
যি সময়ত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্রতিবাদে অসমৰ লগতে সমগ্ৰ দেশতে তোলপাৰ লগাইছে, সেই সময়তে মুকেশ আম্বানীৰ ঘৈণীয়েক নীতা আম্বানীয়ে নাগৰিকত্ব সংশোধনী আইন আৰু এনআৰচি’ৰ সমৰ্থনত টুইট কৰিছে বুলি বিভিন্ন ছচিয়েল মিডিয়া পোষ্ট ভাইৰেল হৈ পৰিছে ।
অসমতো এই বিষয়ে বিভিন্ন পোষ্ট ছচিয়েল মিডিয়াৰ জৰিয়তে ভাইৰেল হৈ পৰিছে । হোজাই লাইভ জেদ এছ টি নামৰ এটা ফেচবুক পোষ্টৰ পৰা ৩০ ডিচেম্বৰ, ২০১৯ তাৰিখে গধূলি ০৬:৩৭ বজাত এটা ভিডিঅ’ প্ৰকাশ হৈছে য’ত লিখা হৈছে “Jio মালিকৰ পত্নীৰ মুকলিকৈ CAB/CAA সমৰ্থন কৰাৰ বাবে jio Sim Connection ক Boycott কৰাৰ সিদ্ধান্ত । মইয়ো CAA বিৰোধী গতিকে মই port কৰি বেলেগ Network লৈ যোৱাৰ সিদ্ধান্ত লৈছো ।” এই পোষ্টটোৰ লগতে এটা ফোন ক’লৰ ৰেকৰ্ডিং প্ৰকাশ পাইছে য’ত এজন জিঅ’ গ্ৰাহকে কাষ্টমাৰ কেয়াৰলৈ ফোন কৰি নীতা আম্বানীয়ে নাগৰিকত্ব সংশোধনী আইন সমৰ্থন কৰাৰ বাবে জিঅ’ ব্যৱহাৰ কৰা এৰি দিম বুলি কৈছে । উক্ত পোষ্টটো ফেচবুকত ছয় হাজাৰতকৈও অধিক বাৰ শ্বেয়াৰ হৈছে ।
সঁচাকৈ নীতা আম্বানীয়ে এনে ধৰণৰ টুইট কৰিছিল নেকি? সত্য কি? জানোঁ আহক ।
প্ৰণালী
প্ৰথেমেই আমি টুইটাৰত নীতা আম্বানীৰ একাউণ্টতো বিচাৰিলোঁ আৰু দেখিলোঁ যে নীতা আম্বানীৰ টুইটাৰত কোনো অফিচিয়েল একাউণ্ট নাই । গতিকে ইয়াৰ পাছত এই ভাইৰেল পোষ্টটোত দেখা পোৱা টুইটাৰ হেণ্ডেলটো @NitaAmbaani বিচাৰিলোঁ আৰু দেখিলোঁ যে এই একাউণ্টতো ইতিমধ্যেই টুইটাৰে বন্ধ কৰি দিছে কাৰণ ই টুইটাৰৰ নিয়মাৱলী ভংগ কৰিছিল ।

আমি এই ভাইৰেল পোষ্টটোৰ লগত সম্পৰ্ক থকা কিছুমান বিশেষ কীৱৰ্ডছ ব্যৱহাৰ কৰি গুগলত চাৰ্ছ কৰিলোঁ আৰু দেখিলোঁ যে নীতা আম্বানীৰ নামত ভুৱা টুইটাৰ হেণ্ডেলৰ পৰা বিতৰ্কমূলক বক্তব্য প্ৰকাশ পাইছে ।

এই বিষয়ে পঢ়ক ইয়াত ।
ইয়াৰ উপৰিয়ো আমি নীতা আম্বানীয়ে নাগৰিকত্ব সংশোধনী আইন আৰু এনআৰচি’ৰ সমৰ্থনত টুইট কৰা বুলি কোনো মূলসুঁতিৰ নিউজ গোষ্ঠী পৰা প্ৰকাশ পোৱা বাতৰি আমি দেখা নাপালোঁ ।
ফলাফল
নীতা আম্বানীয়ে নাগৰিকত্ব সংশোধনী আইন আৰু এনআৰচি’ৰ সমৰ্থনত টুইট কৰা বুলি ভাইৰেল হোৱা ছচিয়েল মিডিয়া পোষ্টবোৰ সম্পূৰ্ণ ভুৱা আৰু জনসাধাৰণক বিপথে পৰিচালিত কৰিছে । নীতা আম্বানীয়ে এনে ধৰণৰ কোনো টুইট কৰা নাই আৰু তেখেতৰ কোনো অফিচিয়েল টুইটাৰ হেণ্ডেল নাই । ভুৱা টুইটাৰ হেণ্ডেল কিছুমানৰ পৰা এনে ধৰণৰ বিতৰ্কমূলক বক্তব্যবোৰ প্ৰকাশ পাইছে ।

Title:নীতা আম্বানীয়ে নাগৰিকত্ব সংশোধনী আইন আৰু এনআৰচি’ৰ সমৰ্থনত টুইট কৰিছে নেকি?
Fact Check By: Manjori BorkotokyResult: False