‘চাপাক’ চিনেমাখনত এচিড আক্ৰমণকাৰীৰ মুছলিম নাম সলনি কৰি হিন্দু নাম ‘ৰাজেশ’ কৰা হৈছে নেকি?

ফেচবুক পোষ্ট | সংৰক্ষিত পোষ্ট শেহতীয়াকৈ ‘চাপাক’ নামৰ মেঘনা গোলজাৰৰ দ্বাৰা নিৰ্দেশিত ছবিখনে ছচিয়েল মিডিয়াত চাঞ্চল্যৰ সৃষ্টি কৰিছে । এই চিনেমাখন ২০০৫ চনতে লক্ষ্মী অগ্রৱাল নামৰ এগৰাকী মহিলাৰ ওপৰত হোৱা এটা এচিড আক্ৰমণৰ বিষয়ে নিৰ্মান কৰা হৈছে য’ত বলিউডৰ মোহময়ী অভিনেত্ৰী দীপিকা পাডুকনে মূল লক্ষ্মীৰ (চিনেমাত নাম মালতী) চৰিত্ৰটো কৰিছে । বৰ্তমান দাবী কৰা হৈছে […]

Continue Reading

ভাইৰেল ভিডিঅ’ৰ কেংগেৰুটো অষ্ট্ৰেলিয়াৰ বনজুইৰ পৰা উদ্ধাৰ কৰা নাই!

ফেচবুক পোষ্ট | সংৰক্ষিত পোষ্ট শেহতীয়াকৈ অষ্ট্ৰেলিয়াত বনজুইয়ে লোৱা বিধ্বংসী ৰূপে সমগ্ৰ বিশ্ববাসীৰে দৃষ্টি আকৰ্ষণ কৰিছে । এই জুইৰ মাজত সোমাই পৰা নানা জীৱ জন্তুৰ দুখ লগা ফটো আৰু ভিডিঅ’য়ে ছচিয়েল মিডিয়া ভৰি পৰিছে । কিছুমান জীৱ জন্তুক বিভিন্ন জনে উদ্ধাৰ কৰা ফটো-ভিডিঅ’ও আপলোড হৈছে ।  এনে এটা ভিডিঅ’, য’ত এটা কেংগেৰুয়ে এগৰাকী মহিলাক সাৱটি […]

Continue Reading

নাছায়ে বাণীবদ্ধ কৰা সূৰ্য্যৰ ধ্বনিত ‘ওম’ শব্দ শুনা গৈছে নেকি?

সূৰ্য্যৰ পৰা ‘ওম’ ধ্বনি ওলাই আৰু এই ধ্বনি নাছায়ে বাণীবদ্ধ কৰিছে বুলি এক ছচিয়েল মিডিয়া পোষ্ট/ভিডিঅ’ সম্প্ৰতি ভাইৰেল হৈ পৰিছে । ফেচবুক, টুইটাৰ আৰু হোৱাটচ এপ্পৰ জৰিয়তে ভাইৰেল হৈ পৰা এই পোষ্টটোত দাবী কৰা হৈছে যে কিছুদিনৰ আগতে নাছায়ে সূৰ্যৰ পৰা ওলোৱা ধ্বনি ৰেকৰ্ড কৰিছিল আৰু এই বাণীবদ্ধ শব্দৰ তীব্ৰতা যেতিয়া বঢ়াই দিয়া হ’ল তেতিয়া […]

Continue Reading

এইখন অসম এবিভিপিয়ে নাগৰিকত্ব সংশোধনী আইন আৰু এনআৰচিৰ বিৰুদ্ধে প্ৰতিবাদ কৰা ফটো নহয়!

অসমৰ লগতে গোটেই উত্তৰ পূবতে নাগৰিকত্ব সংশোধনী আইনৰ (কা) বিৰুদ্ধে প্ৰবল আন্দোলন গঢ়ি উঠাৰ সময়তে ছচিয়েল মিডিয়াৰ জৰিয়তে শেহতীয়াকৈ এক বিশেষ পোষ্ট/ফটো ভাইৰেল হৈ পৰিছে । অসমতো হোৱাটচ এপ্পৰ জৰিয়তে ভাইৰেল হৈ পৰা এই ফটোখনত এবিভিপি, (অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ) অসমৰ দ্বাৰা নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে কৰা প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে বুলি দাবী কৰা হৈছে […]

Continue Reading

নীতা আম্বানীয়ে নাগৰিকত্ব সংশোধনী আইন আৰু এনআৰচি’ৰ সমৰ্থনত টুইট কৰিছে নেকি?

ফেচবুক পোষ্ট | সংৰক্ষিত পোষ্ট যি সময়ত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্রতিবাদে অসমৰ লগতে সমগ্ৰ দেশতে তোলপাৰ লগাইছে, সেই সময়তে মুকেশ আম্বানীৰ ঘৈণীয়েক নীতা আম্বানীয়ে নাগৰিকত্ব সংশোধনী আইন আৰু এনআৰচি’ৰ সমৰ্থনত টুইট কৰিছে বুলি বিভিন্ন ছচিয়েল মিডিয়া পোষ্ট ভাইৰেল হৈ পৰিছে ।  অসমতো এই বিষয়ে বিভিন্ন পোষ্ট ছচিয়েল মিডিয়াৰ জৰিয়তে ভাইৰেল হৈ পৰিছে । হোজাই […]

Continue Reading

অসমৰ কা বিৰোধী আন্দোলনৰ সময়ত এই ট্ৰেইন পাইলত গৰাকীয়ে ১৫০০ যাত্ৰীৰ প্ৰাণ বচাইছিল নেকি?

