সঁচাকৈ মণিপুৰ ক'ৰনা মুক্ত হৈ পৰিছে নেকি?
চীন দেশৰ ৱুহান নামৰ ঠাইখনৰ পৰা সংক্ৰমিত হোৱা ক'ৰনা ভাইৰাছ ৰোগে ধীৰে ধীৰে বিশ্বৰ বিভিন্ন দেশলৈ বিয়পি পৰিছে । এই বীজাণুৰ আক্ৰমণৰ ফলত চীনত তিনিহেজাৰতকৈ অধিকৰ মৃত্যু হৈছে আৰু হাজাৰ হাজাৰ মানুহ আক্ৰান্ত হৈছে । সমগ্ৰ বিশ্বতে এতিয়ালৈকে মুঠ এক লাখতকৈও অধিক মানুহৰ এই ভাইৰাছৰ আক্ৰমণৰ ফলত মৃত্যু হৈছে আৰু প্রায় ২০ লাখ মানুহ আক্রান্ত হৈ আছে ।
বিশ্বৰ আন দেশৰ লগতে ভাৰতলৈও ক'ৰনা ভাইৰাছ ধীৰে ধীৰে বিয়পিব ধৰিছে আৰু ভাৰতত এতিয়ালৈকে এঘাৰ হেজাৰতকৈ অধিক ৰোগী চিনাক্ত হৈছে আৰু ৩৯২ জনৰ মৃত্যু হৈছে । অসমতো ৩২জন ৰোগী ইতিমধ্যে চিনাক্ত হৈছে আৰু এজনৰ মৃত্যু হৈছে ।
এই সময়তে হোৱাটচ এপ্প আৰু ফেচবুকত ক'ৰনা ভাইৰাছ সম্পৰ্কীয় বিভিন্ন ভুৱা বাতৰি/মেছেজ/ফটো/ভিডিঅ' আদি বহুল ভাৱে শ্বেয়াৰ হৈছে আৰু অসমো এই ক্ষেত্ৰত পিছ পৰি থকা নাই । এনে এক বাতৰি সম্প্ৰতি অসমত হোৱাটচ এপ্পৰ যোগেদি ভাইৰেল হৈ পৰিছে য'ত দাবী কৰা হৈছে যে মণিপুৰ ক'ৰনা মুক্ত হৈ পৰিছে । ডেইলি হান্ত নামৰ এক নিউজ ৱেবচাইটত প্ৰকাশ পাইছে যে মণিপুৰ ক'ৰনা মুক্ত হৈ পৰিছে কাৰণ ৰাজ্যখনত এজনেই ক'ৰনা ৰোগী আছিল আৰু তেওঁ সুস্থ হৈ উঠাত ইতিমধ্যে হস্পিটেলৰ পৰা যাবলৈ দিয়া হৈছে । উক্ত বাতৰিটো ১৩ এপ্ৰিল, ২০২০ তাৰিখে দিনৰ ২:৪৪ বজাত প্ৰকাশ পাইছে ।
সঁচাকৈ মণিপুৰ ক'ৰনা মুক্ত হৈ পৰিছে নেকি? সত্য কি? জানোঁ আহক ।
প্ৰণালী
প্ৰথমে আমি এই বিষয়ে সাধাৰণ কিছুমান কীৱৰ্ডছ ব্যৱহাৰ কৰি গুগল চাৰ্ছ কৰিলোঁ আৰু দেখিলোঁ যে মণিপুৰত দ্বিতীয় এটা ক'ৰনা পজিটিভ কেচ পোৱা গৈছিল আৰু এই ৰোগীজনক মণিপুৰৰ ইম্ফলস্থিত ৰিজনেল ইনষ্টিটিউট অফ মেডিকেল চাইন্সত ৰখা হৈছিল । টাইমছ অফ ইণ্ডিয়াত এপ্ৰিল ৩, ২০২০ তাৰিখে এই বিষয়ে এক বাতৰি প্ৰকাশ পাইছিল । সবিশেষ জানিবলৈ পঢ়ক ইয়াত ।
আমি ইয়াৰ পাছত ইম্ফলস্থিত ৰিজনেল ইনষ্টিটিউট অফ মেডিকেল চাইন্সৰ হস্পিটেল চুপাৰিন্টেণ্ডেণ্ট অৰুণ কুমাৰ সিংৰ সৈতে এই বিষয়ে যোগাযোগ কৰিলোঁ । তেওঁ আমাক জনালে যে এই দ্বিতীয়জন ৰোগীৰ এতিয়াও চিকিৎসা চলি আছে আৰু ক'ৰনা পজিটিভ হৈ আছে ।
আমি এই বিষয়ে আৰু চাৰ্ছ কৰিলোঁ যদিয়ো ক'তো ভাৰত চৰকাৰৰ ফালৰ পৰা মণিপুৰক ক'ৰনা মুক্ত বুলি কৰা কোনো ঘোষণা আমাৰ চকুত নপৰিল । মণিপুৰৰ দ্বিতীয়জন ৰোগীৰ বিষয়ে প্ৰকাশ পোৱা আৰু নিউজ ৰিপৰ্ট আমাৰ চকুত পৰিল । এই ৰোগীজন নিজামুদ্দিনলৈ গৈছিল বুলি প্ৰকাশ পাইছে । বিতংকৈ জানিবলৈ ইয়াত পঢ়ক ।
ফলাফল
মণিপুৰ ক'ৰনা মুক্ত হৈ পৰা নাই যিহেতু মণিপুৰৰ প্ৰথমজন ৰোগী সুস্থ হৈ পৰাত হস্পিটেলৰ পৰা যাবলৈ দিয়া হৈছে যদিয়ো ৰাজ্যখনত দ্বিতীয় এজন ক'ৰনা পজিটিভ ৰোগী আছে আৰু বৰ্তমান তেওঁৰ চিকিৎসা চলি আছে । দ্বিতীয়জন ৰোগীৰ উপস্থিতি নজনাৰ বাবে আৰু প্ৰথমজন ৰোগী সুস্থ হৈ পৰাৰ বাবে হয়তো উক্ত ভুৱা বাতৰিটো প্ৰচাৰ হৈছে ।