
শেহতীয়াকৈ মুম্বাইৰ হাজী আলী দৰগাহৰ ওচৰত এজন হিন্দু যুৱকক তিনিজন মুছলমান লোকে ছুৰীৰে আঘাত কৰা বুলি দাবী কৰি এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। দাবী কৰা হৈছে যে হিন্দু যুৱকজনৰ হাতত ‘জয় শ্ৰীৰাম’ বুলি লিখা টেটু দেখি ক্ষুব্ধ হৈ এইদৰে মুছলমান লোককেইজনে যুৱকজনক আক্ৰমণ কৰে।
Facebook Link | Archived Link
আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ।
সত্যতা নিৰূপণ পদ্ধতি
আমি প্ৰথমে গুগলত প্ৰাসংগিক কী-ৱ’ৰ্ড ছাৰ্চ কৰিলোঁ আৰু তেতিয়া মুম্বাই পুলিচৰ অফিচিয়েল এক্স হেণ্ডলত ২০২৬ চনৰ ১১ জুনৰ এটা টুইট পালোঁ।

টুইটটোৰ অসমীয়া অনুবাদ এনেধৰণৰ, “🔸মুম্বাইকাৰসকল, মন কৰিব: হাজী আলী দৰগাহৰ সমীপত এজন ব্যক্তিক ছুৰীৰে আঘাত বা হত্যা কৰা বুলি ছ’চিয়েল মিডিয়াত বিভ্ৰান্তিকৰ পোষ্ট প্ৰচাৰ কৰা হৈছে। @TardeoPS ৰ দ্বাৰা পৰীক্ষণৰ পিছত নিশ্চিত কৰা হৈছে যে প্ৰচাৰিত ভিডিঅ’টো ২০২৫ চনৰ মে’ মাহৰ আৰু ই হাই-টাইডৰ সময়ত এজন দৰ্শনাৰ্থী আৰু নিৰাপত্তাৰক্ষীৰ মাজত হোৱা কাজিয়াৰ সৈতে জড়িত। এই ঘটনাৰ সৈতে জড়িত কোনো হত্যাকাণ্ডৰ খবৰ পোৱা নাই। ইয়াৰ লগত জড়িত তিনিজন ব্যক্তিক চিনাক্ত কৰা হৈছে। নাগৰিকসকলক অনুৰোধ কৰা হৈছে যে তেওঁলোকে অপ্ৰমাণিত তথ্য ফৰৱাৰ্ড বা প্ৰচাৰ নকৰিব আৰু প্ৰামাণিক আপডেটৰ বাবে কেৱল বিশ্বাসযোগ্য চৰকাৰী বা চৰকাৰী উৎসৰ ওপৰত নিৰ্ভৰ কৰিব লাগে।”
অধিক তথ্যৰ বাবে আমি তাৰ্দেও থানাত যোগাযোগ কৰিলোঁ। তাৰ্দেও থানাৰ (Tardeo Police Station) জ্যেষ্ঠ আৰক্ষী পৰিদৰ্শক সাৱালাৰাম চালগাৱকাৰৰ সৈতে যোগাযোগ কৰাত তেওঁ কয় যে ভাইৰেল ভিডিঅ’টোৰ সৈতে শ্বেয়াৰ কৰা দাবীটো মিছা। ২০২৫ চনৰ মে’ মাহৰ ভিডিঅ’টোত হাই টাইডৰ সময়ত এজন পৰ্যটক আৰু নিৰাপত্তাৰক্ষীৰ মাজত হোৱা কাজিয়া দেখা গৈছে। এই ঘটনাত কোনো হত্যাকাণ্ড সংঘটিত হোৱা নাই। তেওঁ আৰু কয় যে এই ঘটনাৰ লগত জড়িত ব্যক্তি তিনিজনক চিনাক্ত কৰি তেওঁলোকৰ বিৰুদ্ধে উপযুক্ত আইনী ব্যৱস্থা গ্ৰহণ কৰা হৈছে।
গতিকে এই ভিডিঅ’টো পুৰণি বুলি আমি নিশ্চিত হ’লোঁ।
ফলাফল
আমাৰ অনুসন্ধানৰ পৰা আমি ক’ব পাৰোঁ যে ভাইৰেল ভিডিঅ’টোৰ সৈতে কৰা দাবীটো বিভ্ৰান্তিকৰ। ভিডিঅ’টো ২০২৫ চনৰ মে’ মাহৰেই। ভিডিঅ’টোত হাই টাইডৰ সময়ত এজন পৰ্যটক আৰু নিৰাপত্তাৰক্ষীৰ মাজত হোৱা কাজিয়াৰ দৃশ্য দেখা গৈছে বুলি মুম্বাই পুলিচে স্পষ্টীকৰণ দিছে।
যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।
যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:
ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ


