এইয়া ভাৰতৰ প্ৰসিদ্ধ উদ্যোগপতি ৰতন টাটায়ে অৰ্থনীতিৰ ওপৰত কৰ’না ভাইৰাছৰ প্ৰভাৱ সম্পৰ্কে কৰা মন্তব্য বা বিবৃতি নহয়!

Coronavirus False Social

চীন দেশৰ ৱুহান নামৰ ঠাইখনৰ পৰা সংক্ৰমিত হোৱা ক’ৰনা ভাইৰাছ ৰোগে ধীৰে ধীৰে বিশ্বৰ বিভিন্ন দেশলৈ বিয়পি পৰিছে । এই বীজাণুৰ আক্ৰমণৰ ফলত চীনত তিনিহেজাৰতকৈ অধিকৰ মৃত্যু হৈছে আৰু হাজাৰ হাজাৰ মানুহ আক্ৰান্ত হৈছে । সমগ্ৰ বিশ্বতে এতিয়ালৈকে মুঠ এক লাখতকৈও অধিক মানুহৰ এই ভাইৰাছৰ আক্ৰমণৰ ফলত মৃত্যু হৈছে আৰু প্রায় ১৭ লাখ মানুহ আক্রান্ত হৈ আছে । 

বিশ্বৰ আন দেশৰ লগতে ভাৰতলৈও ক’ৰনা ভাইৰাছ ধীৰে ধীৰে বিয়পিব ধৰিছে আৰু ভাৰতত এতিয়ালৈকে নহেজাৰতকৈ অধিক ৰোগী চিনাক্ত হৈছে আৰু ৩০৮ জনৰ মৃত্যু হৈছে । অসমতো ৩০জন ৰোগী ইতিমধ্যে চিনাক্ত হৈছে আৰু এজনৰ মৃত্যু হৈছে । 

এই সময়তে হোৱাটচ এপ্প আৰু ফেচবুকত ক’ৰনা ভাইৰাছ সম্পৰ্কীয় বিভিন্ন মেছেজ/ফটো/ভিডিঅ’ আদি বহুল ভাৱে শ্বেয়াৰ হৈছে আৰু অসমো এই ক্ষেত্ৰত পিছ পৰি থকা নাই । এনে এক ফটো/বিবৃতি হোৱাটচ এপ্পৰ যোগেদি অসমত ভাইৰেল হৈ পৰিছে য’ত দাবী কৰা হৈছে যে এইয়া ভাৰতৰ প্ৰসিদ্ধ উদ্যোগপতি ৰতন টাটায়ে অৰ্থনীতিৰ ওপৰত কৰ’না ভাইৰাছৰ প্ৰভাৱ সম্পৰ্কে কোৱা কথা হয় । 

ৰতন টাটাৰ নাম থকা লিখনিটোত ক’ৰনা ভাইৰাছ ৰোগৰ ফলত ভাৰতৰ অৰ্থনীতি ভাঙি পৰিব বুলি বিভিন্ন বিশেষজ্ঞয়ে কৰা দাবী টাটায়ে সম্পূৰ্ণৰূপে নাকচ কৰিছে আৰু কৈছে যে তেওঁ এই বিশেষজ্ঞবোৰ কোন নাজানে কিন্ত তেওঁ ভালদৰে জানে যে তেওঁলোকে মনুষ্যৰ অনুপ্ৰেৰণা আৰু দৃঢ়প্ৰতিজ্ঞ প্ৰয়াসৰ মূল্যৰ বিষয়ে একো নাজানে । 

Tata poster.jpeg

সঁচাকৈ ৰতন টাটায়ে অৰ্থনীতিৰ ওপৰত কৰ’না ভাইৰাছৰ প্ৰভাৱ সম্পৰ্কে উক্ত বিবৃতিটো দিছিলছ নেকি বা তেওঁ এনেদৰে কৈছিল নেকি? সত্য কি? জানোঁ আহক । 

প্ৰণালী

প্ৰথমে আমি ভাৰতৰ প্ৰসিদ্ধ উদ্যোগপতি ৰতন টাটাৰ অফিচিয়েল টুইটাৰ হেণ্ডেলটো চালোঁ আৰু দেখিলোঁ যে তেওঁ ইতিমধ্যে এই সম্পৰ্কে এক স্পষ্টীকৰণ দিছে । তেওঁ কৈছে যে উক্ত বিবৃতিটো তেওঁ দিয়া নাই বা এনে ধৰণৰ কোনো কথাও কোৱা নাই । তেওঁ লগতে আহ্বান জনাইছে যে হোৱাটছএপ আৰু আন প্লেটফৰ্মত প্ৰচাৰিত হোৱা মিডিয়াৰ ৰাইজে প্ৰথমে সত্যতা বিচাৰ কৰিব লাগে । তেওঁ আৰু কৈছে যে তেওঁৰ কিবা ক’বলগীয়া থাকিলে তেওঁ নিজৰ আনুষ্ঠানিক চেনেলৰ জৰিয়তে কব । 

tata twitter.png

এই বিষয়ে আগশাৰীৰ নিউজ চেনেল এনডিটিভিয়ে এক বাতৰি প্ৰকাশ কৰিছে । এপ্ৰিল ১১, ২০২০ তাৰিখে প্ৰকাশ হোৱা বাতৰিত ৰতন টাটায়ে উক্ত বিবৃতিটো ভুৱা আৰু এনে ধৰণৰ ভুৱা বাতৰি আমাৰ কাৰণে হানিকাৰক হয় বুলি তেওঁ মন্তব্য দিছে বুলি প্ৰকাশ কৰিছে । এই বিষয়ে বিতংকৈ পঢ়ক ইয়াত । 

tata ndtv.png

ফলাফল

উক্ত ভাইৰেল বিবৃতিটো ভুৱা হয় আৰু ৰতন টাটায়ে এনে ধৰণৰ কোনো মন্তব্য কৰা নাই । নিঃসন্দেহে এইটোও ছচিয়েল মিডিয়াত ক’ৰনা ভাইৰাছ সম্পৰ্কে ভাইৰেল হোৱা অলেখ ভুৱা বাতৰিৰ মাজৰ এটা । 

Avatar

Title:এইয়া ভাৰতৰ প্ৰসিদ্ধ উদ্যোগপতি ৰতন টাটায়ে অৰ্থনীতিৰ ওপৰত কৰ’না ভাইৰাছৰ প্ৰভাৱ সম্পৰ্কে কৰা মন্তব্য বা বিবৃতি নহয়!

Fact Check By: Manjori Borkotoky 

Result: False

Leave a Reply

Your email address will not be published. Required fields are marked *