
সম্প্ৰতি ছচিয়েল মিডিয়া যেনে ফেচবুক বা হোৱাটচ এপ্পত এটা বিশেষ ভিডিঅ’ ভাইৰেল হৈ পৰিছে । গুৱাহাটী মহানগৰীৰ দেৱালী ৰাতিৰ নান্দনিক দৃশ্য বুলি ভাইৰেল হৈ পৰা এই ভিডিঅ’টোয়ে ছচিয়েল মিডিয়াৰ জৰিয়তে সমগ্ৰ অসমতে খলকনি লগাইছে ।
উক্ত ভিডিঅ’টোত এখন বিশাল চহৰ দেখা গৈছে আৰু বিভিন্ন ৰঙা-নীলা লাইটৰ পোহৰৰ লগতে ৰাতিৰ আকাশত নানা ধৰণৰ আতচবাজিৰ বাহাৰ দেখিবলৈ পোৱা গৈছে । ভিডিঅ’টো চালে ধৰিব পাৰি যে ৰেকৰ্ডিং কোনো ওখ ঠাইৰ পৰা কৰা হৈছে যাতে সমগ্ৰ চহৰখন ভালদৰে দেখা যায় । ফেচবুকত ইয়াৰ বাখ্যা কোনো কোনোৱে এইবুলি আগবঢ়াইছে যে ভিডিঅ’টো গুৱাহাটী মেডিকেল কলেজৰ ওচৰত অৱস্থিত টিভি টাৱাৰটোৰ পৰা কৰা হৈছে যিহেতু ঠাই টুকুৰা এটা টিলাৰ ওপৰত অৱস্থিত ।
আমি দেখিবলৈ পালোঁ যে ফেচবুকত উক্ত ভিডিঅ’টো বহুতো প্ৰফাইল আৰু পে’জৰ পৰা আপলোড কৰা হৈছে য’ত এইয়া গুৱাহাটী মহানগৰীৰ দীপান্বিতা ৰাতিৰ নান্দনিক দৃশ্য বুলি কোৱা হৈছে । ঠিক সেইদৰেই হোৱাটচ এপ্পৰ জৰিয়তে এই ভিডিঅ’টো অসমত মোবাইলে মোবাইলে ভাইৰেল হৈ পৰিছে ।

কিন্তু এই ভিডিঅ’টো সঁচাকৈ গুৱাহাটীৰ হয়নে ? আমি এই বিষয়ে জানো আহক ।
প্ৰণালী
আমি বিশেষ ছফ্টৱেৰৰ সহায়ত ভিডিঅ’টো কীফ্ৰেমছত বিভক্ত কৰিলোঁ আৰু গুগলত ৰিভাৰছ ইমেজ ছাৰ্চ কৰিলোঁ ফলত আমি দেখিলোঁ যে এই ভিডিঅ’টোৰ সমন্ধে ইণ্ডিয়া টুডে নামৰ ৰাষ্ট্ৰীয় সংবাদ গোষ্ঠীটোৱে ৩১ অক্টোবৰ, ২০১৬ চনতে বাতৰি পৰিবেশন কৰিছিল আৰু উক্ত ভিডিঅ’টো বাতৰিটোৰ সৈতে নিজৰ ৱেবছাইটত আপলোডও কৰিছিল । এই বাতৰিটোত স্পষ্টকৈ লিখিছে যে ভিডিঅ’টো জয়পুৰৰ নাহৰগড় দুৰ্গৰ পৰা ৰেকৰ্ড কৰা হৈছে আৰু ভিডিঅ’টোত দেখা চহৰখন জয়পুৰ হয় ।


‘বিউটিফুল জয়পুৰ‘ নামৰ ফেচবুক পে’জ এটাই ভিডিঅ’টো প্ৰথম আপলোড কৰিছিল বুলি বাতৰিটোত উল্লেখ আছে ।

কীৱৰ্ডছ ব্যৱহাৰ কৰি আমি এই বিষয়ে আৰু অনুসন্ধান কৰিলোঁ আৰু দেখিলোঁ যে নাহৰগড় দুৰ্গৰ পৰা দেখা পোৱা দেৱালী ৰাতিৰ নান্দনিক দৃশ্য ভাৰত প্ৰখ্যাত হয় আৰু উক্ত ভিডিঅ’টো ‘জয়পুৰ, নাহৰগড়ৰ দেৱালী ৰাতি’ বুলি শিৰোনামা দি বিভিন্ন ফেচবুক পে’জ আৰু ইউটিউব প্ৰফাইলৰ পৰা বহু আগতেই শ্বেয়াৰ হৈছে ।

ফলাফল
উক্ত ভাইৰেল ভিডিঅ’টো গুৱাহাটীৰ নহয় বৰঞ্চ এই ভিডিঅ’টো কেইবাবছৰো পুৰণি আৰু জয়পুৰৰ হয় । ইণ্ডিয়া টুডেৰ ২০১৬ চনতে প্ৰকাশ কৰা বাতৰিটোৱে এই বিষয়ে নিশ্চয়তা প্ৰদান কৰিলে ।

Title:এইটো সঁচাকৈ গুৱাহাটী মহানগৰীৰ দেৱালী ৰাতিৰ ভিডিঅ’ নেকি?
Fact Check By: Manjori BorkotokyResult: False