জোনমনি ৰাভাৰ দুৰ্ঘটনাৰ প্ৰত্যক্ষদৰ্শী প্ৰনৱ দাসক অপহৰণ কৰি হত্যা কৰা হৈছে নেকি ?
শেহতীয়াভাৱে অসমৰ নগাঁও জিলাৰ মৰিকলং থানাৰ ভাৰপ্ৰাপ্ত বিষয়া জোনমনি ৰাভাৰ দুৰ্ঘটনাজনিত কাৰণত মৃত্যু হোৱা ঘটনাটোক লৈ নতুন নতুন তথ্য পোহৰলৈ আহিছে। প্ৰথম দৃষ্টিত এয়া এক দুৰ্ঘটনা বুলিয়ে জানিব পৰা গৈছিল যদিও পৰৱৰ্তী সময়ত এই ঘটনাটোক লৈ বিভিন্ন দিশ উন্মোচিত হৈছে। লখিমপুৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষক লুনা নেওগক গৃহৰক্ষী বাহিনীলৈ বদলি কৰাৰ পৰা আৰম্ভ কৰি নাওবৈচাৰ ভাৰপ্ৰাপ্ত বিষয়া সঞ্জীৱ বৰাৰ বিৰুদ্ধে অভিযোগ উঠাৰে পৰা নগাঁও জিলাৰ আৰক্ষী অধীক্ষক লীনা দলেৰ বিৰুদ্ধে জোনমনি ৰাভাৰ মাতৃৰ অভিযোগ তথা জিলাখনৰ শতাধিক আৰক্ষীৰ কৰ্মচাৰীক ৰদ বদল কৰাক লৈ বিভিন্ন ঘটনা পৰিঘটনা সংঘটিত হৈছে। সমগ্ৰ বিষয়টো ৰহস্যৰ আৱৰ্তত সোমাই পৰিছে। সেই সময়তে জোনমনি ৰাভাৰ দুৰ্ঘটনা প্ৰত্যক্ষ কৰা বুলি সংবাদ মাধ্যমৰ সমুখলৈ আহিছিল প্ৰনৱ দাস নামৰ এজন গাড়ীচালক। ১৭ মে’ ২০২৩ বুধবাৰে বিভিন্ন সংবাদ মাধ্যমৰ আগত তেওঁ ভাষ্য প্ৰদান কৰিছিল যে তেওঁ সেই দুৰ্ঘটনাটো ২০ মিটাৰ আঁতৰৰ পৰা দেখিছিল। তেওঁৰ ভাষ্যমতে জোনমনিৰ ৰখাই থোৱা বাহনখনত হে কন্টেইনাৰখনে খুন্দা মাৰিছিল। প্ৰনৱ দাসৰ ভাষ্যৰ পাছতে ঘটনাৰ তদন্তৰ ক্ষেত্ৰতো নতুন দিশ উন্মোচিত হৈছিল। ইতিমধ্যে চিআইডিক এই ঘটনাৰ তদন্তৰ ভাৰ দিয়া হৈছে বুলি টুইটযোগে ঘোষণা কৰিছিল আৰক্ষী সঞ্চালক প্ৰধান,অসম জি.পি.সিঙে। তদুপৰি বৃহস্পতিবাৰে জোনমনিক হত্যা কৰা হৈছে বুলি এটা অডিঅ’ কল ৰেকৰ্ডো ভাইৰলে হৈ পৰিছে। মুঠৰ ওপৰত এই ঘটনাটোৰ সঠিক সিদ্ধান্ত এতিয়াও ওলোৱা নাই। জোনমনি ৰাভাৰ মৃত্যুৰ কাৰণ হত্যা, নে আত্মহত্যা নে দুৰ্ঘটনা সেয়া এই প্ৰতিবেদন লিখাৰ পৰলৈকে স্পষ্ট হোৱা নাই। তদন্তৰ চুড়ান্ত প্ৰতিবেদন এতিয়াও আৰক্ষী তথা চিআইডিৰ তৰফৰ পৰা স্পষ্ট কৰা হোৱা নাই।
কিন্তু এনেকুৱা সময়তে ১৮ মে’ ২০২৩ বৃহস্পতিবাৰে News 8 নামৰ এটা ইউটিউৱ চেনেলৰ এক প্ৰতিবেদনৰ এখন থাম্বনেইল অসমৰ চ’ছিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। চেনেলটোৱে এক প্ৰতিবেদন প্ৰস্তুত কৰি তাৰ কেপছনত উল্লেখ কৰিছে যে “জোনমণি ৰাভাৰ হত্যা সাক্ষী দিয়া যুৱকক মাজনিশা ভয়ংকৰ হত্যা”
অসমৰ এগৰাকী জ্যেষ্ঠ সাংবাদিক মানসজ্যোতি বৰুৱায়ো সেই থাম্বনেইলখন আপলোড কৰি সেইখনে সমগ্ৰ তদন্ত প্ৰক্ৰিয়াটো বিভ্ৰান্ত কৰিব বুলি উল্লেখ কৰি এক ফেচবুক পোষ্ট কৰা আমাৰ দৃষ্টিগোচৰ হয়।
হোৱাটছএপৰ জৰিয়তে আমাৰ হাতলৈয়ো আহি পৰা সেই থাম্বনেইলখনৰ সত্যতা জানিবলৈ আমি ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহন কৰিলোঁ।
সত্যতা নিৰূপণ পদ্ধতি
