমাৰ ফেক্টলাইন নম্বৰ +91 90490 53770ত সেই ভিডিঅ’টো প্ৰেৰণ কৰি এগৰাকী হোৱাটছএপ ব্যৱহাৰকাৰীয়ে সেই ভিডিঅ’টোৰ সত্যাসত্য জানিবলৈ আগ্ৰহ প্ৰকাশ কৰি সুধিছিল যে ভিডিঅ’টোত থকা মহিলাগৰাকী প্ৰবীন অভিনেত্ৰী বৈজয়ন্তীমালা হয় নে নহয়।
আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই এই ভিডিঅ’টোৰ সত্যতা নিৰূপণ কৰাৰ সিদ্ধান্ত গ্ৰহন কৰিলোঁ।
সত্যতা নিৰূপণ পদ্ধতি
আমি প্ৰথমে ভিডিঅ’টোৰ কী-ফ্ৰেমসমূহ এক বিশেষ কাৰিকৰি মাধ্যমেৰে ভাগ কৰি লৈ তাৰ পৰা ৰিভাৰ্ছ ইমেজ চাৰ্ছ কৰি আমাৰ অনুসন্ধান আৰম্ভ কৰিলোঁ আৰু ফলস্বৰূপে ২০২২ চনৰ ডিচেম্বৰত ABP Live প্ৰকাশ কৰা এক প্ৰতিবেদন লাভ কৰিলোঁ।
সেই প্ৰতিবেদন অনুসৰি ভিডিঅ’টোত দেখা বৃদ্ধাগৰাকীৰ বয়স ৯৩ বছৰ। ভিডিঅ’টোত আইতাগৰাকীয়ে বলীউডৰ শ্বাম্মী কাপুৰ অভিনীত “বদন পে সীতাৰে লাপেতে হুৱে…” গীতটিত নৃত্য কৰিছে।
প্ৰতিবেদনৰ ক’তো উল্লেখ নাই যে সেই আইতাগাৰাকী বলিউড অভিনেত্ৰী বৈজয়ন্তীমালা।

তেনেকুৱা আন দুটি প্ৰতিবেদন ইয়াত আৰু ইয়াত পঢ়িব পাৰিব।
এইদৰে প্ৰকাশিত বাতৰিবোৰত নৰেন্দ্ৰ সিং নামৰ এটা টুইটাৰ একাউণ্টৰ কথা উল্লেখ কৰা হৈছে। যাৰ মতে এই ভিডিঅ’টো প্ৰথমে তাতেই পোষ্ট কৰা হৈছিল। আমি নৰেন্দ্ৰ সিঙৰ টুইটটো চেক কৰিলোঁ, য’ত লিখা আছিল – “৯৩ বছৰ বয়সৰ আইতাৰ ওপৰত শ্বাম্মী কাপুৰৰ যাদু…”। ২০২২ চনৰ ৫ ডিচেম্বৰত নৰেন্দ্ৰ সিঙে টুইট কৰিছিল। প্ৰকাশিত বাতৰিৰ ক’তো কোৱা হোৱা নাই যে ভিডিঅ’টোত দেখা আইতাগৰাকী বৈজয়ন্তীমলা।
ইয়াৰ উপৰিও টুইটটোত দেখা গৈছে যে বৃদ্ধাগৰাকীৰ নৃত্যৰ ভিডিঅ’টো সম্পাদনা কৰা হৈছে। মূল ভিডিঅ’টোত বৃদ্ধাগৰাকীয়ে হিন্দী গীতত নাচি আছে। দুয়োটা ভিডিঅ’ৰ তুলনাত্মক বিশ্লেষণ ইয়াত চাওক।
আমি আৰু অধিক অনুসন্ধান কৰি বলীউডৰ অভিনেত্ৰী বৈজয়ন্তীমালাৰ সবিশেষ বিচাৰিলোঁ আৰু তেওঁৰ বিষয়ে শেহতীয়াকৈ প্ৰকাশিত কিছু বাতৰি লাভ কৰিলোঁ। য’ত তেওঁক ভাইৰেল ভিডিঅ’টোত দেখা আইতাগৰাকীৰ দৰে দেখা যোৱা নাই।
সেই বাতৰিসমুহ আপোনালোকে ইয়াত,ইয়াত আৰু ইয়াত পঢ়িব পাৰিব ।

ইয়াৰ উপৰিও বিজেপি নেত্ৰী তথা অভিনেত্ৰী খুছবু সুন্দৰেও ২০২২ চনৰ ২১ নৱেম্বৰত বৈজয়ন্তীমালাৰ সৈতে তেওঁৰ ফটোসহ এক টুইট কৰিছিল।
অভিনেত্ৰী বৈজয়ন্তীমালাৰ শেহতীয়া ভিডিঅ’ বিচাৰি চাওঁতে আমি দুমাহ আগতে প্ৰকাশিত বৈজয়ন্তীমালাৰ নৃত্যৰ ভিডিঅ’ এটা পালোঁ। ২০২২ চনৰ ২২ ডিচেম্বৰত চেন্নাই কলাক্ষেত্ৰত আয়োজিত কলা সম্প্ৰেক্ষানা নামৰ অনুষ্ঠানত নৃত্য কৰিছিল তেওঁ।ভিডিঅ’টোৰ ২ মিনিট ৪৭ ছেকেণ্ডত বৈজয়ন্তীমালাৰ নৃত্য দেখা যায়।
আমি ভাইৰেল ভিডিঅ’টোত দেখা বৃদ্ধাগৰাকীৰ ফটো আৰু অভিনেত্ৰী বৈজয়ন্তীমালাৰ বৰ্তমানৰ ৰূপৰ সৈতে বিশ্লেষণাত্মক তুলনা কৰিলোঁ। তলত পাৰ্থক্যটো চাব পাৰিব।

ফলাফল–
ফেক্ট ক্ৰেচেণ্ডোৰ অনুসন্ধানত ভাইৰেল ভিডিঅ’টোৰ সৈতে কৰা দাবীটোক মিছা বুলি প্ৰমানিত হৈছে। তথ্য পৰীক্ষা কৰি আমি গম পালোঁ যে ভাইৰেল ভিডিঅ’টোত থকা মহিলাগৰাকী বলীউডৰ অভিনেত্ৰী বৈজয়ন্তীমালা নহয়। ভাইৰেল হোৱা এই ভিডিঅ’টো এডিট কৰা। প্ৰকৃত ভিডিঅ’টোত এগৰাকী বয়োবৃদ্ধা মহিলাই হিন্দী গীতৰ তালে তালে নাচিছে। ভুৱা দাবীৰে ভাইৰেল হৈ পৰিছে ভিডিঅ’টো।
যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ প্ৰাপ্ত কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।
যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:
ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Title:এই ভিডিঅ’টোত নাচি থকা বৃদ্ধাগৰাকী বলিউড অভিনেত্ৰী বৈজয়ন্তীমালা হয় নেকি ? সত্যটো কি?
Fact Check By: Pranjal SharmaResult: False
