এইটো সঁচাকৈ গুৱাহাটী মহানগৰীৰ দেৱালী ৰাতিৰ ভিডিঅ’ নেকি?

সম্প্ৰতি ছচিয়েল মিডিয়া যেনে ফেচবুক বা হোৱাটচ এপ্পত এটা বিশেষ ভিডিঅ’ ভাইৰেল হৈ পৰিছে । গুৱাহাটী মহানগৰীৰ দেৱালী ৰাতিৰ নান্দনিক দৃশ্য বুলি ভাইৰেল হৈ পৰা এই ভিডিঅ’টোয়ে ছচিয়েল মিডিয়াৰ জৰিয়তে সমগ্ৰ অসমতে খলকনি লগাইছে ।  উক্ত ভিডিঅ’টোত এখন বিশাল চহৰ দেখা গৈছে আৰু বিভিন্ন ৰঙা-নীলা লাইটৰ পোহৰৰ লগতে ৰাতিৰ আকাশত নানা ধৰণৰ আতচবাজিৰ বাহাৰ দেখিবলৈ […]

Continue Reading

এনডিটিভিৰ ভুল নিউজৰ মতে অসমৰ অবিবাহিত মুখ্যমন্ত্ৰীৰ ছটাকৈ সন্তান আছে!

শেহতীয়াকৈ অসম চৰকাৰে ঘোষণা কৰিছে যে ১ জানুৱাৰী, ২০২১ তাৰিখে কাৰ্যকৰী হোৱাকৈ যিসকল ব্যক্তিৰ দুটাতকৈ অধিক সন্তান আছে, তেওঁলোকে চৰকাৰী চাকৰিৰ পৰা বঞ্চিত হব । এই নিউজটো ৰিপৰ্ট কৰিবলৈ গৈ, ৰাষ্ট্ৰীয় নিউজ চেনেল এনডিটিভিৰ (NDTV) এগৰাকী এংকৰে ক’লে যে অসমৰ মুখ্যমন্ত্ৰীৰ সৰ্বানন্দ সোণোৱালৰ নিজৰে ৬ টাকৈ সন্তান আছে । সংৰক্ষিত ভিডিঅ’ চাওঁক ইয়াত উপৰোক্ত ভিডিঅ’টোত, […]

Continue Reading

এইটো সঁচাকৈ গুৱাহাটী মেডিকেল কলেজৰ ওচৰত ওলোৱা ভূতৰ ভিডিঅ’ নেকি?

ছচিয়েল মিডিয়াত (ফেচবুক, ইউটিউব আৰু হোৱাটচ এপ্প) এটা বিশেষ ভিডিঅ’ ভাইৰেল হৈ পৰিছে । ২৫ ছেপ্টেম্বৰ, ২০১৯ তাৰিখে ৰাতি ০০:১৯ বজাত মামন দেৱ নাথ নামৰ এটা ফেচবুক প্ৰফাইলৰ পৰা আপলো’ড হোৱা এই ভিডিঅ’টো বহুত বাৰ ফেচবুকত শ্বেয়াৰ হৈছে আৰু হোৱাটচ এপ্পৰ জৰিয়তে অসমত মোবাইলে মোবাইলে ভাইৰেল হৈ পৰিছে । “OMG Vhut” (অ’এমজি ভূত) শিৰোনামা দি […]

Continue Reading

৩৩ বছৰ সম্পূৰ্ণ কৰা চৰকাৰী চাকৰিয়ালৰ হব নেকি অৱসৰ?

শেহতীয়াকৈ সমগ্ৰ ভাৰতবৰ্ষতে এখন নথি চচিয়েল নেটৱৰ্ক যেনে হোৱাটচ এপ, ফেচবুকত, ইত্যাদিত ভাইৰেল হৈ পৰিছিল । অসমতো এই নথিখন এখন কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু প্ৰশিক্ষণ বিভাগে প্ৰকাশ কৰা অফিচিয়েল নথি বুলি প্ৰচাৰ হয় । এই নথিখনৰ মতে যিসকল চৰকাৰী চাকৰিয়ালে ৩৩ বছৰ চাকৰি কৰিছে, বা যাৰ ৬০ বছৰ বয়স হৈছে বা হব, যিটোৱেই আগতীয়াকৈ আহে, […]

Continue Reading

প্ৰাক্তন বিধায়িকাৰ ওপৰত হোৱা আক্ৰমণৰ পুৰণা ফটো ব্যৱহাৰ কৰি টুইটাৰত ভাইৰেল ভুৱা পোষ্ট

ছচিয়েল নেটৱৰ্ক ছাইট টুইটাৰত ভাইৰেল হৈ পৰিছে দুখন বিশেষ ফটো। কংগ্ৰেছ মুক্ত ভাৰত (@sagenaradmuni) নামৰ টুইটাৰ হেণ্ডেল এটাৰ পৰা আপলোড হোৱা ফটো দুখন হৈছে অসমৰ প্ৰাক্তন বিতৰ্কিত কংগ্ৰেছ বিধায়িকা ৰুমী নাথ আৰু তেওঁৰ দ্বিতীয় স্বামী জেকী জাকিৰ হুছেইনৰ। ৪ অক্টোবৰ, ২০১৯, পুৱতি নিশা ২:২৩ বজাত পোষ্ট কৰা আপডেটটোত লিখা হৈছে যে “এগৰাকী হিন্দু নাৰীয়ে নিজৰ […]

Continue Reading