এই দৃশ্যবোৰৰ মাজৰ এটা দৃশ্য ভেনিজুৱেলাৰ নহয়। ২০২৩ৰ ফেব্ৰুৱাৰীত তুৰস্কত হোৱা ভূমিকম্পৰহে দৃশ্য সেইটো। 

শেহতীয়াকৈ অসমৰ একাধিক ফেচবুক পেজত যোৱা  এটা ভিডিঅ’ আপলোড কৰি সেয়া ভেনিজুৱেলাত অহা অতি শেহতীয়া ভূমিকম্পৰ বিভিন্ন দৃশ্য বুলি দাবী কৰা হৈছে। তাৰে এটা পেজত ভেনিজুৱেলাৰ ভূমিকম্পৰ অন্য দৃশ্যৰ সৈতে ১১ চেকেণ্ডৰ পৰা ২০ চেকেণ্ডলৈ এটা খণ্ডদৃশ্যও আছে, যিটো ভেনিজুৱেলাৰ বুলি দাবী কৰা হৈছে। Link Archived Link আন এটা পেজত ভেনিজুৱেলাৰ ভূমিকম্পৰ অন্য দৃশ্যৰ সৈতে […]

Continue Reading

বাৰানসীৰ সম্পত্তিকেন্দ্ৰীক বিবাদৰ দৃশ্যকে বিভ্ৰান্তিকৰভাৱে মৌলবীৰ ওপৰত আক্ৰমণ বুলি প্ৰচাৰ। 

শেহতীয়াকৈ অসমৰ এটা ফেচবুক একাউণ্টত যোৱা  ২৪ জুন ২০২৬ত এটা ভিডিঅ’ আপলোড কৰি দাবী কৰিছে যে সেয়া এখন মাদ্ৰাছাৰ এগৰাকী মৌলবীয়ে বিৰিয়ানীত মাংস নথকাৰ বাবে ওভটাই পঠিওৱাৰ কাৰণে স্থানীয় লোকে মৌলবীগৰাকীক প্ৰহাৰ কৰা দৃশ্য। দৃশ্যটোত ঘটনাৰ স্থান উল্লেখ কৰা নাই যদিও দুটা ফৈদৰ মাজত লাঠি, ইটা আদিৰে মাৰপিট লগা দৃশ্যটোৰ কাৰণ হিচাপে মৌলবীয়ে মাংস নথকা […]

Continue Reading

ঝাৰখণ্ডৰ পুৰণি ভিডিঅ’ ভৰত ভূষণ তিৱাৰীৰ এনকাউণ্টাৰৰ পাছত গাঁওবাসী সমবেত হোৱা দৃশ্য বুলি ভাইৰেল।

বিহাৰৰ ভোজপুৰ জিলাৰ বাসিন্দা ২৮ বছৰীয়া ভৰত ভূষণ তিৱাৰীৰ যোৱা ১৭ জুনত আৰক্ষীৰ এনকাউণ্টাৰত মৃত্যু হয়। ইয়াৰ পাছতে বিহাৰত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। বিহাৰ চৰকাৰে এই সন্দৰ্ভত ন্যায়িক তদন্তৰ নিৰ্দেশ দিছে, আনহাতে আৰক্ষীয়ে এই এনকাউণ্টাৰৰ পক্ষ লৈ দাবী কৰিছে যে আত্মৰক্ষাৰ বাবেহে আৰক্ষীয়ে ভৰত তিৱাৰীৰ এনকাউণ্টাৰ কৰিবলগীয়া হৈছিল। এই পটভূমিত এক বৃহৎ জনসমাগমৰ দৃশ্য ভাইৰেল […]

