চন্দ্ৰযান-৩ৰ চন্দ্ৰত অৱতৰণৰ দৃশ্য বুলি এনিমেটেড দৃশ্য প্ৰচাৰ কৰিছে নেকি? সত্যটো কি?  

২৩ আগষ্ট ২০২৩, বুধবাৰে পৃথিৱীৰ উপগ্ৰহ চন্দ্ৰৰ দক্ষিণ গোলাৰ্ধত চন্দ্ৰযান ৩ৰ লেণ্ডাৰ বিক্ৰমে সফল অৱতৰণ কৰাৰ লগে লগে পৃথিৱীৰ বিজ্ঞানীসকলৰ চন্দ্ৰ অভিযানৰ ক্ষেত্ৰত এক ইতিহাস ৰচনা হৈছে। মহাকাশ গৱেষণাৰ ক্ষেত্ৰত ই সোণালী আখৰেৰে লিখা যোৱা এক সফলতা। সন্ধিয়া থিক ৬বজাৰ লগে লগে লেণ্ডাৰ বিক্ৰমে চন্দ্ৰপৃষ্ঠক মসৃণভাৱে স্পৰ্শ কৰাৰ লগে লগে সমগ্ৰ ভাৰতবৰ্ষ উচ্ছাসিত হৈ পৰিল। […]

Continue Reading

মণিপুৰত বিজেপি সমৰ্থকে ৩০০ বছৰ পুৰণি গীৰ্জা জ্বলাই দিছে নেকি? সত্যটো কি?

শেহতীয়াভাৱে মণিপুৰত কুকি আৰু মেইটেইৰ মাজত চলি থকা সংঘাতৰ সাক্ষী হৈছে সমগ্ৰ দেশ তথা বিশ্ব। এই সংঘাতত এতিয়ালৈকে ১৫০ জনতকৈয়ো অধিক লোকৰ মৃত্যু হৈছে। এই প্ৰেক্ষাপটত এটা বৃহৎ অগ্নিকাণ্ডত জ্বলি থকা গীৰ্জাৰ এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে আৰু এই ঘটনা মণিপুৰত সংঘটিত হোৱা বুলি দাবী কৰা হৈছে৷ দাবীটোত এইটোও কোৱা হৈছে যে প্ৰতিবাদৰ […]

Continue Reading

পাকিস্তানত এগৰাকী পিতৃয়ে নিজ কন্যাক চতুৰ্থ পত্নীৰূপে গ্ৰহণ কৰিলে নেকি?

পাকিস্তানত এগৰাকী ছোৱালীয়ে নিজ পিতৃক বিয়া কৰাইছিল বুলি দাবী কৰি ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে এটা ভিডিঅ’। ভিডিঅ’টোত মহিলাগৰাকীয়ে কোৱা দেখা গৈছে যে, “ৰবিয়া নামটো চতুৰ্থ কন্যাৰ বাবে ব্যৱহাৰ কৰা হয়, কিন্তু দ্বিতীয় কন্যা হোৱাৰ বাবে তাই চতুৰ্থ পত্নী হোৱাৰ কথা ভাবিছিল”, যিটো ছ’চিয়েল মিডিয়াত একাংশ লোকে বিভ্ৰান্তিকৰভাৱে প্ৰচাৰ কৰিছিল , ‘পিতৃৰ সৈতে কন্যাৰ বিবাহ’ […]

Continue Reading

ফিলিপাইনছৰ এটা ডাকঘৰৰ পুৰণি ভিডিঅ’ ফ্ৰান্সৰ আলকাজাৰ লাইব্ৰেৰী বুলি ভাইৰেল কৰা হৈছে।

