পুৰণি অপ্ৰাসংগিক ফটো শিৱসাগৰৰ শেহতীয়া বান পৰিস্থিতিৰ দৃশ্য বুলি ভাইৰেল।

False Social

উজনি অসমৰ কেইবাখনো জিলাত বান পৰিস্থিতিয়ে শেহতীয়াকৈ ভয়াৱহ ৰূপ ধাৰণ কৰিছে। এই পৰিপ্ৰেক্ষিতত ডিঙিলৈকে বুৰ যোৱা পানীত এজন ব্যক্তিৰ দুটি শিশুৰ সৈতে এখন ফটো ভাইৰেল হৈছে ছ’চিয়েল মিডিয়াত। দাবী কৰা হৈছে যে এয়া শিৱসাগৰৰ শেহতীয়া বান পৰিস্থিতিৰ দৃশ্য।

Facebook Link | Archived Link 

আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ।

সত্যতা নিৰূপণ পদ্ধতি 

আমি প্ৰথমে ভাইৰেল ফটোখনৰ ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰিলোঁ। তেতিয়া আমি বাংলাদেশৰ সংবাদ মাধ্যমত প্ৰকাশিত এক প্ৰতিবেদন পালোঁ য’ত ভাইৰেল ফটোখন সংলগ্ন কৰা হৈছিল। প্ৰতিবেদন অনুসৰি সেয়া বাংলাদেশৰ বানপানীৰ দৃশ্য।

আমি পুনৰ অনুসন্ধান কৰি এটা ফেচবুক পেজত এই ফটোৰ সৈতে মিল থকা দৃশ্যৰ এক ভিডিঅ’ ২০২৪ চনৰ ২৫ আগষ্টত আপলোড হোৱা দেখিলোঁ।

ইয়াৰদ্বাৰা আমি নিশ্চিত হ’লোঁ যে ভাইৰেল দৃশ্যটো শিৱসাগৰৰ শেহতীয়া বানপানীৰ নহয়।

একেটা দৃশ্য আমি এটা ইউটিউব চেনেলত ২০২৪ চনৰ ২৮ আগষ্টত আপলোড হোৱা দেখিলোঁ।

YouTube Link 

আমি ভাইৰেল ফটোখনৰ প্ৰকৃত উৎস আৰু সময় সম্পৰ্কে বিশ্বাসযোগ্য তথ্য লাভ নকৰিলোঁ, কিন্তু নিশ্চিত হ’লোঁ যে ভাইৰেল ফটোখন শিৱসাগৰৰ শেহতীয়া বানৰ নহয়।

ফলাফল 

আমাৰ অনুসন্ধানৰ পৰা আমি ক’ব পাৰোঁ যে ভাইৰেল দাবীটো মিছা। ফটোখন শিৱসাগৰৰ শেহতীয়া বান পৰিস্থিতিৰ নহয়। এই‌ দৃশ্যটো ২০২৪ চনৰ আগষ্ট মাহৰ পৰাই ইণ্টাৰনেটত উপলব্ধ।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Result Stamp

Title: পুৰণি অপ্ৰাসংগিক ফটো শিৱসাগৰৰ শেহতীয়া বান পৰিস্থিতিৰ দৃশ্য বুলি ভাইৰেল।

Fact Check By: Fact Crescendo Team

Result: False

Leave a Reply

Your email address will not be published. Required fields are marked *