এইছ ডি এফ চি বেংক সঁচাকৈ দেউলীয়া হৈছে নেকি?
সম্প্ৰতি ছচিয়েল মিডিয়া যেনে ফেচবুক বা হোৱাটচ এপ্পত এখন বিশেষ ফটো ভাইৰেল হৈ পৰিছে । এইছ ডি এফ চি বেংকৰ এখন পাছবুকৰ প্ৰথম পৃষ্ঠাৰ এই ফটোখনে সমগ্ৰ ভাৰতবৰ্ষৰ লগতে অসমতো তোলপাৰ লগাইছে । উক্ত পাছবুকখনত এটা ষ্টাম্প দেখা গৈছে য'ত লিখা আছে যে বেংকত থকা জমা ধন ডি আই চি জি চি (DICGC) সৈতে বীমা কৰা আছে আৰু বেংক দেউলীয়া হলে ধন জমা কৰোঁতাক এক লাখ পৰ্যন্ত টকা দুমাহৰ ভিতৰত ঘূৰাই দিয়া হব ।
অসমত মহীন খান নামৰ এটা ফেচবুক প্ৰফাইলৰ পৰা এই ফটোখন ১৬ অক্টোবৰ, ২০১৯ তাৰিখে ৰাতি ১০:৪০ বজাত আপলোড হৈছে । ১৬১ বাৰ শ্বেয়াৰ হোৱা আৰু ১৫২ কমেণ্টছ থকা তেওঁৰ পোষ্টটোত তেওঁ বিত্তীয় পৰিস্থিতি বেয়া হোৱা বাবে এনে নীতি নিয়মৰ ষ্টাম্প বেংকে মাৰিব লগীয়া হৈছে বুলি উল্লেখ কৰিছে আৰু এইছ ডি এফ চি বেংক দেউলীয়া হোৱাৰ পথত নেকি বুলি প্ৰশ্ন কৰিছে ।
উক্ত পোষ্টটোত তেওঁ লিখিছে:
"#HDFC_বেংকোদেৱলীয়াহোৱাৰপথতনেকি????
HDFC BANKয়ে গ্ৰাহকৰ পাছবুকত ষ্টাম্প মাৰি জনাই আছে যে যদি কিবা কাৰণত বেংক দেউলীয়া হয় তেতিয়াহ'লে গ্ৰাহকে তেওঁৰ একাউন্টত যিমান লাখ টকাই Deposit নাথাকক কিয় তেওঁ মাত্ৰ কেৱল 1 লাখ টকালৈকেহে ধন উভতাই পাব বা ধাবী কৰিব পাৰিব।
ইয়াৰ অৰ্থ হ'ল বেংকৰ Savings A/cত যিমান কোটি ধনেই নাথাকক বেংক দেউলীয়া হ'লে আপুনি সেই ধনৰ ভিতৰত মাত্ৰ ১ লাখ টকাহে উভতাই পাব যিটো Guarantee বাকী খিনি ধনৰ কি হ'ব কোনেও নাজানে।
ফুচুলাই টুকুলাই সাধাৰণ ৰাইজৰ সকলো ধন বেংকৰ একাউন্টত সোমোৱাই লৈ এতিয়া এইবোৰ নাটক ! বিত্তীয় পৰিস্থিতি কিমান বেয়া হ'লে বাৰু এনে নীতি নিয়মৰ stamp বেংকে মাৰিব লগীয়া হয় সেইটো অৰ্থনীতিবিদ সকলে হে ক'ব পাৰিব ।"
ইয়াৰ পাছতেই আন বহুতো লোকেও এই ফটোখনৰ সৈতে এনে ধৰণৰ পোষ্ট শ্বেয়াৰ কৰা দেখা গৈছে । ভাৰত কেউত নামৰ এজনে নিজৰ ফেচবুক প্ৰফাইলৰ পৰা ফেচবুক বাৰ্তা (অসম) নামৰ এটা পাব্লিক গ্রুপত ১৭ অক্টোবৰ, ২০১৯ তাৰিখে দিনৰ ১১:১৯ বজাত শ্বেয়াৰ কৰিছে যে এইছ ডি এফ চি বেংক দেউলীয়া হৈছে আৰু গ্ৰাহকৰ জমা ধনৰ এক লাখ টকাহে ঘূৰাই পাব ।
এতিয়া কথাটো হ'ল যে এইছ ডি এফ চি বেংক সঁচাকৈ দেউলীয়া হৈছে নেকি? এই বিষয়ে জানো আহক ।
প্ৰণালী
