সম্প্ৰতি অসমৰ লগতে গোটেই উত্তৰ পূবতেই নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰবল প্ৰতিৰোধ গঢ়ি উঠিছে আৰু অসমত ঠাইয়ে ঠাইয়ে চৰকাৰী বাহিনী আৰু প্ৰতিবাদকাৰীৰ মাজত সংঘাত হৈছে । ইয়াকে লৈ অসমত ছচিয়েল মিডিয়াৰ জৰিয়তে এক বিশেষ ভিডিঅ' ভাইৰেল হৈ পৰিছে । বিশেষকৈ হোৱাটচ এপ্পৰ জৰিয়তে ভাইৰেল হৈ পৰা এই ভিডিঅ'টোত দুজন আৰক্ষী যোৱানক প্ৰতিবাদকাৰী যেন লগা এজাক মানুহৰ ওপৰত নিৰ্বিচাৰে গুলি চলোৱা দেখা গৈছে । ইয়াৰ পাছতেই দুজন প্ৰতিবাদকাৰীক গুলী লগাৰ পাছত ঢলি পৰা দেখা গৈছে । তাৰ পাছত ষ্ট্ৰেচাৰ লৈ দুটা মেডিকেল টিমক সেই ঠাইলৈ দৌৰি যোৱা দেখা গৈছে আৰু আঘাত প্ৰাপ্ত দুয়োজন প্ৰতিবাদকাৰীক হস্পিটেললৈ লৈ যোৱা দেখা গৈছে । এইটো অসমৰ ভিডিঅ' বুলি গোটেই ৰাজ্যতে চাঞ্চল্যৰ সৃষ্টি হৈছে ।

ভিডিঅ'টো আচলতে ক'ৰ? সঁচাকৈ অসমৰ হয় নে? ইয়াৰ অন্তৰালত কি কাহিনী আছে? জানোঁ আহক।

প্ৰণালী

আমি বিশেষ ছফ্টৱেৰৰ সহায়ত ভিডিঅ'টো কীফ্ৰেমছত বিভক্ত কৰিলোঁ আৰু গুগলত ৰিভাৰছ ইমেজ ছাৰ্চ কৰিলোঁ ফলত আমি একে ধৰণৰ এটা ভিডিঅ' ১ নৱেম্বৰ ২০১৭ তাৰিখে ইউটিউবত আপলোড হোৱা দেখা পালোঁ য'ত লিখা হৈছে যে ভিডিঅ'টো ঝাৰখণ্ডৰ খুনটি পুলিচৰ এক মক ড্ৰিলৰ সময়ৰ হয় ।

Police Youtube.png

ইউটিউব লিংক | সংৰক্ষিত লিংক

ইয়াৰ পাছত আমি ভিডিঅ'টোৰ লগত জড়িত কিছুমান কীৱৰ্ডছ ব্যৱহাৰ কৰি গুগলত চাৰ্চ কৰিলোঁ আৰু পালোঁ যে এই একেটা ভিডিঅ' বিভিন্ন সময়ত ভাৰতৰ বিভিন্ন ঠাইত পুলিচ বা আৰ্মীৰ প্ৰতিবাদকাৰীৰ ওপৰত হোৱা গুলী চালনা বুলি শ্বেয়াৰ হৈছে । বাতৰিবোৰ পঢ়ক ইয়াত

Police minute.png

ঠিক সেইদৰে ফেক্ট ক্ৰেছচেণ্ডয়ে কাশ্মীৰত হোৱা গুলি চালনাৰ ঘটনাৰ ভিডিঅ' বুলি ভাইৰেল হোৱা এই ভিডিঅ'টোৰ সত্যতা বিচাৰি ঝাৰখণ্ডৰ ভিডিঅ' বুলি নিৰূপণ কৰিছিল । বাতৰিটো পঢ়ক ইয়াত

fc police bullet.png

উপৰোক্ত চাৰ্চটোত আমি প্ৰিন্ট নামৰ ডিজিটেল নিউজ পৰ্টেলটোত এই একেটা ভিডিঅ'ৰ বিষয়ে এটা বাতৰি প্ৰকাশ পাইছে য'ত স্পষ্টকৈ লিখা হৈছে যে ভিডিঅ'টো আচলতে ঝাৰখণ্ডৰ হয় । বাতৰিটো পঢ়ক ইয়াত

Police print.png

ফলাফল

আমি নিশ্চিত হলোঁ যে ভাইৰেল ভিডিঅ'টো আচলতে ঝাৰখণ্ড পুলিচৰ নৱেম্বৰ ২০১৭ সময়ৰ এক মক ড্ৰিলৰ হয় আৰু ইয়াৰ অসমৰ লগত কোনো সম্পৰ্ক নাই ।

Avatar

Title:এইটো অসমৰ কেব আন্দোলনৰ সময়ত প্ৰতিবাদকাৰীৰ ওপৰত পুলিচৰ গুলী চালনাৰ ভিডিঅ' নহয়!

Fact Check By: Manjori Borkotoky

Result: False