
শেহতীয়াকৈ অসমৰ লগতে গোটেই উত্তৰ পূবতে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰবল আন্দোলন গঢ়ি উঠাৰ সময়তে ছচিয়েল মিডিয়াৰ জৰিয়তে এক বিশেষ ভিডিঅ’ ভাইৰেল হৈ পৰিছে । অসমৰ ডিটেনশ্যন কেম্পৰ ভিডিঅ’ বুলি প্ৰচাৰ হোৱা এই ভিডিঅ’টোত কিছু মানুহৰ ওপৰত ভীষণ অত্যাচাৰ হোৱা দেখা গৈছে । যি সময়ত অসমৰ এনআৰচি, বিদেশী সমস্যা আৰু নাগৰিকত্ব সংশোধনী আইনৰ প্ৰতিবাদক লৈ অসমৰ লগতে গোটেই দেশ উত্তাল হৈ আছে সেই সময়ত এনে ভিডিঅ’ ভাইৰেল হৈ পৰাত চাঞ্চল্যৰ সৃষ্টি হৈছে । উল্লেখযোগ্য যে শেহতীয়াকৈ ভাৰতৰ প্ৰধান মন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডীয়েও ভাৰতত কোনো ডিটেনশ্যন কেম্প নাই বুলি কোৱাৰ পাছতেই এই ভিডিঅ’টো বহুল ভাৱে প্ৰচাৰ হৈছে ।
এই ভিডিঅ’টো ফেচবুকত বিভিন্ন পেইজ আৰু প্ৰফাইলৰ পৰা আপলোড হৈছে আৰু শ্বেয়াৰ হৈছে ।

টুইটাৰতও এইটো বহুল ভাৱে অসমৰ ডিটেনশ্যন কেম্পৰ ভিডিঅ’ বুলি প্রচাৰ হৈছে । দাবী কৰা হৈছে যে অসমত মুছলমান সকলৰ ওপৰত এইদৰেই অত্যাচাৰ চলিছে ।

অসমত ডিটেনশ্যন কেম্প থকাটো সঁচা কিন্তু উক্ত ভিডিঅ’টো অসমৰ ডিটেনশ্যন কেম্পৰ হয় নে? সত্য কি? জানোঁ আহক ।
প্ৰণালী
আমি ভিডিঅ’টো ভালকৈ লক্ষ্য কৰি দেখিলোঁ যে স্ক্ৰীনৰ সোঁফালে ওপৰত এটা চেনেলৰ ল’গ’ দেখা গৈছে । ল’গ’টো হ’ল ত্ৰুথলংকা ডট কম নামৰ এটা শ্ৰীলংকাৰ মিডিয়া ৱেবচাইটৰ । আমি এই চেনেলটোৰ ফেচবুক পেজত ২০১৯ চনৰ, জানুৱাৰী ১৬ তাৰিখে, ভিডিঅ’টো আপলোড হোৱা দেখিলোঁ ।

ইয়াৰ পাছতেই আমি এই ভিডিঅ’টো আমাৰ শ্ৰীলংকাৰ প্ৰতিনিধিলৈ পঠালোঁ । তেওঁ নিশ্চিত কৰিলে যে ভিডিঅ’টো আচলতে শ্ৰীলংকাৰ এখন জেইলৰ হয় আৰু এই চিচি টিভি ফুটেজটো ২০১৮ চনৰ নৱেম্বৰ ২২ তাৰিখৰ হয় । তেওঁ আৰু আমাক জনালে যে আচলতে জেইলৰ কয়দীবোৰে এক প্ৰতিবাদত অংশ লৈছিল আৰু ইয়াৰ পাছতেই পুলিচ বাহিনীয়ে তেওঁলোকৰ ওপৰত জঁপিয়াই পৰিছিল ।

Daily Mirror Online | সংৰক্ষিত লিংক
ফলাফল
এই ভাইৰেল ভিডিঅ’টো আচলতে অসমৰ নহয়, আনকি ভাৰতৰো নহয় বৰঞ্চ শ্ৰীলংকাৰ এখন জেইলৰ হয় । নিশ্চিত ভাৱে অসমৰ এনআৰচি আৰু ডিটেনশ্যন কেম্পৰ লগত ইয়াৰ কোনো সম্পৰ্ক নাই ।