Continue Reading

ৰাহুল গান্ধীয়ে মমবাতি নথকা কেকত ফু মাৰি জন্মদিন পালন কৰা দাবীটো সত্য নহয়।  

শেহতীয়াকৈ অসমৰ এটা ফেচবুক পেজত যোৱা ২০ জুন ২০২৬ত এখন ফটো আপলোড কৰি দাবী কৰিছে যে যোৱা শুকুৰবাৰ ১৯ জুন ২০২৬ত কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে নিজৰ জন্মদিনত মমবাতি নথকা কেকত ফু মাৰিছিল আৰু ৰাহুল গান্ধীয়ে কেক কাটিবলৈ নৌপাওতেই মল্লিকাৰ্জুন খাৰ্গেই কেক কাটিছিল। পোষ্টটোত লিখিছে- ৰাহুল গান্ধীৰ জন্মদিনক লৈ সামাজিক মাধ্যমত বিতৰ্ক। মমবাতি অবিহনে কেকত ফু […]

Continue Reading

ইথানল মিহলি পেট্ৰ’ল ভৰোৱা বাইকৰ টেংকত মৌ-মাখি পৰা দৃশ্যটো AI Generated.   

শেহতীয়াকৈ অসমৰ কেইবাটাও ফেচবুক পেজত এটা বিশেষ ভিডিঅ’ আপলোড কৰি দাবী কৰিছে যে শেহতীয়াকৈ ইথানল মিহলি কৰা পেট্ৰ’ল ভৰাওতে বাইক এখনৰ টেংকটোত মৌ-মাখিয়ে ভিৰ কৰিছিল।  প্ৰথমটো পোষ্টত লিখিছে-ইথানল মিহলি তেলৰ গোন্ধত আকৃষ্ট হৈ মটৰচাইকেলৰ টেংকত সোমাল মৌ-মাখি! বাকী পোষ্টত লিখিছে-কুহিয়াৰৰ ৰসৰ পৰা বনোৱা ইথানল মিহলি তেল ভৰাওতে মৌ মাখি আহি গল মটৰ বাইকৰ তেলৰ টেংকত […]

Continue Reading

২০২৪চনত মালয়েছিয়াত হোৱা হেলিকপ্তাৰ দুৰ্ঘটনাৰ দৃশ্যকে ব্ৰাজিলত হোৱা শেহতীয়া দুৰ্ঘটনাৰ বুলি মিছাকৈ প্ৰচাৰ।  

শেহতীয়াকৈ অসমৰ এটা ফেচবুক পেজত যোৱা ১৫ জুন, ২০২৬ত এটা ভিডিঅ’ আপলোড কৰি দাবী কৰা হৈছে যে সেই দৃশ্যটো ব্ৰাজিলৰ এক  শেহতীয়া হেলিকপ্তাৰৰ দুৰ্ঘটনাৰ চিচিটিভি ফুটেজ | সেই দুৰ্ঘটনাত বিখ্যাত গায়ক অলিভাৰ ট্ৰী নিহত হোৱা বুলি দাবী কৰা হৈছে। লিখিছে- ব্ৰাজিলৰ হেলিকপ্তাৰৰ ভয়ানক মূখামুখী সংঘৰ্ষৰ চিচিটিভি ফুটেজ | নিহত হল বিখ্যাত গায়ক অলিভাৰ     Facebook […]

Continue Reading

টেলিগ্ৰাম এপটো ভাৰতত নিষিদ্ধ কৰা হৈছে নেকি? পঢ়ক আমাৰ এই ফেক্ট চেক।

শেহতীয়াকৈ, ভাৰতত টেলিগ্ৰাম এপটো নিষিদ্ধ কৰা হৈছে বুলি কিছুমান পোষ্ট ভাইৰেল হৈছে ছ’চিয়েল মিডিয়াত। Facebook Link | Archived Link আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ। সত্যতা নিৰূপণ পদ্ধতি আমি প্ৰথমে গুগলত প্ৰাসংগিক কী-ৱ’ৰ্ড ছাৰ্চ কৰিলোঁ আৰু তেতিয়া এ এন আইৰ অফিচিয়েল এক্স হেণ্ডলত ২০২৬ চনৰ ১৬ জুনৰ এটা টুইট পালোঁ। টুইট […]

