নাছায়ে বাণীবদ্ধ কৰা সূৰ্য্যৰ ধ্বনিত ‘ওম’ শব্দ শুনা গৈছে নেকি?

False Social

সূৰ্য্যৰ পৰা ‘ওম’ ধ্বনি ওলাই আৰু এই ধ্বনি নাছায়ে বাণীবদ্ধ কৰিছে বুলি এক ছচিয়েল মিডিয়া পোষ্ট/ভিডিঅ’ সম্প্ৰতি ভাইৰেল হৈ পৰিছে । ফেচবুক, টুইটাৰ আৰু হোৱাটচ এপ্পৰ জৰিয়তে ভাইৰেল হৈ পৰা এই পোষ্টটোত দাবী কৰা হৈছে যে কিছুদিনৰ আগতে নাছায়ে সূৰ্যৰ পৰা ওলোৱা ধ্বনি ৰেকৰ্ড কৰিছিল আৰু এই বাণীবদ্ধ শব্দৰ তীব্ৰতা যেতিয়া বঢ়াই দিয়া হ’ল তেতিয়া এই ‘ওম’ ধ্বনি শুনিবলৈ পোৱা গৈছে । অসমতো এতিয়া এই বিশেষ ধ্বনি থকা ভিডিঅ’ হোৱাটচ এপ্পৰ জৰিয়তে মোবাইলে মোবাইলে প্ৰচাৰ হৈছে । 

উল্লেখযোগ্য যে অৱসৰ প্ৰাপ্ত আইপিএছ বিষয়া কিৰণ বেদীয়েও আনকি এই ভিডিঅ’টো টুইটাৰত আপলোড কৰিছে আৰু উক্ত টুইটটো বহুল ভাৱে প্ৰচাৰ হৈছে ।

twitter bedi.png

টুইটাৰ লিংক

সঁচাকৈ সূৰ্য্যৰ পৰা ‘ওম’ ধ্বনি নিৰ্গত হৈছে নেকি আৰু সঁচাকৈ নাছায়ে এই ধ্বনি বাণীবদ্ধ কৰিবলৈ সক্ষম হৈছে নেকি? সত্য কি? জানোঁ আহক । 

প্ৰণালী

প্ৰথমতে আমি বিশেষ কিছুমান কীৱৰ্ডছ ব্যৱহাৰ কৰি গুগলত চাৰ্ছ কৰিলোঁ আৰু ২৬ জুলাই, ২০১৮ চনতে নাছাৰ অফিচিয়েল ইউটিউব চেনেলত প্ৰকাশ হোৱা এটা ভিডিঅ’ দেখা পালোঁ য’ত শিৰোনামা দিয়া হৈছে “সূৰ্য্যৰ ধ্বনি, নাছা (ৰ অ’ডিঅ’)” । এই ভিডিঅ’টোত আমি খুব কম প্ৰাৱল্য এক অ’ডিঅ’ শুনা পালোঁ কিন্তু কোনো ওম ধ্বনি শুনা নাপালোঁ ।

sun raw.png

ইউটিউব লিংক

ইয়াৰ উপৰিয়ো নাছাৰ অফিচিয়েল ইউটিউব চেনেলত আমি আন এটা ভিডিঅ’ দেখা পালোঁ য’ত নাছাৰ হেলিঅ’ফিজিস্ত এলেক্স য়ংয়ে সূৰ্য্য বা আন তৰাবোৰৰ পৰা ধ্বনি কেনেকৈ নিৰ্গত হয় সেই বিষয়ে জনাইছে । তেওঁ লগতে কৈছে যে সূৰ্য্যৰ পৰা নিৰ্গত হোৱা ধ্বনিটো ইয়াৰ স্পন্দন হয় আৰু বহুত নিম্ন প্ৰাৱল্যৰ হয় । 

sun humming.png

ইউটিউব লিংক

ইয়াৰ পাছত আমি ইউটিউবত বিশেষ কিছুমান কীৱৰ্ডছ ব্যৱহাৰ কৰি চাৰ্ছ কৰিলোঁ আৰু ভাইৰেল হোৱা ভিডিঅ’টোৰ অ’ডিঅ’ আৰু মিউজিক মাইণ্ড মেজিক নামৰ ইউটিউব চেনেলটোত যোৱা ২০ জুন, ২০১৭ তাৰিখে ওম মন্ত্ৰ হিচাবে আপলোড হোৱা এটা অ’ডিঅ’ৰ লগত একেই । 

aum video.png

ইউটিউব লিংক

উল্লেখযোগ্য যে এই মন্ত্ৰৰ সূৰ্য্যৰ ধ্বনিৰ লগত কোনো সম্পৰ্ক নাই । 

ফলাফল

সূৰ্য্যৰ ধ্বনি বুলি প্ৰচাৰ হোৱা অ’ডিঅ’টো আচলতে এক ওম মন্ত্ৰ হয় আৰু নাছায়ে অফিচিয়েলি প্ৰকাশ কৰা সূৰ্য্যৰ ধ্বনিত কোনো ওম মন্ত্ৰ নাই । সূৰ্য্যৰ ধ্বনিত ওম মন্ত্ৰ শুনা গৈছে বুলি প্ৰচাৰ কৰি জনসাধাৰনক বিপথে পৰিচালিত কৰা হৈছে । 

Avatar

Title:নাছায়ে বাণীবদ্ধ কৰা সূৰ্য্যৰ ধ্বনিত ‘ওম’ শব্দ শুনা গৈছে নেকি?

Fact Check By: Manjori Borkotoky 

Result: False

Leave a Reply

Your email address will not be published. Required fields are marked *