শেহতীয়াকৈ অসমৰ লগতে গোটেই উত্তৰ পূবতে নাগৰিকত্ব সংশোধনী আইনৰ (কা) বিৰুদ্ধে প্ৰবল আন্দোলন গঢ়ি উঠাৰ সময়তে ছচিয়েল মিডিয়াৰ জৰিয়তে এক বিশেষ পোষ্ট/ফটো ভাইৰেল হৈ পৰিছে । আন্দোলনৰ অংশ হিচাবে প্ৰতিবাদকাৰীয়ে ঠাইয়ে ঠাইয়ে ৰেল আৰু ৰাষ্ট্ৰীয় ঘাইপথকে ধৰি আন আন পথবোৰ বন্ধ কৰি দিছিল আৰু বিভিন্ন সময়ত সাধাৰণ নাগৰিক বা যাত্ৰীৰ লগত খণ্ড যুদ্ধতও লিপ্ত হৈছিল […]

Continue Reading

এই ভাইৰেল ভিডিঅ’টো অসমৰ ডিটেনশ্যন কেম্পৰ নহয়!

ফেচবুক পোষ্ট | সংৰক্ষিত পোষ্ট শেহতীয়াকৈ অসমৰ লগতে গোটেই উত্তৰ পূবতে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰবল আন্দোলন গঢ়ি উঠাৰ সময়তে ছচিয়েল মিডিয়াৰ জৰিয়তে এক বিশেষ ভিডিঅ’ ভাইৰেল হৈ পৰিছে । অসমৰ ডিটেনশ্যন কেম্পৰ ভিডিঅ’ বুলি প্ৰচাৰ হোৱা এই ভিডিঅ’টোত কিছু মানুহৰ ওপৰত ভীষণ অত্যাচাৰ হোৱা দেখা গৈছে । যি সময়ত অসমৰ এনআৰচি, বিদেশী সমস্যা আৰু […]

Continue Reading

অসমৰ মুখ্যমন্ত্ৰীয়ে ‘কা’ বিৰোধী প্ৰতিবাদকাৰীৰ পৰা এনে ধৰণেই পলাইছিল নেকি?

ফেচবুক পোষ্ট | সংৰক্ষিত পোষ্ট সম্প্ৰতি অসমৰ লগতে গোটেই উত্তৰ পূবতেই নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰবল প্ৰতিৰোধ গঢ়ি উঠিছে আৰু অসমত ঠাইয়ে ঠাইয়ে চৰকাৰী বাহিনী আৰু প্ৰতিবাদকাৰীৰ মাজত সংঘাত হৈছে । অসমৰ বিজেপি চৰকাৰৰ বিভিন্ন নেতা-মন্ত্ৰীয়েও ৰাইজৰ ক্ষোভৰ সন্মুখীন হব লগাত পৰিছে । স্বয়ং মুখ্যমন্ত্ৰী সোণোৱালেও প্ৰতিবাদকাৰীৰ ক’লা পতাকাৰ সন্মুখীন হৈছে ।  ইয়াৰ মাজতেই ছচিয়েল […]

Continue Reading

এইটো অসমৰ কেব আন্দোলনৰ সময়ত প্ৰতিবাদকাৰীৰ ওপৰত পুলিচৰ গুলী চালনাৰ ভিডিঅ’ নহয়!

সম্প্ৰতি অসমৰ লগতে গোটেই উত্তৰ পূবতেই নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰবল প্ৰতিৰোধ গঢ়ি উঠিছে আৰু অসমত ঠাইয়ে ঠাইয়ে চৰকাৰী বাহিনী আৰু প্ৰতিবাদকাৰীৰ মাজত সংঘাত হৈছে । ইয়াকে লৈ অসমত ছচিয়েল মিডিয়াৰ জৰিয়তে এক বিশেষ ভিডিঅ’ ভাইৰেল হৈ পৰিছে । বিশেষকৈ হোৱাটচ এপ্পৰ জৰিয়তে ভাইৰেল হৈ পৰা এই ভিডিঅ’টোত দুজন আৰক্ষী যোৱানক প্ৰতিবাদকাৰী যেন লগা এজাক […]

Continue Reading

অসমৰ ডিব্ৰুগড় জিলাত পুলিচৰ গুলিত কোনো প্ৰতিবাদকাৰী ছোৱালীয়ে মৃত্যুবৰণ কৰা নাই!

ফেচবুক পোষ্ট | সংৰক্ষিত পোষ্ট সম্প্ৰতি অসমৰ লগতে গোটেই উত্তৰ পূবতেই নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰবল প্ৰতিৰোধ গঢ়ি উঠিছে আৰু অসমত ঠাইয়ে ঠাইয়ে চৰকাৰী বাহিনী আৰু প্ৰতিবাদকাৰীৰ মাজত সংঘাত হৈছে । ইয়াকে লৈ অসমত ছচিয়েল মিডিয়াৰ জৰিয়তে এক বিশেষ বাতৰি ভাইৰেল হৈ পৰিছে । বিশেষকৈ ফেচবুকত ভাইৰেল হোৱা এই বাতৰিৰ মতে অসমৰ ডিব্ৰুগড় জিলাৰ বকুলত […]

Continue Reading