আমি এই বিষয়টোৰ লগত জড়িত কিছুমান কীৱৰ্ডছ ব্যৱহাৰ কৰি গুগলত চাৰ্চ কৰিলোঁ আৰু দেখিলোঁ যে এই বিষয়ে এইছ ডি এফ চি বেংকে ইতিমধ্যেই স্পষ্টীকৰণ প্ৰকাশ কৰিছে । বিভিন্ন সংবাদ মাধ্যম যেনে ইণ্ডিয়ান এক্সপ্ৰেছ আৰু লাইভ মিণ্ট, আদিত এই বিষয়ে সবিস্তাৰে প্ৰকাশ পাইছে যে উক্ত ষ্টাম্পটো আৰ বি আইৰ এখন পুৰণা ২২ জুন, ২০১৯ তাৰিখৰ চাৰ্কুলাৰ ওপৰত ভিত্তি কৰি মৰা হৈছে আৰু বেংকৰ বিত্তীয় অৱস্থাৰ লগত ইয়াৰ কোনো সম্পৰ্ক নাই ।
আমি এই বিষয়ে আৰু অনুসন্ধান কৰিলোঁ আৰু পালোঁ যে এইছ ডি এফ চি বেংকৰ অফিচিয়েল টুইটাৰ হেণ্ডেল আৰু কৰ্পৰেট কমিউনিকেছন হেড, নিৰজ ঝাৰ টুইটাৰ হেণ্ডেলৰ পৰাও এই বিষয়ে ইতিমধ্যেই স্পষ্টীকৰণ দিয়া হৈছে যে আৰ বি আইৰ নিয়মাৱলী সম্পূৰ্ণকৈ মানি চলিবলৈ এই ষ্টাম্পটো মৰা হৈছে । ইয়াত আৰু কোৱা হৈছে যে সকলো ধৰণৰ কমাৰ্চিয়েল বেংক, স্মল ফাইন্যেন্স বেংক আৰু পেয়মেণ্টছ বেংকে ধন জমা কৰোঁতাৰ ধনৰ বীমা সুৰক্ষাৰ বিষয়ে তথ্য পাছবুকৰ প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰাটো ৰিজাৰ্ভ বেংকৰ মতে বাধ্যতামূলক । সংৰক্ষিত পোষ্ট
আন এটা টুইটাৰ পোষ্টত নিৰজ ঝায়ে উল্লেখ কৰিছে যে জুন ২০১৭ পাছৰ সকলো পাছবুকতে এই তথ্যখিনি প্ৰিন্ট কৰা আছে আৰু সেইবাবে ষ্টাম্প মাৰিবলগীয়া হোৱা নাই । কোনো গ্ৰাহকে যদি জুন ২০১৭ আগৰ পাছবুক আপডেট কৰিব যাই তেতিয়া এই ষ্টাম্পটো মৰা হয় ।
ফলাফল
উক্ত ফটোখনত থকা পাছবুকৰ ষ্টাম্পটো আৰ বি আইৰ এখন পুৰণা ২২ জুন, ২০১৯ তাৰিখৰ চাৰ্কুলাৰ ওপৰত ভিত্তি কৰি মৰা হৈছে । এইছ ডি এফ চি বেংকৰ বিত্তীয় অৱস্থাৰ লগত ইয়াৰ কোনো সম্পৰ্ক নাই । এইছ ডি এফ চি বেংক দেউলীয়া হোৱা নাই ।
কিন্তু এইটোও সঁচা যে যিসকল জমা ৰাখোঁতাৰ জমা ধন এক লাখ টকাতকৈ কম তেওঁলোক এই জমা বীমা দ্বাৰা সুৰক্ষিত যদিয়ো, এক লাখ টকাতকৈ বেছি ধন জমা ৰাখোঁতাসকলৰ ক্ষেত্ৰত কিন্ত বেংকটো দেউলীয়া হ'লে কোনো আইনগত প্ৰতিকাৰ নাই ।
বৰ্তমান ডি'পজিত ইঞ্চুৰেঞ্চ এণ্ড ক্ৰেডিট গেৰাণ্টি কৰ্পৰেচনয়ে (Deposit Insurance and Credit Guarantee Corporation-DICGC), যি সম্পূৰ্ণভাৱে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ অধীনস্থ এক প্ৰতিষ্ঠান হয়,
কমাৰ্চিয়েল বেংক, প্ৰাদেশিক গাওঁলিয়া বেংক, লোকেল এৰিয়া বেংক (LAB) আৰু সমবায় বেংক, আদিত প্ৰতিজন ধন জমা কৰোঁতাৰ বিপৰীতে এক লাখ টকা বীমা সুৰক্ষা প্ৰদান কৰে কিন্তু কেতিয়াবা যদি হঠাৎ বেংকটো দেউলীয়া হৈ পৰে তেতিয়া বাকী থকা জমা ধনৰ পৰা জমা কৰোঁতা বঞ্চিত হব ।