
শেহতীয়াকৈ অসমৰ এটা ফেচবুক পেজত যোৱা ১২জুন, ২০২৬ত এটা ভিডিঅ’ আপলোড কৰি দাবী কৰা হৈছে যে সেই দৃশ্য উত্তৰ প্ৰদেশৰ। দেখা গৈছে যে এজন মৌলানাই পিছফালৰ পৰা আহি এগৰাকী কিশোৰী ছাত্ৰীৰ শ্লীলতা হানি কৰিছে। ভিডিঅ’টোৰ তলৰ ফালে টেক্সট ওভাৰলে’(Text Overlay) কৰি ইংৰাজীত বৰেইলী,উত্তৰ প্ৰদেশ বুলি লিখা হৈছে। কেপছনত লিখিছে- উত্তৰ প্ৰদেশৰ এজন মৌলানাই কৰিলে ভয়ংকৰ কাণ্ড, আবদ্ধ হ’ল CCTV Camera ত।

কিন্তু দাবীটো সত্য হয়নে?
আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।
সত্যতা নিৰূপণ পদ্ধতি
অনুসন্ধানৰ আৰম্ভনীতে আমি সেই ভিডিঅ’টো ভালকৈ পৰ্যবেক্ষণ কৰি দেখিলোঁ যে চিচি কেমেৰাৰ সেই দৃশ্যটোত তাৰিখ হিচাপে 17-03-2024 লিখা আছে। অৰ্থাত সেই দৃশ্যটো শেহতীয়া নহয় বুলি আমি জানিব পাৰিলোঁ।

এইবাৰ আমি ভিডিঅ’টোৰ কী-ফ্ৰেম লৈ ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰিলোঁ। তেতিয়া আমি ১৮ মাৰ্চ ২০২৪ত এক্সত চিচি কেমেৰাৰ এই দৃশ্যটোৰে সৈতে আৰক্ষীৰ মন্তব্য আৰু অপৰাধীৰ দৃশ্যৰ এটা ভিডিঅ’ আপলোড কৰি টুইট কৰা দেখিলোঁ। বাংলাদেশৰ মানৱাধিকাৰ কৰ্মী চৌমিক চাহেবে কৰা টুইটটোত লিখিছে- Recently A Shocking Video Has Been Viral From Dinajpur, A 20 Year Old Madrasa Student Tried To Kiss A Class 6 Kid Publicly Forcefully And Bite Her. It Shock Everyone. He Was Arrested Today. I Condemn This Incident . This Happens Due To Low Filtering Of Madrasa Admission. Earlier Mostly Pious Family Kids Used To Study In Madrasa, Now Due To Random Growth Of Unverified Madrasas Such Incidents Coming From Pious Places. There Is Less Monitoring. Shameful Incident (শেহতীয়াকৈ দিনাজপুৰৰ পৰা ভাইৰেল হৈছে এটা চাঞ্চল্যকৰ ভিডিঅ’, মাদ্ৰাছাৰ এগৰাকী ২০ বছৰীয়া ছাত্ৰই ৬ষ্ঠ শ্ৰেণীৰ ছাত্ৰী এগৰাকীক ৰাজহুৱাভাৱে জোৰকৈ চুমা খাবলৈ চেষ্টা কৰিছিল আৰু কামোৰাৰ চেষ্টা কৰিছিল। এই ঘটনাই সকলোকে আচৰিত কৰি তুলিছে। আজি তাক গ্ৰেপ্তাৰ কৰা হয়। এই ঘটনাক মই গৰিহণা দিছো। মাদ্ৰাছাৰ নামভৰ্তিৰ ক্ষেত্ৰত কম পৰীক্ষণৰ বাবে এই ঘটনা ঘটিছে। তাৰ আগতে বেছিভাগ ধৰ্মপৰায়ণ পৰিয়ালৰ ল’ৰা-ছোৱালীয়ে মাদ্ৰাছাত অধ্যয়ন কৰিছিল, এতিয়া অপৰীক্ষিত মাদ্ৰাছাৰ যাদৃচ্ছিক বৃদ্ধিৰ বাবে ধৰ্মপৰায়ণ ঠাইৰ পৰাও অহা এনে কাণ্ড ঘটিছে। লজ্জাজনক ঘটনা)
দিনাজপুৰৰ কোতৱালী থানাৰ তদন্তকাৰী আৰক্ষী বিষয়া মনিৰুজ্জামান মণ্ডল মনিৰে ভিডিঅ’টিত কয় যে ৰংপুৰৰ এক হাফিজীয়া মাদ্ৰাছাৰ পৰা হাফিজ হিচাপে উত্তীৰ্ণ ২০ বছৰীয়া ছাখাৱত হুছেইন নামৰ যুৱকজনে এই কাণ্ড সংঘটিত কৰিছিল। তাক ইতিমধ্যেই গ্ৰেপ্তাৰ কৰা হৈছে।