অনুসন্ধানৰ আৰম্ভনীতে আমি ভাইৰেল হোৱা এই থাম্বনেইলখনৰ মূল ইউটিউৱ লিংকটো বিচাৰি উলিয়াবলৈ ইউটিউৱত প্ৰাসংগিক কী-ৱৰ্ড ছাৰ্চ কৰি চালোঁ। আমি লাভ কৰা কেইবাটাও লিংকৰ মাজত আমি সেই নিৰ্দিষ্ট চেনেলটোও লাভ কৰিলোঁ। ১৮ মে’ ২০২৩ বৃহস্পতিবাৰে দিনৰ প্ৰায় ১মান বজাত আপলোড কৰা যিটো ভিডিঅ’ প্ৰতিবেদনত সেই থাম্বনেইলটো লগাই সেইধৰণে কেপছনটো দিছিল, সেই প্ৰতিবেদন শুনাৰ অন্তত আমি জানিব পাৰিলোঁ যে প্ৰনৱ দাস নামৰ সেই প্ৰত্যক্ষদৰ্শীজন হঠাত নিখোজ হৈ পৰিছে। প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে বুধবাৰে মাজনিশা জেঠায়েকৰ ঘৰৰ পৰা শুই থকা অৱস্থাতে কোনোবাই অপহৰণ কৰিছে প্ৰনৱ দাসক। প্ৰতিবেদনত আনকি ইয়াকো কোৱা হৈছে যে কোনোবাই হয়তো হত্যা কৰিব পাৰে প্ৰনৱ দাসক। ইয়াৰ আঁৰত কোনো ডাঙৰ মানুহৰ হাত থাকিব পাৰে । এয়া গুপ্তহত্যা হ’ব পাৰে ইত্যাদি একাধিক সম্ভাৱনাৰ কথা উল্লেখ কৰিছে প্ৰতিবেদনখনত।
ভিডিঅ’ প্ৰতিবেদনটোত উল্লেখ কৰা কথাটো সত্য হয়নে নহয়, সেই সম্পৰ্ক জানিবলৈ আমি আৰক্ষীৰ সৈতে যোগাযোগ কৰিছিলোঁ। আৰক্ষীয়ে এই বিষয়ে কোনোধৰণৰ নিশ্চিতি প্ৰদান নকৰাত আমি বুধবাৰে প্ৰনৱ দাসৰ সাক্ষাতকাৰ গ্ৰহন কৰা সাংবাদিকসকলৰ ভিতৰৰ এজন ৰঞ্জিত ৰজকৰ সৈতে যোগাযোগ কৰিলোঁ ফোনযোগে। অসমৰ আগশাৰীৰ চেটেলাইট চেনেল নিউজ লাইভৰ জ্যেষ্ঠ সাংবাদিক ৰঞ্জিত ৰজকে আমাক জানিবলৈ দিয়ে যে নিউজ লাইভ(NEWS LIVE)ত সেই মুহূৰ্ততো পোনপতীয়া সম্প্ৰচাৰত মুখ্য পৰিচালন সম্পাদক চৈয়দ জাৰিৰ হুছেইনৰ সৈতে সাক্ষাতকাৰ প্ৰদান কৰি আছে প্ৰনৱ দাসে। আমি লগে লাগে নিউজ লাইভৰ সেই সময়ৰ বাতৰি চালোঁ। বিয়লি তিনি বজাৰ বুলেটিনখন চোৱাত দেখিলোঁ যে চেনেলটোৰ মুখ্য পৰিচালন সম্পাদক চৈয়দ জাৰিৰ হুছেইনৰ সৈতে পোনপতীয়া সম্পৰচাৰত মন্তব্য প্ৰদান কৰি আছে জোনমনি ৰাভা কাণ্ডৰ একমাত্ৰ প্ৰত্যক্ষদৰ্শী বুলি এই মুহূৰ্তলৈকে দাবী কৰা প্ৰনৱ দাসে। নিউজ লাইভৰ বাতৰিৰ পোনপতীয়া সম্প্ৰচাৰৰ ৫ মিনিট ০৫ চেকেণ্ডৰ পৰা প্ৰায় এঘন্টাজোৰা প্ৰনৱ দাসৰ সেই কথাবতৰা আমি চাবলৈ সক্ষম হ’লোঁ। লগে লগে আমি নিশ্চিত হ’লোঁ যে প্ৰনৱ দাসৰ অপহৰণ অথবা হত্যা আদি কোনো ধৰণৰ অঘটন ঘটা নাই। প্ৰনৱ এতিয়া সুস্থ আৰু জীৱিত।
ফলাফল
ফেক্ট ক্ৰেচেণ্ডো অসমীয়াৰ অনুসন্ধানত ভাইৰেল হোৱা থাম্বনেইলটোৰ দাবীটো মিছা বুলি নিশ্চিত হয় । News 8নামৰ সেই ইউটিউৱ চেনেলটোৱে তেওঁলোকৰ ভিডিঅ’ প্ৰতিবেদনত দাবী কৰা ধৰণে জোনমনি দাসৰ দুৰ্ঘটনাৰ সময়ৰ প্ৰত্যক্ষদৰ্শী প্ৰনৱ দাসক বুধবাৰে মাজনিশা কোনেও অপহৰণো নাই কৰা অথবা তেওঁক হত্যা কৰাও হোৱা নাই। তেওঁ সম্পূৰ্ণ সুস্থ অৱস্থাতেই আছে আৰু সংবাদ মাধ্যমৰ আগত নিজৰ মন্তব্য প্ৰকাশো কৰিছে।
যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।
যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:
ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ
Title:জোনমনি ৰাভাৰ দুৰ্ঘটনাৰ প্ৰত্যক্ষদৰ্শী প্ৰনৱ দাসক অপহৰণ কৰি হত্যা কৰা হৈছে নেকি ?
Fact Check By: Pranjal SharmaResult: False