Continue Reading

বাংলাদেশৰ দুবছৰ পুৰণি ভিডিঅ’ এটাক উত্তৰ প্ৰদেশৰ শেহতীয়া ঘটনাৰ ভিডিঅ’ বুলি মিছাকৈ প্ৰচাৰ।  

শেহতীয়াকৈ অসমৰ এটা ফেচবুক পেজত যোৱা ১২জুন, ২০২৬ত এটা ভিডিঅ’ আপলোড কৰি দাবী কৰা হৈছে যে সেই দৃশ্য উত্তৰ প্ৰদেশৰ। দেখা গৈছে যে এজন মৌলানাই পিছফালৰ পৰা আহি এগৰাকী কিশোৰী ছাত্ৰীৰ শ্লীলতা হানি কৰিছে। ভিডিঅ’টোৰ তলৰ ফালে টেক্সট ওভাৰলে’(Text Overlay) কৰি ইংৰাজীত বৰেইলী,উত্তৰ প্ৰদেশ বুলি লিখা হৈছে। কেপছনত লিখিছে- উত্তৰ প্ৰদেশৰ এজন মৌলানাই কৰিলে ভয়ংকৰ […]

Continue Reading

ৰিপাব্লিক অৱ পালাউৰ স্কাইলাইট নামৰ জাহাজৰ ওপৰত তিনিমাহ পূৰ্বেই ইৰাণে কৰা আক্ৰমণৰ দৃশ্যকে আমেৰিকাই ভাৰতৰ জাহাজৰ ওপৰত কৰা আক্ৰমণ বুলি প্ৰচাৰ। 

শেহতীয়াকৈ অসমৰ এটা ফেচবুক একাউণ্টত যোৱা ১১ জুন ২০২৬ত এটা ভিডিঅ’ আপলোড কৰি দাবী কৰা হৈছে যে ভিডিঅ’টোত দেখা দৃশ্যটো আমেৰিকাই ওমানৰ সাগৰত ভাৰতীয় জাহাজৰ ওপৰত আক্ৰমণ কৰা সময়ৰ। লিখিছে- গাল্ফৰ বাঘ ইৰাণৰ মাংসৰ লোভত শিয়াল আমেৰিকা- ইজৰাইলৰ ধুৰ্তালিত ভাৰতৰ টেংকাৰ জাহাজ আক্ৰান্ত। ওমান সাগৰ অঞ্চলত ভাৰতীয় টেংকাৰত আমেৰিকাৰ আক্ৰমণত মুখ্য অভিযন্ত্ৰা নিৰুদ্দেশ আৰু তিনি […]

Continue Reading

জাপানৰ জাংমি ঘূৰ্ণীবতাহৰ দৃশ্যকে ফিলিপিনছৰ ভূমিকম্পৰ পাছত হোৱা ছুনামী বুলি মিছাকৈ প্ৰচাৰ কৰা হৈছে।

শেহতীয়াকৈ অসমৰ এটা ফেচবুক একাউণ্টত এটা ভিডিঅ’ আপলোড কৰি দাবী কৰা হৈছে যে ভিডিঅ’টোত দেখা দৃশ্যটো যোৱা ৮ জুন ২০২৬ত ফিলিপিনছত অহা ভূমিকম্পৰ পাছত সাগৰত দেখা ভয়ংকৰ ছুনামীৰ দৃশ্য বুলি দাবী কৰিছে। লিখিছে- ফিলিপাইন্সত ৮’২ ৰিখটাৰস্কেলত অহা ভুমিকম্পৰ পাছত সমুদ্ৰত ছুনামীৰ ফলত হৈ থকা অস্বভাৱিক ভয়ংকৰ গতিবিধি। য’ত চকু ৰাখিছে তাৰ প্ৰশাসনে। দেশখনত দুঘন্টাত ১৩৪টা […]

Continue Reading