ভিডিঅ’টোত আমি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পাছত আৰক্ষীৰ জিম্মাত থকা ছাখাৱত হুছেইনক দেখা পালোঁ।

তদুপৰি বাংলাদেশৰ এটিএন নিউজৰ ইউটিউব চেনেলতো ১৮ মাৰ্চ, ২০২৪ত সম্প্ৰচাৰ কৰা সেই ঘটনাটোৰ বাতৰি আমি লাভ কৰিলোঁ।

আনহাতে আনন্দ টিভিৰ ইউটিউব চেনেলতো ঘটনাৰ তিনি ঘণ্টাৰ ভিতৰতেই গ্ৰেপ্তাৰ হোৱা ছাখাৱত হুছেইনৰ এই কাণ্ডৰ বাতৰি আমি লাভ কৰিলোঁ।

আমাৰ অনুসন্ধানত বাংলাদেশৰ সংবাদ মাধ্যমে প্ৰকাশ কৰা একাধিক প্ৰতিবেদন পোৱা গ’ল। এই বাতৰিসমূহত একেটা ঘটনাৰ সবিশেষ প্ৰকাশ কৰা হৈছিল। ছ’চিয়েল মিডিয়াৰ সেই ভিডিঅ’টোৰ খণ্ডচিত্ৰৰ পৰা আৰম্ভ কৰি অভিযুক্তৰ ফটোও সন্নিবিষ্ট কৰা হৈছিল। বাংলাদেশৰ দিনাজপুৰত ৰাজহুৱাভাৱে বলপূৰ্বক চুম্বন কৰি ষষ্ঠ শ্ৰেণীৰ ছাত্ৰী এগৰাকীক আহত কৰাৰ অভিযোগত ছাখাৱত হুছেইন নামৰ যুৱকক গ্ৰেপ্তাৰ কৰা বুলি সেই বাতৰিয়ে নিশ্চিত কৰিছে। বাতৰিত উল্লেখ কৰা হৈছে যে দিনাজপুৰৰ এখন ছোৱালী হাইস্কুলৰ ষষ্ঠ শ্ৰেণীৰ এগৰাকী ছাত্ৰীক ছাখাৱত হুছেইনে খেদি আহে আৰু নিৰ্যাতন চলায়। জোৰকৈ তাইক চুম্বন কৰে আৰু ছোৱালীজনীয়ে যেতিয়া চিঞৰিবলৈ চেষ্টা কৰে, তেতিয়া হুছেইনে তাইৰ গালত নখৰে খোঁচ মাৰি গুৰুতৰভাৱে আঘাত কৰে। বাংলাদেশৰ যুগান্তৰ নামৰ বাতৰি কাকতখনৰ ৱেবছাইটতো ১৮ মাৰ্চ,২০২৪ত সেই বাতৰিটো প্ৰকাশ কৰা হৈছিল।

ঢাকা পোষ্ট নামৰ সংবাদ প্ৰতিষ্ঠানটোৱেও ১৮ মাৰ্চ, ২০২৪ত বাতৰিটো প্ৰকাশ কৰিছিল।

অনুৰূপ বাতৰি ইয়াত আৰু ইয়াতো চাব পাৰিব।
ইয়াৰ পৰাই প্ৰমাণ হয় যে যিটো ভিডিঅ’ ভাৰতৰ উত্তৰ প্ৰদেশৰ শেহতীয়া এক ঘটনাৰ বুলি প্ৰচাৰ কৰা হৈছে, আচলতে সেয়া বাংলাদেশৰ দিনাজপুৰত ২০২৪ৰ ১৭ মাৰ্চত এজন ২০ বছৰীয়া হাফিজে ষষ্ঠ শ্ৰেণীৰ এগৰাকী ছাত্ৰীক নিৰ্যাতন কৰা পুৰণি দৃশ্যহে।
যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে,সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।
যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:
ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ


