জন্তৰ-মন্তৰত ‘নাৰা-এ-তকবীৰ’ বুলি ইছলামিক শ্লোগান দিয়া দাবীটো বিভ্ৰান্তিকৰ। 

Misleading Social

শেহতীয়াকৈ অসমৰ এটা ফেচবুক একাউণ্টত যোৱা ২৩ জুলাই, ২০২৬ত এটা ভিডিঅ’ আপলোড কৰি দাবী কৰা হৈছে যে সেয়া শেহতীয়াকৈ জন্তৰ-মন্তৰত হোৱা চিজেপিৰ আন্দোলনত একাংশ মুছলমান প্ৰতিবাদকাৰীয়ে ইছলামিক ‘নাৰা-এ-তকবীৰ’ শ্লোগান দিয়া দৃশ্য। পোষ্টটোত লিখিছে– জন্তৰ মন্তৰত ইছলামীয় জেহাদী শক্তিৰ শ্লগান…… 

Facebook Link Archived Link

কিন্তু দাবীটো সত্য হয়নে?

আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।

সত্যতা নিৰূপণ পদ্ধতি

অনুসন্ধানৰ আৰম্ভনীতে আমি সেই ভিডিঅ’টোৰ কেইবাটাও কী-ফ্ৰেম লৈ ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰিলোঁ। তেতিয়া আমি সেই দৃশ্যটোৰ সম্পূৰ্ণ সংস্কৰণটো যোৱা ২৩ জুলাই ২০২৬ত youtuber__sufiyan নামৰ ইনষ্টাগ্ৰাম হেণ্ডেল এটাত Aaj kiya bat boli h bhai ne বুলি কেপছন লিখি আপলোড কৰি থোৱা দেখিলোঁ। গোটেই ভিডিঅ’টো আমি চালোঁ আৰু শুনিলোঁ। তেতিয়া গম পালোঁ যে তাত এগৰাকী প্ৰতিবাদকাৰীয়ে হিন্দী ভাষাত কৈছে- কওন কেহতা হেঁ কি হাম মুছলমান ভাৰত মাতা কী জয়, জয় শ্ৰী ৰাম নেহি বোলতে, হাম বোলতে হেঁ, হাম এক হেঁ, জয় শ্ৰী ৰাম, ভাৰত মাতা কী জয়, নাৰা-এ-তকবীৰ।(কোনো কয় আমি মুছলমানসকলে ভাৰত মাতা কী জয় নকওঁ, জয় শ্ৰী ৰাম নকওঁ। আমি কওঁ, ভাৰত মাতা কী জয়, জয় শ্ৰী ৰাম, নাৰা-এ-তকবীৰ) তাৰ পাছতেই উপস্থিতসকলে আল্লা হু আকবৰ বুলি চিঞৰি উঠা দেখা যায়।

আমি ইনষ্টাগ্ৰামৰ জৰিয়তে ছুফিয়ান বেইগ নামৰ সেই ইউটিউবাৰজনৰ লগত যোগাযোগ কৰিলোঁ। তেতিয়া তেওঁ নিশ্চিত কৰে যে সেই সময়ত তেওঁ তাত উপস্থিত আছিল আৰু তেওঁ মোবাইলৰ জৰিয়তে সেই দৃশ্য বন্দী কৰিছিল। 

ইয়াৰ পৰাই প্ৰমাণ হয় যে এই ভাইৰেল দাবীটো বিভ্ৰান্তিকৰ। চিজেপিৰ আন্দোলনত উপস্থিত একাংশই কোৱা সম্পূৰ্ণ মন্তব্য এটাৰ এটা সৰু অংশ কাটি তাত ইছলামিক শ্লোগান নাৰা-এ-তকবীৰ দিয়া বুলি প্ৰচাৰ কৰা হৈছে।  

 যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে,সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

 যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Result Stamp

Title: জন্তৰ-মন্তৰত ‘নাৰা-এ-তকবীৰ’ বুলি ইছলামিক শ্লোগান দিয়া দাবীটো বিভ্ৰান্তিকৰ।

Fact Check By: Pranjal Sharma

Result: Misleading

Leave a Reply

Your email address will not be published. Required fields are marked *