২০২৩ চনৰ ২৭ জুনত ফ্ৰান্সত নাহেল মেৰজুক নামৰ যুৱকক এগৰাকী আৰক্ষী বিষয়াই হত্যা কৰাৰ পাছত ধাৰাবাহিকভাৱে নাগৰিকৰ দ্বাৰা অশান্তিকৰ পৰিবেশ আৰম্ভ হয়। নান্টেৰেত ২৭ জুনত আৰক্ষী মুখ্য কাৰ্যালয়ৰ বাহিৰত স্থানীয় একাংশ বাসিন্দাই প্ৰতিবাদ আৰম্ভ কৰে আৰু যিটো প্ৰতিবাদ পাছলৈ সংঘৰ্ষলৈ ৰূপান্তৰিত হয়। বিক্ষোভকাৰীসকলে গাড়ী জ্বলাই দিয়ে, বাছ ষ্টপ ধ্বংস কৰে আৰু আৰক্ষীক লক্ষ্য কৰি আতচবাজী […]

Continue Reading

জে.পি. নাড্ডাই প্ৰধানমন্ত্ৰী মোদীক নীচ,সাপ,বৃশ্চিক,নিৰক্ষৰ,চাহ বেপাৰী বুলি কৈছে নেকি? সত্যটো কি?

শেহতীয়াভাৱে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে.পি.নাড্ডাৰ ভাষণৰ এটা ভিডিঅ’ ইণ্টাৰনেটত ভাইৰেল হৈ পৰা দেখা গৈছে। তাত আপুনি দেখিব যে নাড্ডাই কৈছে -”মোদী তুমি নীচ, মোদী তুমি সাপ, মোদী তুমি বৃশ্চিক, মোদী তুমি অশিক্ষিত, মোদী তুমি চাহ বেপাৰী”। দাবী কৰা হৈছে যে প্ৰধানমন্ত্ৰী মোদীক লৈ এই সকলোবোৰ কৈছে স্বয়ং সভাপতি জে.পি.নাড্ডাই। টুইটাৰত ভাইৰেল হোৱা ভিডিঅ’টোৰ লগত গিৰিশ […]

Continue Reading

প্ৰধানমন্ত্ৰী মোদীক শেহতীয়া আমেৰিকা ভ্ৰমণৰ সময়ত দৰ্শকে অশ্লীল ভাষাৰে গালি-গালাজ কৰিছিল নেকি? সত্যটো কি?

শেহতীয়াভাৱে আমাৰ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মঞ্চত কেইবাজনো লোকৰ সৈতে হাত মিলাই থকা এটা ভিডিঅ’ ফেচবুকত ভাইৰেল হৈ পৰিছে। প্ৰধানমন্ত্ৰী মোদীৰ শেহতীয়াকৈ আমেৰিকা ভ্ৰমণৰ সময়ত সেই অনুস্থানত উপস্থিত থকা একাংশ লোকে মোদীৰ প্ৰতি লক্ষ্য কৰি গালি-গালাজ কৰিছিল বুলি দাবী কৰি এই ভিডিঅ’টো ভাইৰেল হৈ পৰিছে। ভিডিঅ’টোত মোদীয়ে মঞ্চত থিয় হৈ থকা দেখা গৈছে আৰু তাত […]

Continue Reading

বিপৰ্যয় ঘূৰ্ণীবতাহত ৰাজস্থানত টিনৰ বিলবোৰ্ড খহি পৰি মানুহ দুটুকুৰা হৈছে নেকি? সত্যটো কি? 

গুজৰাটত বিধ্বংসী ৰূপ ধাৰণ কৰাৰ পাছত ঘূৰ্ণীবতাহ ‘বিপৰ্যয়ে’ ৰাজস্থানত বিধ্বংসী ৰূপ ধাৰণ কৰিছিল। ৰাজ্যখনৰ বহু জিলাত হোৱা ধাৰাসাৰ বৰষুণৰ বাবে বতৰ বিজ্ঞান বিভাগে ৰেড এলাৰ্ট আৰু ওৰেঞ্জ এলাৰ্ট জাৰি কৰিছিল। এনে পৰিপ্ৰেক্ষিতত ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ শ্বেয়াৰ কৰা হৈছে, য’ত ধুমুহাৰ মাজত চলন্ত বাহনৰ ওপৰত এখন টিনৰ শ্বেড উৰি আহি খুন্দা মৰা দেখা গৈছে। এই […]

Continue Reading

ঘূৰ্ণীবতাহ ‘বিপৰ্যয়’ৰ প্ৰভাৱত ওড়িশাৰ পুৰীৰ সাগৰ তীৰত এইদৰে মাছৰ উজান উঠিছে নেকি? সত্যটো কি?

