যৌতুকত বাইক দাবী কৰা দৰাক কইনাৰ দেউতাকে চেণ্ডেলেৰে কোবালে ?

Misleading Social

শেহতীয়াভাবে বিয়া এখনত এজন লোকে দৰাজনক চেণ্ডেলেৰে প্ৰহাৰ কৰা এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। যৌতুকৰ নামত দুচকীয়া বাহন বিচৰাক লৈ অতিথিৰ সমুখতে কইনাৰ দেউতাকে চেণ্ডেলেৰে দৰাক প্ৰহাৰ কৰা এক মিনিট মানৰ ভিডিঅ’ ক্লিপটো বিভিন্ন চ’ছিয়েল মিডিয়াত বিয়পি পৰিছে। অসমৰো বহু লোকে সেই ভিডিঅ’টো শ্বেয়াৰ কৰা দেখা গৈছে। 

তেনেকুৱা এটা টুইটত  লিখা হৈছে যে, ““জোঁৱায়ে যৌতুকত মটৰ চাইকেল বিচাৰিছিল, শহুৰেকে সকলোৰে সন্মুখত চপ্পল দিছিল, ভিডিঅ’ ভাইৰেল।”

Archived Link

আনকি  News 18, Aaj Tak আদিৰ দৰে সংবাদ প্ৰতিস্থানেও এই সম্পৰ্কে বাতৰি পৰিবেশন কৰা দেখা গৈছে।  News 18, Aaj Tak ৰ সেই বাতৰি ইয়াত আৰু ইয়াত চাব পাৰিব। 

একেটি ভিডিঅ’ ফেচবুকতো ভাইৰেল হৈছে। ফেচবুকৰ সেই ভিডিঅ’ ইয়াত চাব পাৰিব।

সত্যতা নিৰূপণ পদ্ধতি

অনুসন্ধানৰ আৰম্ভনীতে আমি ভাইৰেল হোৱা ভিডিঅ’টোৰ পৰা বিশেষ কাৰিকৰী ব্যৱস্থাৰে কী-ফ্ৰেম উলিয়াই গুগলত এটা ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰি চালোঁ। সেই ছাৰ্চৰ অন্তত আমি ইউটিউব চেনেল Maithili Bazar এ ৮মে’, ২০২১ তাৰিখে পোষ্ট কৰা এটা ভিডিঅ’ পালোঁ। আমি তাত আপলোড কৰা ভাইৰেল ভিডিঅ’টোৰ সম্পূৰ্ণ দৈৰ্ঘ্যৰ সংস্কৰণটো পালোঁ। হিন্দীত লিখা কেপচনটোৰ ভাবানুবাদ হ’ল “ আৱশেষত বিদায়ৰ পৰত দৰাই কইনাক কিয় মাৰপিট কৰিছিল আৰু দৰাৰ দেউতাকে দৰাক কিয় মাৰপিট কৰিছিল?”

ভিডিঅ’টোত উল্লেখ কৰা শিল্পীসকল নামৰ শিতানত সুনীল সুমন, পূজা মিশ্ৰ, আৰু মোহন মণ্ডল বুলি উল্লেখ কৰা হৈছে। ইয়াৰ পৰা গম পোৱা যায় যে ভিডিঅ’টোৰ এক চিত্ৰনাট্য আছিল। চেনেলটোৰ আন ভিডিঅ’বোৰ লক্ষ্য কৰাৰ সময়ত আমি গম পালোঁ যে ইউটিউব চেনেলটোৱে নিয়মিতভাৱে এইদৰে চিত্ৰনাট্যযুক্ত ভিডিঅ’ আপলোড কৰে। চেনেলটো ইয়াত চাব পাৰিব। 

আমাৰ অধিক অনুসন্ধানত আমি Maithili Bazaar নামৰ ইউটিউব চেনেলটোৰ about section ত গম পালোঁ যে চেনেলটো ৩ জুন, ২০১৭ত আৰম্ভ কৰা হৈছিল। তাত উল্লেখ কৰা হৈছে যে এইটো মৈঠেলী ভাষাৰ এটা জনপ্ৰিয় চেনেল য’ত মৈঠেলী ভাষাত মনোৰঞ্জনমূলক কমেডী ভিডিঅ’ প্ৰস্তুত  কৰি আলপোড কৰা হয়।

তদুপৰি আমি ‘সৰোজ সুমন’ৰ ইনষ্টাগ্ৰাম পেজৰ বায়’ত উল্লেখ কৰা দেখিলোঁ যে মৈথেলী বাজাৰ এটা কমেডী ইউটিউব চেনেল আৰু তেওঁলোকৰ চেনেলে হিন্দী,ভোজপুৰী আৰু মৈথেলী ভাষাৰ চুটি কমেডী ভিডিঅ’ দেখুৱাই দৰ্শকক মনোৰঞ্জন দিয়ে।

 ফলাফল

ফেক্ট ক্ৰেচেণ্ডোৰ অনুসন্ধানত ভাইৰেল হোৱা ভিডিঅ’টোৰ দাবীটো বিভ্ৰান্তিকৰ বুলি নিশ্চিত হয়  । ভাইৰেল ভিডিঅ’টো Maithili Bazar নামৰ ইউটিউব চেনেলটোৱে মনোৰঞ্জনৰ বাবে বনোৱা এটা স্ক্ৰিপ্টেড অৰ্থাত চিত্ৰনাট্যযুক্ত ভিডিঅ’হে । এয়া কোনো বিয়াৰ প্ৰকৃত দৃশ্য নহয়।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:যৌতুকত বাইক দাবী কৰা দৰাক কইনাৰ দেউতাকে চেণ্ডেলেৰে কোবালে ?

Fact Check By: Pranjal Sharma 

Result: Misleading

Leave a Reply

Your email address will not be published. Required fields are marked *