
ছচিয়েল মিডিয়াত (ফেচবুক, ইউটিউব আৰু হোৱাটচ এপ্প) এটা বিশেষ ভিডিঅ’ ভাইৰেল হৈ পৰিছে । ২৫ ছেপ্টেম্বৰ, ২০১৯ তাৰিখে ৰাতি ০০:১৯ বজাত মামন দেৱ নাথ নামৰ এটা ফেচবুক প্ৰফাইলৰ পৰা আপলো’ড হোৱা এই ভিডিঅ’টো বহুত বাৰ ফেচবুকত শ্বেয়াৰ হৈছে আৰু হোৱাটচ এপ্পৰ জৰিয়তে অসমত মোবাইলে মোবাইলে ভাইৰেল হৈ পৰিছে । “OMG Vhut” (অ’এমজি ভূত) শিৰোনামা দি আপলোড কৰা ভিডিঅ’টোত “টিভি টাৱাৰ, গুৱাহাটী মেডিকেল…” বুলি লিখা এটা জলচিহ্ন দেখা গৈছে।
ফেচবুক পোষ্টটো পঢ়ক ইয়াত
সংৰক্ষিত পোষ্টটো পঢ়ক ইয়াত
ভিডিঅ’টোত পোহৰেৰে উদ্ভাসিত হৈ থকা কোনোবা চৌহদৰ বেৰ এখন দেখা গৈছে আৰু মানুহ যেন আকৃতি এটাক কাষৰ গছ এডালৰ পৰা নামি অহা দেখা গৈছে । এই আকৃতিটো যেতিয়া নামি আহি বেৰখনৰ কাষ পায়হি ঠিক তেনেতেই ভিডিঅ’টো ৰেকৰ্ড কৰি থকা মানুহজনে “মা কসম, ভাগ ভাগ” বুলি হিন্দীত চিঞঁৰি উঠে আৰু ভিডিঅ’টো সেইখিনিতেই অন্ত পৰে ।
আচলতে অসমৰ গুৱাহাটী মেডিকেল কলেজ আৰু হস্পিটেলক কেন্দ্ৰ কৰি এনেবোৰ বহুতো কাহিনী প্ৰায়ে শুনিব পোৱা যায় । বিশেষকৈ ইয়াৰ অৱস্থিতি যিহেতু গছ গছনিৰে ভৰা পাহাৰৰ ওপৰৰ এক নিৰ্জন ঠাইত ।
অলপ বিচাৰ খোচাৰ কৰি আমি গুৱাহাটী মেডিকেল কলেজৰ ওচৰত ভূত ওলাইছে বুলি যোৱা মাহটোৰ ভিতৰত কেইবাবাৰো এই ভিডিঅ’টো ইউটিউবত আপলোড হোৱা দেখা পালোঁ ।
ইউটিউব ভিডিঅ’টো চাওক ইয়াত আৰু ইয়াত
সংৰক্ষিত পোষ্ট চাওক ইয়াত
আজিৰ বিজ্ঞান প্ৰযুক্তিৰ যুগত ভূত বোলা বস্তু যে একো নাই সেয়া কোৱাটো নিষ্প্ৰয়োজন কিন্তু এই ভিডিঅ’টো সঁচাকৈ গুৱাহাটীৰ হয় নে?
আমি এই বিষয়ে জানিবলৈ চেষ্টা কৰিলোঁ ।
প্ৰণালী
আমি বিশেষ ছফ্টৱেৰৰ সহায়ত ভিডিঅ’টো কীফ্ৰেমছত বিভক্ত কৰিলোঁ আৰু গুগলত ৰিভাৰছ ইমেজ ছাৰ্চ কৰিলোঁ ফলত আমি ২৬ আগষ্ট, ২০১৯ তাৰিখে ইউটিউবত এই একেটা ভিডিঅ’ আপলোড হোৱা দেখা পালোঁ । প্ৰভ চাউলা নামৰ এটা প্ৰফাইলৰ পৰা আপলোড হোৱা ভিডিঅ’টো উত্তৰাখণ্ড ৰাজ্যৰ দেহৰাডুনৰ প’ন্ধা নামৰ এখন ঠাইৰ হয় বুলি দাবী কৰা হৈছে আৰু ভিডিঅ’টো ২০০০তকৈ অধিক বাৰ দৰ্শন কৰা হৈছে ।
ইউটিউব ভিডিঅ’টো চাওক ইয়াত
সংৰক্ষিত পোষ্ট চাওক ইয়াত
ভিডিঅ’টোৰ বিবৰণত লিখা হৈছে “আচলতে মই ৰাস্তাত ৰাতি খোজ কাঢ়ি গৈ আছিলোঁ আৰু মই এজনী মুখ পোৰা মাইকী মানুহক গছ এজোপাৰ ওপৰত উঠি চিঞঁৰি থকা দেখা পালোঁ আৰু তেতিয়াই মই আৰু মোৰ বন্ধুৱে সেই ঠাইৰ পৰা পলাবলৈ সিদ্ধান্ত ললোঁ…সেই ঠাই টুকুৰা হ’ল কেম্ব্ৰিজ স্কুল-প’ন্ধা.”
ৰিভাৰছ ইমেজ ছাৰ্চৰ ফলত আমি আৰু দেখিলোঁ যে এই ভিডিঅ’টো আচলতে যথেষ্ট পুৰণি আৰু এই একেটা ভিডিঅ’ ২৩ ফেব্ৰুৱাৰী, ২০১৮ তাৰিখে ইউটিউবত “কেআইআইটি ইউনিভাৰ্চিটিত ভূত” বুলি আপলোড কৰা হৈছে ।
ইউটিউব ভিডিঅ’টো চাওক ইয়াত
সংৰক্ষিত পোষ্ট চাওক ইয়াত
এই বিষয়ে আৰু নিশ্চয়তা লাভ কৰিবলৈ আমি ভঙাগড় থানাৰ (লোকেল পুলিচ থানা) ভাৰপ্ৰাপ্ত বিষয়া খৰ্গেশ্বৰ ৰাভাৰ লগত যোগাযোগ কৰিলোঁ । তেখেতে আমাক জনালে যে ভিডিঅ’টো গুৱাহাটী মেডিকেল কলেজৰ ওচৰৰ টিভি টাৱাৰৰ কোনোমতেই নহয় ।
ফলাফল
এই দুটা ইউটিউব লিংকে প্রমাণ কৰে যে উপৰোক্ত ভিডিঅ’টো গুৱাহাটীৰ মেডিকেল কলেজৰ ওচৰৰ টিভি টাৱাৰৰ নহয় বৰঞ্চ এই ভিডিঅ’টোৰ উৎপত্তি অসমৰ বাহিৰত । লোকেল পুলিচ বিষয়াজনৰ উক্তিয়ে এই বিষয়ে নিশ্চয়তা প্রদান কৰিলে ।

Title:এইটো সঁচাকৈ গুৱাহাটী মেডিকেল কলেজৰ ওচৰত ওলোৱা ভূতৰ ভিডিঅ’ নেকি?
Fact Check By: Manjori BorkotokyResult: False