ৰে'লৱে ষ্টেচনৰ ৱেইটিং ৰুম, স্নানাগাৰ -শৌচাগাৰ ব্যৱহাৰৰ বাবদ জি এচ টি আৰোপ কৰা হোৱা নাই
শেহতীয়াকৈ এটা বিশেষ বাতৰি বিভিন্ন চ'চিয়েল মেডিয়া প্লেটফৰ্মত ভাইৰেল হোৱা দেখা গৈছে। বাতৰিত কোৱা হৈছে যে ৰে'ল ষ্টেচনৰ ৱেইটিং ৰুম ব্যৱহাৰৰ বাবদ প্ৰতি ঘণ্টাত ৩০ টকাকৈ দিব লাগিব। তদুপৰি শৌচাগাৰ ব্যৱহাৰ কৰিলে দিব লাগিব ১২% জি এচ টি।
এই বাতৰিটো আমাৰ হোৱাটচএপ নম্বৰলৈও আহিছিল। Archived Link
আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ল'লোঁ।
প্ৰথমে আমি উত্তৰ পূব সীমান্ত ৰেলৱেৰ চি পি আৰ অ' (CPRO) সব্যসাচী দে'ৰ লগত যোগাযোগ কৰিলোঁ। তেখেতে আমাক ক'লে যে এই বাতৰিটো আচলতে ভুৱা।
তেওঁ কয় যে এই বাতৰিটো প্ৰচাৰ হৈছিল আগ্ৰা ৰে'লৱে ষ্টেচনত হোৱা এটা বিশেষ ঘটনাৰ ফলত। ঘটনাটো এনেধৰণৰ - "আগ্ৰা ৰে'লৱে ষ্টেচনত দুগৰাকী বিদেশী পৰ্যটকে এগৰাকী ভাৰতীয় গাইডৰ নেতৃত্বত এক্জেকিউটিভ লাউঞ্জত প্ৰৱেশ কৰি তাত শৌচাগাৰ ব্যৱহাৰ কৰিছিল। এই লাউঞ্জ সমূহত প্ৰতি ঘণ্টা হিচাপত শুল্ক লোৱা হয়। আগ্ৰা ৰে'লৱে ষ্টেচনৰ এক্জেকিউটিভ লাউঞ্জৰ প্ৰতি ঘণ্টাত শুল্ক আছিল ১০০ টকা। তেওঁলোকৰ প্ৰয়োজন আছিল সেই শৌচালয় ব্যৱহাৰ কৰাৰ, কিন্তু তাৰ বাবে তেওঁলোকে এক্জেকিউটিভ লাউঞ্জ বুক কৰিছিল ১০০ টকাৰে, শৌচালয় ব্যৱহাৰ কৰি কেইমিনিটমান লাউঞ্জত কটাই অহাৰ পাছত জি এচ টি সহ তেওঁলোকৰ পৰা গাইপতি ১১২ টকাকৈ বিচৰা হৈছিল। এই কথাটোৱে পাছত প্ৰচাৰ হ'ল এইবুলি যে ৰে'লৱে ষ্টেচনৰ ৱেইটিং ৰুম, স্নানাগাৰ -শৌচাগাৰ ব্যৱহাৰৰ বাবদ জি এচ টি আৰোপ কৰা হৈছে, যিটো আচলতে সম্পূৰ্ণৰূপে এক ভুৱা প্ৰচাৰ।" সব্যসাচী দে'ই লগতে কয় যে এক্জেকিউটিভ লাউঞ্জত লোৱা এই শুল্ক ব্যৱস্থা নতুন নহয়, এয়া পূৰ্বৰে পৰা চলি আহিছে। প্ৰত্যেক ষ্টেচনৰ এই শুল্ক অৱশ্যে ভিন ভিন হয়।
এই সম্পৰ্কে উত্তৰ পূব সীমান্ত ৰেলৱেই টুইটাৰত এটা পোষ্ট টুইট কৰা দেখা গ'ল। তাত উল্লেখ কৰা হৈছিল যে বাতৰিটো ভুৱা।
ফলাফল
আমাৰ অনুসন্ধানৰ পৰা আমি ক'ব পাৰোঁ যে বাতৰিত ভাইৰেল হোৱাৰ নিচিনাকৈ ৰে'লৱে ষ্টেচনৰ ৱেইটিং ৰুম, স্নানাগাৰ -শৌচাগাৰ আদি ব্যৱহাৰ কৰাৰ বাবদ কোনো ধৰণৰ জি এচ টি আৰোপ কৰা হোৱা নাই।
যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ প্ৰাপ্ত কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।
যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:
ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ
Title:ৰে'লৱে ষ্টেচনৰ ৱেইটিং ৰুম, স্নানাগাৰ -শৌচাগাৰ ব্যৱহাৰৰ বাবদ জি এচ টি আৰোপ কৰা হোৱা নাই
Fact Check By: Debanjana BaishyaResult: False