অলপতে ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তামিল নাডুৰ মামল্লাপূৰম উপকূলত কৰা প্লগিংৰ ফটো আৰু ভিডিঅ' সমগ্ৰ ছচিয়েল মিডিয়াতে ভাইৰেল হৈ পৰিছিল । ইয়াৰ পাছতেই অফিচিয়েল ফটো আৰু ভিডিঅ'ৰ লগতে এই প্লগিংৰ নেপথ্যৰ ফটো বুলি কিছুমান আনঅফিচিয়েল ফটোও ভাইৰেল হৈ পৰিছিল । এই বিতৰ্কিত ফটো বোৰক লৈ সমগ্ৰ দেশতে যথেষ্ট চাঞ্চল্যৰ সৃষ্টি হয় ।

অসমতো এনে এখন বিতৰ্কিতি ফটো আজমল হক নামৰ এজন ফেচবুক ইউজাৰে ১৩ অক্টোবৰ, ২০১৯ তাৰিখে দিনৰ ১:৫৪ বজাত আন ফটোৰ সৈতে আপলোড কৰিছে আৰু তেওঁ লগতে লিখিছে যে প্ৰধান মন্ত্ৰী মোদীয়ে প্লগিংৰ নামত আচলতে এটা পৰিকল্পিত ফটো ছেছনত অংশ লৈছিল ।

ফেচবুক পোষ্ট | সংৰক্ষিত পোষ্ট

ইয়াৰ প্ৰমাণ হিচাপে তেওঁ প্ৰধান মন্ত্ৰী মোদীয়ে জাৱৰ বুটলি থকা এখন ফটোৰ সৈতে এই ফটোখন আপলোড কৰিছে য'ত এটা বৃহৎ কেমেৰা টিমক দেখা গৈছে আৰু তেওঁৰ এই পোষ্টটো অসমত হোৱাটচ এপ্পতও ভাইৰেল হৈ পৰা দেখা গৈছে । এই ফটোখন সঁচাকৈ সেইদিনাৰে আছিল নে? মোদীয়ে সঁচাকৈ এই বৃহৎ কেমেৰা টিমটো লৈ সাগৰৰ পাৰত জাৱৰ বুটলিছিল নেকি? এই বিষয়ে জানোঁ আহক ।

প্ৰণালী

ওপৰোক্ত বিতৰ্কিত ফটোখনত থকা কেমেৰা টিমৰ মানুহবোৰৰ মাজত বহুতো বগা চুলিৰ বিদেশী মানুহ থকা যেন লাগিল । ইয়াতেই আমাৰ সন্দেহ উপজিল আৰু আমি এই ফটোখন গুগলত ৰিভাৰছ ইমেজ ছাৰ্চ কৰিলোঁ ফলত আমি পালোঁ যে এই ফটোখন আচলতে তায়স্কৰীণ নামৰ স্কটলেণ্ডৰ এটা সংস্থাৰ ৱেবচাইটৰ পৰা লোৱা হৈছে আৰু প্ৰধান মন্ত্ৰী মোদীৰ প্লগিংৰ লগত কোনো সম্পৰ্ক নাই । ৱেবছাইটটোত উল্লেখ আছে যে এই সংস্থাটোৱে স্কটলেণ্ড চৰকাৰৰ বিভিন্ন বিভাগৰ লগত মিডিয়া, প্ৰডাকচন আদি কামৰ লগত জড়িত । আমি ফটোখনত প্ৰাচীন ইউৰোপীয়ান গাথঁনিৰ অট্টালিকা দেখা পাইছোঁ, লগতে পাছফালে দুটা চুড়া আৰু এটা টাৱাৰ দেখা পাইছোঁ যি প্ৰমাণ কৰে যে ফটোখন আচলতে স্কটলেণ্ডৰ হয় যিহেতু তাত, ফাইফ নামৰ ঠাই খনত ঠিক এনে ধৰণৰ এখন সাগৰৰ তীৰ আছে ।

modi 1.png

ৰিভাৰছ ইমেজ ছাৰ্চৰ ফলত আমি এই একেখন ফটোকে আন এটা ৱেবছাইটত ব্যৱহাৰ কৰা দেখা পালোঁ য'ত তেওঁলোকেও ফটোখনৰ ক্ৰেডিট জুলি ক্ৰেইক, তায়স্কৰীণ স্কটলেণ্ড বুলি উল্লেখ কৰিছে ।

গতিকে, যদিয়ো এতিয়া এইটো স্পষ্ট নহয় যে প্ৰধান মন্ত্ৰী মোদীয়ে প্লগিং কৰি থাকোঁতে কোনো কেমেৰা ক্ৰিও উপস্থিত আছিল নে নাই বা সেইয়া কিমান ডাঙৰ আছিল, এটা কথা নিশ্চিত যে উপৰোক্ত ফটোখন সেইদিনাৰ নহয় বৰঞ্চ এইখন স্কটলেণ্ডৰ ফটো হয় ।

ফলাফল

উপৰোক্ত ফটোখনৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তামিল নাডুৰ মামল্লাপূৰম উপকূলত কৰা প্লগিংৰ লগত কোনো সম্পৰ্ক নাই । এই ফটোখন আচলতে সেইদিনাৰ নহয় বৰঞ্চ আগতেই স্কটলেণ্ডত তোলা এখন ফটো হয় ।

Avatar

Title:এই ফটোখন সঁচাকৈয়ে মোদীয়ে তামিল নাডুত কৰা প্লগিংৰ নেপথ্যৰ ফটো নেকি?

Fact Check By: Manjori Borkotoky

Result: False