জাপানৰ জাংমি ঘূৰ্ণীবতাহৰ দৃশ্যকে ফিলিপিনছৰ ভূমিকম্পৰ পাছত হোৱা ছুনামী বুলি মিছাকৈ প্ৰচাৰ কৰা হৈছে।

False Social

শেহতীয়াকৈ অসমৰ এটা ফেচবুক একাউণ্টত এটা ভিডিঅ’ আপলোড কৰি দাবী কৰা হৈছে যে ভিডিঅ’টোত দেখা দৃশ্যটো যোৱা ৮ জুন ২০২৬ত ফিলিপিনছত অহা ভূমিকম্পৰ পাছত সাগৰত দেখা ভয়ংকৰ ছুনামীৰ দৃশ্য বুলি দাবী কৰিছে। লিখিছে- ফিলিপাইন্সত ৮’২ ৰিখটাৰস্কেলত অহা ভুমিকম্পৰ পাছত সমুদ্ৰত ছুনামীৰ ফলত হৈ থকা অস্বভাৱিক ভয়ংকৰ গতিবিধি। য’ত চকু ৰাখিছে তাৰ প্ৰশাসনে। দেশখনত দুঘন্টাত ১৩৪টা ভুমিকম্পত অনুভুত হৈছিল ।

Facebook Link Archived Link

কিন্তু দাবীটো সত্য হয়নে?

আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।

সত্যতা নিৰূপণ পদ্ধতি

অনুসন্ধানৰ আৰম্ভনীতে আমি সেই ভিডিঅ’টোৰ কী-ফ্ৰেম লৈ ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰিলোঁ। তেতিয়া আমি timesnow ৰ ভেৰিফাইড ইনষ্টাগ্ৰাম হেণ্ডেলত এই ভিডিঅ’টো পালোঁ। যোৱা ৩ জুন ২০২৬ত আপলোড কৰা ভিডিঅ’টোত লিখিছে- Typhoon Jangmi may have moved away, but its impact continues to be felt along Japan’s southern coastline, where powerful waves are still battering Nichinan City in Miyazaki Prefecture. Even after the storm’s departure, rough seas and towering swells have persisted, keeping coastal conditions hazardous and underscoring the lingering force of the system. The ocean continues to show signs of instability long after the cyclone’s passage. Authorities remain cautious as sea conditions stay unpredictable. (জাংমি ঘূৰ্ণীবতাহ হয়তো আঁতৰি গৈছে, কিন্তু জাপানৰ দক্ষিণ উপকূলৰ কাষত ইয়াৰ প্ৰভাৱ অনুভৱ কৰা হৈছে, য’ত এতিয়াও মিয়াজাকি প্ৰিফেকচাৰৰ নিচিনান চহৰত শক্তিশালী ঢৌৱে আঘাত হানিছে। ধুমুহাটো যোৱাৰ পাছতো ৰুক্ষ সাগৰ আৰু উচ্চ ঢৌবোৰ অব্যাহত আছে, যাৰ ফলত উপকূলীয় পৰিস্থিতি বিপজ্জনক হৈ আছে । ঘূৰ্ণীবতাহটো পাৰ হোৱাৰ বহুদিনৰ পাছতো সাগৰত অস্থিৰতাৰ লক্ষণ দেখা গৈছে। সাগৰৰ পৰিস্থিতি অভাৱনীয় হৈ থকাৰ বাবে কৰ্তৃপক্ষ সতৰ্ক হৈ আছে।)  

ইয়াৰ পাছত আমি ৪ জুন ২০২৬ত Newsline World নামৰ সংবাদ প্ৰতিষ্ঠানটোৰ ইউটিউৱ চেনেলত MASSIVE WAVES BATTER NICHINAN AS TROPICAL STORM JANGMI SLAMS JAPAN শীৰ্ষক এটা বাতৰি লাভ কৰিলোঁ, তাত আমি এই ভিডিঅ’টো সবিস্তাৰে দেখিলোঁ। বাতৰিটোৰ বৰ্ণনাত লিখা হৈছে-Huge waves have battered the coast of Nichinan City as Tropical Storm Jangmi moves rapidly along Japan’s Pacific coastline. Authorities are warning of major disruptions as the severe weather system tracks northeast toward major population hubs. (জাপানৰ প্ৰশান্ত মহাসাগৰীয় উপকূলত ক্ৰান্তীয় ধুমুহা জাংমি দ্ৰুতগতিত আগবাঢ়ি যোৱাৰ লগে লগে বিশাল ঢৌৱে নিচিনান চহৰৰ উপকূলত আঘাত হানিছে। ভয়াৱহ বতৰ ব্যৱস্থাই উত্তৰ-পূব দিশলৈ প্ৰধান জনসংখ্যা কেন্দ্ৰৰ ফালে খোজ দিয়াৰ লগে লগে কৰ্তৃপক্ষই বৃহৎ বিঘিনিৰ সতৰ্কবাণী দিছে।) 

তদুপৰি কম্বোডিয়াৰ সংবাদ প্ৰতিষ্ঠান CNCত খামেৰ ভাষাত প্ৰকাশিত এটা বাতৰিতো আমি এই দৃশ্যটোৰ খণ্ডচিত্ৰ দেখিলোঁ। বাতৰিটোৰ শিৰোনামৰ অনুবাদ হৈছে- জাংমি ঘুৰ্ণীবতাহৰ ফলত জাপানৰ উপকূলত বিশাল ঢৌৱে আঘাত হানে। সেই প্ৰতিবেদন অনুসৰি জাপানৰ উপকূলীয় চহৰ নিচিনানত জাংমিয়ে দেশখনৰ প্ৰশান্ত মহাসাগৰীয় উপকূলত বিশাল ঢৌ আৰু প্ৰচণ্ড বতাহৰ ফলত আঘাত হানিছে।

ইয়াৰ পৰাই প্ৰমাণ হয় যে যিটো ভিডিঅ’ ৮ জুনত ফিলিপিনছত অহা ভূমিকম্পৰ ফলত সাগৰত সৃষ্টি হোৱা ছুনামীৰ বুলি দাবী কৰা হৈছে, সেইটো আচলতে ৬ জুন ২০২৬ত জাপানৰ নিচিনানত অহা জাংমি ঘূৰ্ণীবতাহৰ দৃশ্যহে।  

 যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে,সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

 যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Result Stamp

Title: জাপানৰ জাংমি ঘূৰ্ণীবতাহৰ দৃশ্যকে ফিলিপিনছৰ ভূমিকম্পৰ পাছত হোৱা ছুনামী বুলি মিছাকৈ প্ৰচাৰ কৰা হৈছে।

Fact Check By: Pranjal Sharma

Result: False

Leave a Reply

Your email address will not be published. Required fields are marked *