
শেহতীয়াকৈ অসমৰ একাধিক ফেচবুক পেজত ১৯ জুলাই ২০২৬ত এটা ভিডিঅ’ আপলোড কৰি দাবী কৰা হৈছে যে সেয়া ইৰাণৰ মিছাইল আক্ৰমণত ছৌদি আৰৱ আৰু বাহৰেইনৰ সংযোগী এখন দলং ধংস হোৱা এক দৃশ্য। পোষ্টটোত লিখিছে- ইৰাণী মিছাইল আক্ৰমণত ধংশ ছৌদি আৰৱ আৰু বাহৰেইনৰ দলং
কিন্তু দাবীটো সত্য হয়নে?
আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।
সত্যতা নিৰূপণ পদ্ধতি
অনুসন্ধানৰ আৰম্ভনীতে আমি সেই ভিডিঅ’টোৰ কেইবাটাও কী-ফ্ৰেম লৈ ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰিলোঁ। তেতিয়া আমি সেই দৃশ্যটো ২০২২ চনৰ ৮ অক্টোবৰত Guardian Newsৰ ইউটিউব চেনেলত প্ৰচাৰ কৰা এটা বাতৰিত পালোঁ। Kerch bridge explosion: CCTV appears to show Crimea bridge blast

RadioFreeEuropeত যোৱা ৮ অক্টোবৰ ২০২২ত প্ৰচাৰিত Blast Disables Traffic Over Bridge From Russia To Crimea শীৰ্ষক বাতৰিটোতো এই দৃশ্যটো আমি পালোঁ। বাতৰিটোৰ বৰ্ণনা মতে ৮ অক্টোবৰৰ ৰাতিপুৱাৰ এক বিস্ফোৰণত কেৰ্চ জলদ্বীপৰ ওপৰত থকা ক্ৰিমিয়া দ্বৈত পথ আৰু ৰেল দলঙৰ এটা অংশত ক্ষতিগ্ৰস্থ হৈ এটা স্পেন সাগৰত ভাঙি পৰে। ১৯ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই দলংখন ২০১৪ চনত ইউক্ৰেইনৰ ক্ৰিমিয়াক সংযুক্ত কৰাৰ পাছতেই ই ৰাছিয়াৰ প্ৰতিশোধৰ এক প্ৰতীক হৈ পৰিছিল আৰু বৰ্তমানৰ আক্ৰমণৰ সময়ত ৰাছিয়াৰ পৰা ইউক্ৰেইনলৈ সৈন্য, অস্ত্ৰ-শস্ত্ৰ, সঁজুলি আৰু ইন্ধন হস্তান্তৰ কৰিবলৈ ব্যৱহাৰ কৰা হৈছিল। ক্ৰেমলিনৰ মুখপাত্ৰ দিমিট্ৰি পেস্কোভে কয় যে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে দলংখনৰ বিষ্ফোৰণ কাণ্ডৰ আনুষ্ঠানিক তদন্তৰ নিৰ্দেশ দিছে আৰু তাৰ ঘণ্টাৰ পাছত ঘণ্টা ৰাছিয়াৰ তদন্ত সমিতিৰ প্ৰতিনিধিক দলংখনত দেখা গৈছিল।

BBCএ ৯ অক্টোবৰ ২০২২ত প্ৰকাশ কৰা Crimea bridge partly reopens after huge explosion – Russia শীৰ্ষক বাতৰিটোতে এই দৃশ্যটো দেখা পালোঁ।

CNNতো Surveillance footage captures large explosion on key bridge to Russian-annexed Crimea শীৰ্ষক এক বাতৰি প্ৰকাশ হৈছিল। তাতো সেই দৃশ্যটো দেখুওৱা হৈছে।

৮ অক্টোবৰ ২০২২ত ৰয়টাৰতো একেই বাতৰি আমি লাভ কৰিলোঁ। সেই বাতৰি ইয়াত চাব পাৰিব।
ইয়াৰ পৰাই প্ৰমাণ হয় যে এই ভাইৰেল দাবীটো মিছা। এয়া ইৰাণে চৌদি আৰৱ আৰু বাহৰেইন সংযোগী দলং ধ্বংস কৰা দৃশ্য নহয়। এয়া ২০২২ৰ ৮ অক্টোবৰত এক বিষ্ফোৰণত ক্ষতিগ্ৰস্থ হোৱা ক্ৰিমিয়াৰ এখন দলঙৰ দৃশ্যহে।
যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে,সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।
যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:
ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ


