
শেহতীয়াকৈ, ভাৰতত টেলিগ্ৰাম এপটো নিষিদ্ধ কৰা হৈছে বুলি কিছুমান পোষ্ট ভাইৰেল হৈছে ছ’চিয়েল মিডিয়াত।
Facebook Link | Archived Link
আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ।
সত্যতা নিৰূপণ পদ্ধতি
আমি প্ৰথমে গুগলত প্ৰাসংগিক কী-ৱ’ৰ্ড ছাৰ্চ কৰিলোঁ আৰু তেতিয়া এ এন আইৰ অফিচিয়েল এক্স হেণ্ডলত ২০২৬ চনৰ ১৬ জুনৰ এটা টুইট পালোঁ।

টুইট অনুসৰি NEET re-test ৰ বাবে এন টি এ (NTA)ৰ পৰামৰ্শ অনুসৰি ইলেক্ট্ৰনিকছ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়ে তথ্য প্ৰযুক্তি আইন, ২০০০ৰ ধাৰা ৬৯ (এ)ৰ অধীনত অহা ২২ জুনলৈকে ভাৰতত টেলিগ্ৰাম এপটোৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিছে। তদুপৰি, ইতিমধ্যে পোষ্ট কৰা মেছেজসমূহৰ ক্ষেত্ৰত “মেছেজ এডিটিং” সুবিধাটো অহা ৩০ জুনলৈকে নিষ্ক্ৰিয় কৰা হৈছে।
ইণ্ডিয়া টুডেত প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি NEET re-test ৰ পৰিপ্ৰেক্ষিতত ভাৰতত টেলিগ্ৰাম এপটো সাময়িকভাৱে বন্ধ কৰা হৈছে। প্ৰতিবেদন অনুসৰি, “…ইলেক্ট্ৰনিকছ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়ে দুটা পৃথক নিৰ্দেশনা জাৰি কৰিছে।
প্ৰথম নিৰ্দেশনাটোৱে ভাৰতত টেলিগ্ৰাম এপটো ২২ জুনলৈকে নিষিদ্ধ কৰি পৰীক্ষাৰ সময়সীমা আৰু তাৰ তৎক্ষণাত পৰিণতি সামৰি লৈছে।
দ্বিতীয়টোত টেলিগ্ৰামে ভাৰতত ইতিমধ্যে পোষ্ট কৰা মেছেজসমূহৰ এডিটিং সুবিধাটো ৩০ জুনলৈকে নিষ্ক্ৰিয় কৰিব লাগিব।…”
এইবাৰ আমি নেশ্যনেল টেষ্টিং এজেন্সীৰ ২০২৬ চনৰ ১৬ জুনৰ এক প্ৰেছ বিজ্ঞপ্তি পালোঁ। তাত স্পষ্টকৈ উল্লেখ কৰা হৈছে যে টেলিগ্ৰাম এপটোৰ ওপৰত নিষেধাজ্ঞা কেৱল অহা ২২ জুনলৈকেহে আৰোপ কৰা হৈছে, অৰ্থাৎ NEET re-test ৰ পাছদিনালৈকে।



Press Release Link
ইয়াৰদ্বাৰা স্পষ্ট হৈ পৰিল যে টেলিগ্ৰাম এপটো ভাৰতত সাময়িকভাৱেহে বন্ধ কৰা হৈছে।
ফলাফল
আমাৰ অনুসন্ধানৰ পৰা আমি ক’ব পাৰোঁ যে ভাইৰেল দাবীটো বিভ্ৰান্তিকৰ। টেলিগ্ৰাম এপটো ভাৰতত স্থায়ীভাৱে নিষিদ্ধ কৰা হোৱা নাই। বৰং NEET re-test ৰ পৰিপ্ৰেক্ষিতত অহা ২২ জুনলৈকে সাময়িকভাৱে টেলিগ্ৰাম এপটো ভাৰতত বন্ধ কৰা হৈছে।
যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।
যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:
ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ


