ফটোখনত শ্বাহৰুখ খানৰ সৈতে থকা ল'ৰাজন বিহাৰৰ ভাইৰেল ভিডিঅ'টোৰ কণমানীটো নহয়!
শেহতীয়াকৈ এক হৃদয় বিদাৰক ভিডিঅ' সমগ্ৰ দেশত ভাইৰেল হৈ পৰিছিল । ভিডিঅ'টোত এটা কণমানীয়ে নিজৰ মৃত মাকক জগাবলৈ চেষ্টা কৰি থকা দেখা গৈছিল । ঘটনাটো বিহাৰৰ মুজাফাৰপুৰ ৰেলৱে ষ্টেচনৰ আছিল । উক্ত ঘটনাটোৱে দেশত ক'ৰনা ভাইৰাছৰ সংক্ৰমণ ৰোধিবলৈ প্ৰৱৰ্তন কৰা লক ডাউনৰ ফলত হৈ ঘৰলৈ উভতি অহা শ্ৰমিক শ্ৰেণীৰ মানুহবোৰৰ দূৰদৰ্শা উদঙাই তুলিছিল ।
এই ভিডিঅ'টো ভাইৰেল হোৱা কিছু দিনৰ পাছত বলিউডৰ কিং বুলি প্ৰখ্যাত, অভিনেতা শ্বাহৰুখ খান আৰু তেওঁৰ এক ফাউণ্ডেশ্যন উক্ত দুৰ্ভগীয়া পৰিয়ালটোৰ কাষ চাপিছিল আৰু আৰ্থিক সহায় আগবঢ়াইছিল ।
এনে সময়তে এক বিশেষ ফটো ফেচবুকত ভাইৰেল হৈ পৰিছে য'ত দাবী কৰা হৈছে যে ফটোখনত শ্বাহৰুখ খানৰ সৈতে থকা ল'ৰাজন সেই ভাইৰেল ভিডিঅ'টোত মৃত মাকক জগাবলৈ চেষ্টা কৰি থকা কণমানীটো হয় যাক এতিয়া শ্বাহৰুখ খানে সহায় কৰিছে ।
নিউজ অসম ২৪ নামৰ এক ফেচবুক পে'জৰ পৰা উক্ত ফটো সম্বলিত এনে এক পোষ্ট ৩ জুন, ২০২০ তাৰিখে আপলোড কৰা হৈছে য'ত, 'মহানুভৱতা দেখুৱালে বলিউদৰ কিং খানে৷ বিহাৰৰ এখন ৰেলৱে ষ্টেচনৰ যিটো Video ভাইৰেল হৈছিল, যত সৰু লৰা টোৱে নিজৰ মাকৰ মৃত্যুৰ পিছতো জগাবলৈ চেষ্টা কৰি আছিল। এই লৰাটোৰ কাষলৈ আহিল বলিউদৰ কিং খান তেওঁ এই লৰাটোৰ সম্পূৰ্ণ পঢ়াৰ দায়িত্বৰ লগতে কিছু আৰ্থিক সাহায্য আগবঢ়াই' বুলি লিখা হৈছে । উক্ত পোষ্টটো বৰ্তমানলৈকে ১৪৪ বাৰ শ্বেয়াৰ কৰা হৈছে ।
এই ধৰণৰ আন এক পোষ্ট অসম এক্সপ্ৰেছ নামৰ এক ফেচবুক পে'জৰ পৰাও আপলোড কৰা হৈছে আৰু ৪২ বাৰ শ্বেয়াৰ হৈছে ।
আমি ভিডিঅ'টোত দেখা কণমানীটো আৰু ফটোখনত দেখা পোৱা সৰু ল'ৰাটোৰ মাজত কিছু পাৰ্থক্য দেখাত, সন্দেহবশত এই বিষয়ে অনুসন্ধান কৰিবলৈ সিদ্ধান্ত কৰিলোঁ ।
প্ৰণালী
প্ৰথমে আমি উক্ত ভাইৰেল ফটোখন গুগলত ৰিভাৰ্ছ ইমেজ চাৰ্ছ কৰিলোঁ আৰু দেখিলোঁ যে উক্ত ফটোখন ২০১৭ চনত শ্বাহৰুখ খানৰ এক ফেন টুইটাৰ হেণ্ডেলৰ পৰা আন ফটো সম্বলিতে টুইট কৰা হৈছিল । টুইটাৰ পোষ্টটোত লিখা আছিল যে অভিনেতাজনে নানাবতী হস্পিটেলত বিভিন্নজনৰ সৈতে কথা বাৰ্তা হওঁতে এই ফটোবোৰ তোলা হৈছিল ।
ৰিভাৰ্ছ ইমেজ চাৰ্ছৰ ফলত আমি আন এক ৱেব লিংক পালোঁ য'ত অভিনেতাজনে নানাবতী হস্পিটেললৈ যোৱাৰ সম্পৰ্কে এক লিখনি, উক্ত ভাইৰেল ফটো আৰু আন ফটো সম্বলিত, বিস্তাৰিত ভাৱে প্ৰকাশ পাইছে । এই সম্পৰ্কে পঢ়ক ইয়াত ।
ইয়াৰ পাছত আমি এই সম্পৰ্কে অভিনেতাজনে তেওঁৰ অফিচিয়েল টুইটাৰ হেণ্ডেলৰ পৰা মীৰ ফাউণ্ডেশ্যনৰ এক টুইট ৰিটুইট কৰা দেখিলোঁ য'ত প্ৰকৃত কণমানীটো আৰু তেওঁৰ পৰিয়ালক দেখা গৈছে ।
ফলাফল
উক্ত ভাইৰেল ফটোখন ২০১৭ চনৰ হয় আৰু শেহতীয়াকৈ শ্বাহৰুখ খানে সহায় কৰা বিহাৰৰ মুজাফাৰপুৰ ৰেলৱে ষ্টেচনৰ ভাইৰেল ভিডিঅ'টোত দেখা পোৱা কণমানীটোৰ লগত কোনো সম্পৰ্ক নাই ।
Title:ফটোখনত শ্বাহৰুখ খানৰ সৈতে থকা ল'ৰাজন বিহাৰৰ ভাইৰেল ভিডিঅ'টোৰ কণমানীটো নহয়!
Fact Check By: Manjori BorkotokyResult: False