শেহতীয়াভাৱে ইণ্টাৰনেটত ভাইৰেল হৈ আছে এটা  বিশেষ ভিডিঅ’। ভিডিঅ’টোত দেখা গৈছে এখন সাগৰৰ পাৰত অসংখ্য মাছৰ উজান উঠিছে। কেইগৰাকীমান লোকে সেই মাছৰ গোটটোৰ পৰা মাছ সংগ্ৰহ কৰিবলৈ চেষ্টা কৰা দেখা গৈছে। যদিও ঘূৰ্ণীবতাহ ‘বিপৰ্যয়’ বৰ্তমান দুৰ্বল হৈ পৰিছে; তথাপিও বহুটো ভুৱা ভিডিঅ’ আৰু ফটো ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰি থকা হৈছে। এতিয়া ঘূৰ্ণীবতাহ ‘বিপৰ্যয়’ৰ পাছত ওড়িশা […]

Continue Reading

হাজাৰ হাজাৰ মানুহে একেলগে ভিৰ কৰা এই ওলমা দলংখন সঁচাকৈয়ে ভাৰতৰ নে? সত্যটো কি?

শেহতীয়াভাৱে ইণ্টাৰনেটত, বিশেষকৈ টুইটাৰত ভাইৰেল হৈ আছে এটা  বিশেষ ভিডিঅ’। ভিডিঅ’টোত আপুনি এখন ওলমা দলঙৰ ওপৰত বহু লোকে ভিৰ কৰা দেখা পাব। ভিডিঅ’টোত এই দৃশ্যটো ভাৰতৰ বুলি দাবী কৰা হৈছে। এনে ওলমা দলঙত ইমানবোৰ মানুহৰ উপস্থিতিৰ বাবে ইণ্টাৰনেট ব্যৱহাৰকাৰীয়ে ভাৰত চৰকাৰক দোষাৰোপ কৰিছে। ভাইৰেল হোৱা টুইটটোত ব্যৱহাৰকাৰীয়ে কেপছনত লিখিছে, “আমাৰ দেশৰ এই অৱস্থা, যদি দলংখন […]

Continue Reading

আটলাণ্টিক মহাসাগৰৰ পুৰণি ভিডিঅ’কে শেহতীয়া ‘বিপৰ্যয়’ ঘূৰ্ণীবতাহৰ বুলি ভাইৰেল কৰা হৈছে। সত্যটো জানক।

শেহতীয়াভাৱে ভাৰতীয় বতৰ বিজ্ঞান বিভাগে দিয়া তথ্য অনুসৰি যোৱা ১৫ জুনতে ঘূৰ্ণীবতাহ ‘বিপৰ্যয়ে’ গুজৰাটৰ সৌৰাষ্ট্ৰ আৰু কুচ অঞ্চল আৰু পাকিস্তানৰ কাষৰীয়া ইয়াৰ উপকূলৱৰ্তী অঞ্চলৰ স্থলভাগত প্ৰৱেশ কৰাৰ সম্ভাৱনা আছিল। ঘূৰ্ণীবতাহৰ ফলত ভাৰতৰ অন্যান্য অঞ্চলত যথেষ্ট বৰষুণ হৈছে। এই পৰিস্থিতিৰ মাজতে আমি সাগৰৰ মাজত এখন জাহাজ আৱদ্ধ হৈ দোল খাই থকা এটা ভিডিঅ’ চ’ছিয়েল মিডিয়াত ভাইৰেল […]

Continue Reading