বিহাৰৰ মুজফ্ফৰনগৰত হোৱা অগ্নিকাণ্ডৰ দৃশ্যকে বাহৰেইনত ইৰাণৰ আক্ৰমণ বুলি মিছাকৈ প্ৰচাৰ। 

False Social

শেহতীয়াকৈ অসমৰ এটা ফেচবুক পেজত এটা ভিডিঅ’ আপলোড কৰি সেয়া বাহৰেইনত থকা আমেৰিকাৰ সেনাৰ ঘাটিত ইৰাণৰ আক্ৰমণৰ দৃশ্য বুলি দাবী কৰা হৈছে। পোষ্টটোত লিখিছে- ইৰাণৰ বাহৰেইনৰ আমেৰিকাৰ সামৰিক চাৱনিত ভয়ানক আক্ৰমণ। 

Facebook Link Archived Link

কিন্তু দাবীটো সত্য হয়নে?

আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।

সত্যতা নিৰূপণ পদ্ধতি

অনুসন্ধানৰ আৰম্ভনীতে আমি সেই ভিডিঅ’টোৰ কী-ফ্ৰেম লৈ ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰিলোঁ। তেতিয়া আমি the24times নামৰ সংবাদ প্ৰতিষ্ঠানটোত যোৱা ২৫ জুন ২০২৬ত এই ভিডিঅ’টোৰে সৈতে এটা বাতৰি পৰিবেশন কৰা দেখা পালোঁ। বাতৰিটোত লিখিছে এইদৰে- 🚨 BREAKING NEWS बिहार के मुजफ्फरपुर में बैरिया और चांदनी चौक के बीच स्थित झिटकहिया इलाके में भीषण आग लगने की खबर सामने आई है।  आग पर काबू पाने के लिए दमकल विभाग की कई टीमें मौके पर पहुंचकर राहत एवं बचाव कार्य में जुटी हैं। फिलहाल नुकसान और संभावित हताहतों की आधिकारिक जानकारी का इंतजार है।  प्रशासन स्थिति पर नजर बनाए हुए है। अधिक जानकारी की प्रतीक्षा है (বৈৰিয়া আৰু চান্দনী চ’কৰ মাজত অৱস্থিত বিহাৰৰ মুজাফ্ফৰপুৰৰ ঝিটকাহিয়া অঞ্চলত ব্যাপক অগ্নিকাণ্ড সংঘটিত হোৱাৰ খবৰ ওলাইছে। ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনীৰ কেইবাটাও দল উপস্থিত হৈ অগ্নিনিৰ্বাপন আৰু উদ্ধাৰ অভিযানত লিপ্ত হৈছে। বৰ্তমান ক্ষতিৰ পৰিসৰ আৰু সম্ভাৱ্য হতাহতি সম্পৰ্কীয় চৰকাৰী তথ্যৰ বাবে অপেক্ষা কৰি আছে। প্ৰশাসনে পৰিস্থিতি নিৰীক্ষণ কৰি আছে, আৰু অধিক সবিশেষৰ বাবে অপেক্ষা কৰি আছে।)

Bihar Dastak নামৰ সংবাদ প্ৰতিষ্ঠানটোৰ ফেচবুক পেজতো এই ভিডিঅ’টোৰ সৈতে এটা বাতৰি পৰিবেশন কৰি কেপছনত লিখিছে- #BigBreaking: A terrible fire incident in Muzaffarpur’s Barria at this time.. 

আনহাতে ৰাষ্ট্ৰ সংবাদ নামৰ সংবাদ প্ৰতিষ্ঠানৰ ৱেবছাইটতো আমি এটা বাতৰি লাভ কৰিলোঁ। मुजफ्फरपुर में कबाड़ गोदाम में भीषण आग, चार जिलों से मंगानी पड़ी दमकल की गाड़ियां শীৰ্ষক বাতৰিটোত এই দৃশ্যটোৰ খণ্ডচিত্ৰ আমি লাভ কৰিলোঁ। বাতৰিটোত উল্লেখ কৰিছে এইবুলি-বিহাৰৰ মুজাফ্ফৰপুৰত ব্যাপক অগ্নিকাণ্ড। বিহাৰৰ মুজাফ্ফৰপুৰৰ বৈৰিয়া গোলাম্বৰৰ সমীপৰ এটা স্ক্ৰেপ গুদামত ব্যাপক অগ্নিকাণ্ডত জিলা সদৰৰ পৰা তিনিখনকৈ অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী মাতিবলগীয়া হৈছিল আৰু বাসিন্দাসকলে ঘৰৰ পৰা পলায়ন কৰিছিল। বুধবাৰে গভীৰ নিশা মুজাফ্ফৰপুৰৰ বৈৰিয়া গোলাম্বৰৰ সমীপৰ এটা স্ক্ৰেপ গুদামত ব্যাপক অগ্নিকাণ্ড সংঘটিত হয়। জুই শীঘ্ৰে তীব্ৰতৰ হৈ পৰাত সমগ্ৰ অঞ্চলটোত আতংকৰ সৃষ্টি হয়। উচ্চ শিখা আৰু ডাঠ ধোঁৱা বহু দূৰৰ পৰা দেখা গৈছিল। অগ্নিকাণ্ড সংঘটিত হোৱাৰ পাছতে ওচৰৰ এপাৰ্টমেণ্ট আৰু ঘৰৰ বাসিন্দাসকলে ঘৰৰ পৰা লৰালৰিকৈ ওলাই যায়। সমগ্ৰ অঞ্চলটোত ধোঁৱাৰ বিয়পি পৰাত আতংকৰ পৰিৱেশৰ সৃষ্টি হয়। এই সতৰ্কবাণী পোৱাৰ লগে লগে অগ্নিনিৰ্বাপক বাহিনীৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ অগ্নিনিৰ্বাপন অভিযান আৰম্ভ কৰে।

ইয়াৰ পৰাই প্ৰমাণ হয় যে এই ভাইৰেল দাবীটো মিছা। এয়া বাহৰেইনত থকা আমেৰিকান সেনাৰ ঘাটিত হোৱা আক্ৰমণৰ দৃশ্য নহয়। এয়া বিহাৰৰ মুজফ্ফৰনগৰত হোৱা এক আগ্নিকাণ্ডৰ দৃশ্যহে। 

 যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে,সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

 যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Result Stamp

Title: বিহাৰৰ মুজফ্ফৰনগৰত হোৱা অগ্নিকাণ্ডৰ দৃশ্যকে বাহৰেইনত ইৰাণৰ আক্ৰমণ বুলি মিছাকৈ প্ৰচাৰ।

Fact Check By: Pranjal Sharma

Result: False

Leave a Reply

Your email address will not be published. Required fields are marked *