
শেহতীয়াকৈ অসমৰ এটা ফেচবুক পেজত যোৱা এটা ভিডিঅ’ আপলোড কৰি সেয়া ভেনিজুৱেলাত অহা অতি শেহতীয়া ভূমিকম্পৰ দৃশ্য বুলি দাবী কৰা হৈছে। পোষ্টটোত লিখিছে- আমেৰিকাৰ ভেনেজুৱেলাৰ ভয়ংকৰ ভূমিকম্পৰ দৃশ্য দেখিলে আপোনাৰো বুকু কঁপি উঠিব। এতিয়ালৈকে ১ লাখ পৰ্যন্ত লোকৰ মৃত্যুৰ আশংকা কৰা হৈছে। ৭.১ আৰু ৭.৫ প্ৰাবল্যৰ দুটাকৈ ভয়ানক ভূমিকম্প আহিছিল।

কিন্তু দাবীটো সত্য হয়নে?
আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।
সত্যতা নিৰূপণ পদ্ধতি
অনুসন্ধানৰ আৰম্ভনীতে আমি সেই ভিডিঅ’টোৰ কী-ফ্ৰেম লৈ ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰিলোঁ। তেতিয়া আমি foxdigitalpk ৰ ইউটিউব চেনেলত এই ভিডিঅ’টো ২৫ জুন ২০২৬ত আপলোড কৰি বিৱৰণত Powerful earthquake struck northeastern Japan, recorded in CCTV | বুলি লিখা দেখিলোঁ।

তাৰ পাছত আমি এই ভিডিঅ’টোৰ দুয়োটা ক্লিপ The News Diary ৰ এক্স হেণ্ডেলত A powerful earthquake struck northeastern Japan, recorded in CCTV. A magnitude 6.9 earthquake struck off the coast of Iwate Prefecture, Japan, on Thursday morning, June 25. বুলি কেপছন দি কৰা টুইট এটাত পালোঁ। টুইটটো ২৫ জুন ২০২৬তেই কৰা হৈছিল।

আনহাতে LASICILIAৰ A magnitude 7.2 earthquake shakes northern Japan: Shinkansen services suspended, schools closed, and no tsunami risk.শীৰ্ষক বাতৰিটোত আমি জাপানত অহা সেই শেহতীয়া ভূমিকম্পৰ সবিশেষ খবৰৰ সৈতে এই ভিডিঅ’টোৰ দৃশ্যও লাভ কৰিলোঁ।

ইয়াৰ পৰাই প্ৰমাণ হয় যে এই ভাইৰেল দাবীটো বিভ্ৰান্তিকৰ। এই দৃশ্য ভেনিজুৱেলাৰ শেহতীয়া ভূমিকম্পৰ নহয়। এয়া জাপানৰ ভূমিকম্পৰ দৃশ্যহে।
যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে,সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।
যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:
ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ


