এনডিটিভিৰ ভুল নিউজৰ মতে অসমৰ অবিবাহিত মুখ্যমন্ত্ৰীৰ ছটাকৈ সন্তান আছে!
শেহতীয়াকৈ অসম চৰকাৰে ঘোষণা কৰিছে যে ১ জানুৱাৰী, ২০২১ তাৰিখে কাৰ্যকৰী হোৱাকৈ যিসকল ব্যক্তিৰ দুটাতকৈ অধিক সন্তান আছে, তেওঁলোকে চৰকাৰী চাকৰিৰ পৰা বঞ্চিত হব । এই নিউজটো ৰিপৰ্ট কৰিবলৈ গৈ, ৰাষ্ট্ৰীয় নিউজ চেনেল এনডিটিভিৰ (NDTV) এগৰাকী এংকৰে ক'লে যে অসমৰ মুখ্যমন্ত্ৰীৰ সৰ্বানন্দ সোণোৱালৰ নিজৰে ৬ টাকৈ সন্তান আছে ।
উপৰোক্ত ভিডিঅ'টোত, এংকৰ চ'নাল মেহৰ'তৰা কাপুৰে কৈছে, "অসম বিধানসভাত ২০১৭ চনতে দুটা সন্তান জনসংখ্যা নীতি গ্ৰহণ কৰিছিল । অসমৰ কেবিনেটে অৱশেষত এই নীতিক কাৰ্যকৰী কৰি যিসকল ব্যক্তিৰ দুটাতকৈ অধিক সন্তান আছে তেওঁলোকক চৰকাৰী চাকৰিৰ পৰা বঞ্চিত কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিলে । ইয়াৰ মানে, যদি আপোনাৰ দুটাতকৈ অধিক সন্তান আছে তেন্তে আপুনি অসমত কোনো চৰকাৰী চাকৰি নাপাব । এই নীতিটো জানুৱাৰী ১, ২০১৯ তাৰিখৰ পৰা কাৰ্যকৰী হব । এইখিনিতে আমোদজনক কথাটো হৈছে যে অসমৰ মুখ্যমন্ত্ৰীৰ নিজৰে ৬ টাকৈ সন্তান আছে আৰু তেওঁ এই দুটা-সন্তান নীতিটো কাৰ্যকৰী কৰিব বিচাৰিছে ।" ভিডিঅ'টোৰ যিখিনিত এংকৰে অসমৰ মুখ্যমন্ত্ৰীৰ কথা কয়, সেয়া ০০:৪৭ পৰা আৰম্ভ হয় ।
প্ৰণালী
এনডিটিভিৰ (NDTV) ৰিপৰ্টটো সত্যৰ ভিত্তিত প্ৰতিষ্ঠিত নহয় । অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল যে বিবাহিত নহয়, সেয়া অসমত সৰ্বজনবিদিত । তাৰ উপৰিও সকলো চৰকাৰী নথি বা মঞ্চতে এইয়া স্পষ্টকৈ উল্লেখ কৰা আছে যে তেখেত বিবাহিত পুৰুষ নহয় ।
অসমৰ বিভিন্ন সংবাদ সেৱা আগবঢ়োৱা নিউজ চেনেল আৰু ৱেব পৰ্টেলেও এই বিষয়ে নিউজ কৰিছে যে এনডিটিভিৰ (NDTV) ৰিপৰ্টটো সত্য নহয় ।
আৰু চ'নাল মেহৰ'তৰা কাপুৰে পাছত তেওঁ কৰা ভুলটো উপলব্ধি কৰি নিজৰ টুইটাৰ হেণ্ডেলত ক্ষমা খুজিলে ।
টুইটাৰত পোষ্টটো | সংৰক্ষিত পোষ্টটো
"নিউজ পঢ়ি থাকোঁতে মই কৰা ভুলটোৰ বাবে মই ক্ষমা খুজিছোঁ । অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আচলতে নিজৰ মাক দেউতাকৰ ৮ নম্বৰ সন্তান । মোৰ ভুলটো আঙুলিয়াই দিয়া বাবে সকলোকে ধন্যবাদ দিছোঁ ।"
ফলাফল
এনডিটিভিয়ে (NDTV) বাতৰি পৰিবেশন কৰোঁতে ভুলকৈ কৈছিল যে সৰ্বানন্দ সোণোৱালৰ ৬ টাকৈ সন্তান আছে আৰু সেইবাবে তেওঁলোকে পাছত এই ভিডিঅ'টো আঁতৰাই পেলালে আৰু এংকৰ গৰাকীয়ে ইয়াৰ বাবে ক্ষমা খুজিলে। অসমৰ মুখ্যমন্ত্ৰী আচলতে অবিবাহিত ।
Title:এনডিটিভিৰ ভুল নিউজৰ মতে অসমৰ অবিবাহিত মুখ্যমন্ত্ৰীৰ ছটাকৈ সন্তান আছে!
Fact Check By: Manjori BorkotokyResult: False